আঞ্চলিক সংবাদ

March 2, 2025 9:37 PM

views 25

তিনিচুকীয়াৰ সমগ্ৰ শিক্ষা কোষে ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ

তিনিচুকীয়াৰ সমগ্ৰ  শিক্ষা কোষে আজি ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ কৰে। এই উপলক্ষে পি এম শ্রী আদর্শ প্রাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনৰ মুঠ ১৬২ জন বিশেষভাৱে সক্ষম ছাত্র-ছাত্ৰীক হুইল চেয়াৰ, ট্রাই চাইকেল, শিকন-শিক্ষণ সঁজুলি আদি প্ৰদান কৰা হয়। ইয়াৰে ৫৯ গৰাকী ছাত...

March 2, 2025 9:35 PM

views 41

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে পৰিচালনা সমিতিসমূহ গঠন

চিৰাং জিলাৰ বিজনীত অহা বছৰৰ জানুৱাৰীত হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে আজি পৰিচালনা সমিতিসমূহ গঠন কৰা হয়। এই অধিবেশনৰ বাবে ২৪খন উপ-সমিতিৰ লগতে ৯১জন সদস্যৰে আদৰণি সমিতিখন গঠন কৰা হয়। ১৯৫২ চনৰ ১৬ নৱেম্বৰত চিৰাং জিলাৰ ৰনচাই ধামত বড়ো সাহিত্য সভাৰ জন্ম হৈছিল। এইবাৰ অধিবেশনৰ ...

March 2, 2025 9:23 PM

views 12

ছয়মাইলৰ উৰণ সেতু আৰু ডাউন টাউন হাস্পতালৰ মাজত সোমবাৰৰ পৰা নিশাৰ ভাগত যান-বাহনৰ চলাচলত প্ৰশাসনৰ বাধা আৰোপ

গুৱাহাটী মহানগৰীৰ ছয়মাইলত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কেতবোৰ প্ৰয়োজনীয় কাম-কাজ সূচলভাবে সম্পন্ন কৰাৰ উপৰি অঞ্চলটোৰে আহ-যাহ কৰা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ উপ-আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ নিশা  ১১.৩০ বজাৰ পৰা পুৱতি নিশা  ৪-৩০ ব...

March 2, 2025 9:14 PM

views 12

ভাৰতীয় অলিম্পক সন্থাৰ সভাপতি এথলিট পি টি ঊষা ডিব্ৰুগড়ত উপস্থিত

ভাৰতীয় অলিম্পক সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্রখ্যাত এথলিট পি টি ঊষা আজি ডিব্ৰুগড়লৈ আহিছে। ডিব্ৰুগড় জিলা সন্থাৰ উদ্যোগত আউটড'ৰ ষ্টেডিয়ামত দৌৰবিদগৰাকীক আজি সম্বর্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ এথলীটগৰাকীক তেওঁৰ উপস্থ...

March 2, 2025 9:07 PM

views 11

যশস্বী বাঁহীবাদক, লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যু বার্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

যশস্বী বাঁহীবাদক, লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ষষ্ঠ দশকতে বাঁহীৰে অগণন শ্রোতা-দর্শকক মুগ্ধ কৰা প্ৰভাত শৰ্মাই বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাকে ধৰি বহু শিল্পীৰ গীতত বাঁহীৰ সুৰ তুলিছিল। থলুৱা বাদ্যযন্ত্ৰক লৈ ...

March 2, 2025 9:02 PM

views 259

জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰ কুমাৰ আগৰৱালাৰ পূণ্যতিথিত ৰাজ্যবাসীৰ শ্ৰদ্ধা নিবেদন

জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম, প্ৰতিমাৰ খনিকৰ অভিধাৰে বিভূষিত কবি চন্দ্ৰ কুমাৰ আগৰৱালাৰ পূণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমীয়া সাহিত্যত যুগৰ সূচনাকাৰী জোনাকী আলোচনীৰ প্ৰথমগৰাকী সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আগৰৱালাৰ জোনাকী কাকতত প্ৰকাশিত...

March 2, 2025 8:57 PM

views 12

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুলসমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুল সমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে কালি সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে প্রাদেশিকৃত হাইস্কুলসমূহত প্রধান...

March 2, 2025 6:54 PM

views 31

১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব

৯ দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ১১ আৰু ১২ মা...

March 2, 2025 12:49 PM

views 35

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰত কাৰ্যকৰী  হৈ উঠিব

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰতে কাৰ্যকৰীভাৱে সাজু হৈ উঠিব। এই সংহত টার্মিনেলে অসমৰ যাতায়ত ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰদৰ্শনীত বিমান বন্দৰৰ প্ৰকল্পটোৰ ন...

March 2, 2025 12:41 PM

views 16

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ চতুর্থ মৃত্যু বার্ষিকী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশিষ্ট বাঁহীবাদক, লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ চতুর্থ মৃত্যু বার্ষিকী পালন কৰা হৈছে। ২০২১ চনৰ ২ মাৰ্চত ৰাজ্য চৰকাৰৰ তথ্য আৰু সংযোগ বিভাগৰ প্ৰাক্তন ষ্টাফ আর্টিষ্ট প্রভাত শৰ্মাৰ মৃত্যু হৈছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰিছিল। ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।