আঞ্চলিক সংবাদ

March 10, 2025 11:55 AM

views 52

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা কৰা হৈছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে। সেই অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট ৰাণা প্রতাপ কলিতালৈ আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটা। অসম সৌৰভ ব...

March 9, 2025 9:19 PM

views 11

বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নির্বাকৰ চতুৰ্থ সংস্কৰণ উন্মোচন

মুকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰকাশ হোৱা বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নির্বাকৰ চতুৰ্থ সংস্কৰণ আজি উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা, অসম চৰকাৰৰ পৰিবহন বিভাগৰ বিশেষ কর্তব্যৰত বিষয়া গৌতম দাস, কটন বিশ্ববিদ্যালয়ৰ গণ ...

March 9, 2025 9:13 PM

views 64

অসমৰ অনুৰাগ শ‍ইকীয়াৰ ২০২৫ বৰ্ষৰ আইফা ডিজিটেল শ্রেষ্ঠ শীৰ্ষ সংগীতৰ সন্মান লাভ

জয়পুৰত অনুষ্ঠিত ২০২৫ বৰ্ষৰ আইফা ডিজিটেল পুৰস্কাৰ প্ৰদান অনুষ্ঠানত অসমৰ অনুৰাগ শ‍ইকীয়াই শ্রেষ্ঠ শীৰ্ষ সংগীতৰ সন্মান লাভ কৰিছে। মিছমেটছড শীৰ্ষক ডিজিটেল ধাৰাবাহিকখনৰ তৃতীয় সংস্কৰণৰ ইস্ক হে শীৰ্ষক গীতটোৰ বাবে অসমীয়া সংগীত পৰিচালকজনলৈ এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে শ্রেষ্ঠ শীর্ষ সংগীত শিতানত শ...

March 9, 2025 9:02 PM

views 25

গাৰো মাধ্যমৰ বাবে চৰকাৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

গোৱালপাৰাত অনুষ্ঠিত গাৰো সাহিত্য সভাৰ ২৩ সংখ্যক দ্বি-বার্ষিক অধিৱেশনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে গাৰো ভাষা-সাহিত্য সামগ্রিক উন্নয়নৰ বাবে গাৰো সাহিত্য সভাই পালন কৰা ভূমিকাৰ শলাগ লয়। বর্তমান অষ্টম শ্রেণী প্ৰৱৰ্তিত গাৰো ভাষা মাধ্যমৰ ...

March 9, 2025 8:58 PM

views 46

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্র প্রদান

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্র প্রদান কৰে। ৰাজ্য চৰকাৰে স্বচ্ছ আৰু যোগ্য নিযুক্তিৰ দিশত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি নতুন প্ৰজন্মৰ মাজত আশাৰ বতৰা জগাইছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ সকলো সহকাৰী অধ্যাপ...

March 9, 2025 8:46 PM

views 40

অসম সাহিত্য সভাই তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাত তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিবলৈ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে সভাই কেন্দ্ৰ, জিলা আৰু সমজিলা পৰ্যায়ত গঠিত কোষসমূহত প্ৰশাসনীয...

March 9, 2025 8:40 PM

views 23

হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ কাইলৈ অন্তিমখন পূৰ্ণাংগ বাজেট

বিত্তমন্ত্রী অজন্তা নেওগে কাইলৈ বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। এইখনে হ'ব ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বিত্তমন্ত্রী অজন্তা নেওগে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে চৰকাৰে এখন ভাল বাজেট উপস্থাপনৰ কাৰণে...

March 9, 2025 8:15 PM

views 23

মণিপুৰৰ কাংপোপি জিলাত কুকি-জো সংগঠনৰ অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান

মণিপুৰৰ কাংপোপি জিলাত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰাৰ লগতে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত হোৱাৰ প্ৰতিবাদত কুকি-জো সংগঠনে অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান জনাইছে। ইম্ফল-ডিমাপুৰ পথকে ধৰি জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ৰাজ্যখনত কালি সংঘটিত হিংসাত্মক প্রতিবাদত এ...

March 9, 2025 7:59 PM

views 42

ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী নাড্ডাৰ ঘোষণা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে ঘোষণা কৰে। আগৰতলাৰ স্বামী বিবেকানন্দ গ্রাউণ্ডত আয়োজিত এখন দলীয় সভাত ভাষণ দি...

March 9, 2025 7:25 PM

views 25

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিচাযুক্ত দ্ৰব্যসহ কেইবাজনো সৰবৰাহকাৰীক আৰক্ষীৰ আটক

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি নিচাযুক্ত দ্ৰব্যসহ কেইবাজনো সৰবৰাহকাৰীক আটক কৰিছে। এটা গোপন সূত্ৰৰ পম খেদি অভিযান চলাই চতিয়া আৰক্ষীয়ে মাজবাটৰ পৰা বিশ্বনাথলৈ অবৈধভাৱে সৰবৰাহ কৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চতিয়াৰ নাগশংকৰৰ সন্মুখত ৰাজহুৱা পৰিবহণ ব্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।