আঞ্চলিক সংবাদ

June 1, 2024 8:15 PM

views 35

ৰাজ্যিক পৰিবহন কর্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্র শ‍ইকীয়াৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

ৰাজ্যিক পৰিবহন কর্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্র শ‍ইকীয়াৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী আজি সন্থাৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত পালন কৰা হয়। শ্রমিক নেতা তথা প্রাক্তন বিধায়ক প্রয়াত শ‍ইকীয়াৰ মৃত্যু বার্ষিকী উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে শ্রদ্ধাঞ্জলি অনুষ্ঠানবো আয়ো...

June 1, 2024 8:12 PM

views 37

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক সজাগতা সভা

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক মণ্ডলী আৰু জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত সম্পন্ন হোৱা এই সভাত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া মুখ্য বক্তা হিচা...

June 1, 2024 8:08 PM

views 40

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ প্রতিনিধি দলৰ শিশু গৃহ পৰিদৰ্শন আৰু পর্যালোচনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ এটা প্রতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইৰ শিশু গৃহ পৰিদৰ্শন কৰি শিশু সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ পর্যালোচনা কৰি বিশেষ প্রতিবেদন প্রস্তুত কৰিছে। সমিতিৰ সদস্য ববিতা শ‍ইকীয়া, সুনন্দা দাস আৰু সুবোধ দাসে আজি গোৱালপাৰা জিলাৰ জি ভি এছ শিশু গৃ...

June 1, 2024 8:04 PM

views 31

অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন...

June 1, 2024 8:02 PM

views 39

ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি অভিযান চলাই ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা হেবোইন জব্দ কৰা হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আজি নুমলিগড় অঞ্চলৰ দৈগ্ৰঙৰ পৰা এটা আন্তৰাষ্ট্ৰীয় মাদক দ্রব্য সৰবৰাহকাৰী চক্র উৎখাত কৰে। ...

June 1, 2024 7:58 PM

views 55

ভোটগণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ ৫০ খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগ্রহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ভোটগণনাৰ বাবে কোঠাসমূহ সাজু কৰি...

June 1, 2024 6:42 PM

views 37

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সপ্তম প্রতিষ্ঠা দিৱস উদযাপন

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সপ্তম প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। এই অনুষ্ঠানত মাজুলী, কিছু অনালোচিত দিশ শীর্ষক বিষয়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য তথা ইতিহাসবিদ ড° ডম্বকধৰ নাথে বক্তৃতা দিয়ে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শীৰ্ষ গীতটি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্...

June 1, 2024 6:40 PM

views 30

গোলাঘাটৰ সৰুপথাৰ উৰিয়ামঘাটত দুটা পৰিয়ালৰ ৮ জন লোক বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ

গোলাঘাট জিলাৰ সৰুপথাৰ উৰিয়ামঘাটৰ দুটা পৰিয়ালৰ ৮ জন লোকে বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ হোৱাৰ ফলত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন লোককেইজনৰ এজনৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰ...

June 1, 2024 6:38 PM

views 41

বৰাক উপত্যকাত বানত ক্ষতিগ্রস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ অতিৰিক্ত দল প্ৰেৰণ

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলা বানৰ কবলত পৰিছে। বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কা...

June 1, 2024 6:16 PM

views 29

চলিত পর্যটন বৰ্ষৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পর্যটন বৰ্ষৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্রকাশ কৰা মতে, এই সন্দৰ্ভত আজি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্রবেশদ্বাৰ ৫ জুনত বন্ধ কৰা হ'ব বুলি জাননী দিয়া হৈছি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।