আঞ্চলিক সংবাদ

February 15, 2025 11:42 AM

views 18

৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ সামৰণি; শীৰ্ষস্থানত ছাৰ্ভচেছ, ৩৪টা পদকেৰে ২৪সংখ্যক স্থানত অসম

উত্তৰাখণ্ডৰ হল্ডৱানীত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ কালি সামৰণি পৰে। এই ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জসহ মুঠ ৩৪টা পদকেৰে অসম পদক তালিকাৰ ২৪ সংখ্যক স্থানত থাকে। এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছাৰ্ভিচেছে ৬৮টা সোণ, ২৬টা ৰূপ আৰু ২৭ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২১ টা...

February 15, 2025 11:40 AM

views 14

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৫ দশমিক ১ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ দশমিক ৬ ডিগ্রী চেলছিয়াছৰ আশে-পাশে হ'ব পাৰে বুলি বৰঝাৰৰ ...

February 15, 2025 11:38 AM

views 36

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয় আৰু স্পীয়েৰৰ উদ্যোগত অহা ১৮-১৯ ফেব্ৰুৱাৰীত শৈক্ষিক মেলা

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয় আৰু স্পীয়েৰৰ উদ্যোগত অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে শৈক্ষিক মেলাৰ আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুৰাগীৰ বাবে উল্লেখযোগ্য হিচাপে আয়োজিত এই মেলাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ একত্ৰিত হ'ব। শৈক্ষিক মেলা ২০২...

February 15, 2025 11:37 AM

views 14

মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি, ক্ষমতা আহৰণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে দেশৰ নাৰী শক্তি আকাংক্ষা, উপলব্ধি আৰু অৱদানৰ বাবে আগবাঢ়ি গৈছে। ৰাষ্ট্ৰপতিয়ে মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু এই সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি আৰু ক্ষমতা আহৰণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি কৰ্ণাটকৰ বেংগালুৰুত দা আৰ্ট অৱ লিভ...

February 14, 2025 9:10 PM

views 33

দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২১৮ অনুচ্ছেদৰ অধীনত শ্রীজৈনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচ...

February 14, 2025 8:14 PM

views 28

কথাশিল্পী শীলভদ্র জন্ম শতবার্ষিকী উপলক্ষে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত মনোজ্ঞ আলোচনাচক্র

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সৌজন্যত সাহিত্য একাডেমীৰ উদ্যোগত আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত কথাশিল্পী শীলভদ্র জন্ম শতবার্ষিকী উপলক্ষে এটি মনোজ্ঞ আলোচনাচক্র অনুষ্ঠিত হয়। অসমীয়া বিভাগৰ সহযোগত আয়োজিত এই আলোচনাচক্ৰত শীলভদ্ৰৰ জীৱন আৰু সাহিত্য বিষয়ক আলোচনা অনুষ্ঠিত হয়। সাহিত্য একাডেমীৰ ক্ষেত্ৰীয় সমন্ব...

February 14, 2025 8:12 PM

views 41

বানৰ সময়ত ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত প্রথমখন প্রস্তুতিমূলক সভা

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ বানৰ সময়ত ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত প্রথমখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৰাজহচক্ৰ বিষয়াসকলক তেওঁলোকৰ ৰাজহ অঞ্চলসমূহত বান প্ৰতিৰোধৰ বাবে কাৰ্য পৰিকল্প...

February 14, 2025 8:10 PM

views 19

কুম্ভমেলালৈ গৈ পথ দুৰ্ঘটনাত গুৱাহাটীৰ তেতেলীয়াৰ আনন্দ জ্যোতি মহন্ত নামৰ এজন লোকৰ মৃত্যু

প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলালৈ গৈ এটা পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ তেতেলীয়াৰ আনন্দ জ্যোতি মহন্ত নামৰ এজন লোকৰ মৃত্যু হৈছে। ১১ ফেব্ৰুৱাৰীৰ দিনা পৰিয়ালৰ অন্যান্য সদস্যৰ এটা ৭ জনীয়া দল তেতেলিয়াৰ পৰা এখন বাহনেৰে প্ৰয়াগৰাজ অভিমুখে ৰাওনা হৈছিল। দলটো কুম্ভমেলাত স্থআন কৰি উভতি অহাৰ পিছত আজি পুৱা প্...

February 14, 2025 8:08 PM

views 25

গণেশগুৰিৰ কালি মন্দিৰৰ সমীপত পদপথৰ ফুলৰ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ এজন যুৱকৰ

গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেঁতুৰ পাৰ্শ্বৱৰ্তী কালি মন্দিৰৰ নিচেই সমীপতে আজি এজন যুৱকে পদপথৰ এগৰাকী ফুলৰ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ কৰে। আক্ৰমণকাৰী যুৱকজন পদপথৰ ব্যৱসায়ীক ফুল পুলিৰ যোগান ধৰা বুলি জানিব পৰা গৈছে। চুৰিৰ আঘাতত আহত ব্যৱসায়ীগৰাকীৰ নাম ভূপেন বর্মন। গুৰুতৰভাৱে আঘাতপ্রাপ্ত ভূপেন বৰ্মন সম্প্রতি...

February 14, 2025 8:05 PM

views 27

এপ্ৰিলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এপ্ৰিলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। বৰপেটাত এটা দলীয় কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে পঞ্চায়ত নির্বাচন পাতিবলৈ সাজু হৈ আছে। পৰীক্ষাৰ অন্ত হলেই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।