আঞ্চলিক সংবাদ

March 11, 2025 8:08 PM

views 38

ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছেঃ মুখ্যমন্ত্ৰী

অসম বিধানসভাত আজি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছে। ২০১৫-১৬ বৰ্ষত এই ব্যয় ২ হাজাৰ ৯৫১ কোটি আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ২৪ হাজাৰ ৯৬৪ কোটি টকালৈ...

March 11, 2025 6:11 PM

views 32

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত পুৱাতে সংঘটিত অগ্নিকাণ্ডত ৩ জন লোকৰ মৃত্যু

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত আজি নিচেই পুৱাতে সংঘটিত এটা অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, কেইজনমান শ্রমিকে সাজি লোৱা অস্থায়ী শিবিৰত পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্রায় ৪৫ মিনিটতৰ অন্তত অগ্নিনির্বাপন বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সমৰ্থ হয়। ঘটনাটোত এ...

March 11, 2025 1:18 PM

views 37

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত কৃষক মেলা ২০২৫ অনুষ্ঠিত

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত কৃষক মেলা ২০২৫ অনুষ্ঠিত হৈছে। মাজুলী জিলা কৃষি বিভাগৰ অধীনত জিলা কৃষি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই মেলাত জিলাখনৰ ভালেমান কৃষক আৰু কৃষি কাৰ্যৰ লগত জড়িত লোক উপস্থিত আছে। মেলাখন গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে।

March 11, 2025 1:16 PM

views 27

সমাগত হোলীৰ সময়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচল

সমাগত হোলী আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱে মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে'ল চলাচল কৰোৱাব। ইতিমধ্যে নাৰেংগী-গোৰখপুৰ জংছন-নাৰেংগী, কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টার্মিনেল হৈ কামাখ্যা অভিমুখী ৰে'লৰ লগতে মুঠ ২৬ টা যাত্ৰাৰ বাবে বিশেষ ৰে...

March 11, 2025 11:58 AM

views 25

ৰকিবুল হুছেইনক চামগুৰিত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক যোৱা ২০ ফেব্ৰুৱাৰীত চামগুৰিত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি অসম বিধানসভাত ৰাজ্যৰ গৃহ বিভাগে এই তথ্য প্ৰকাশ কৰে। এই ঘটনাত ২২ জন অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সাংসদগৰাকীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত তিনিটা গোচৰ ৰুজু কৰা হৈছ...

March 11, 2025 1:14 PM

views 20

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰত পৰহিলৈৰ পৰা চাৰিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধ যাত্ৰা, ১৪ আৰু ১৫ মাৰ্চত ভৰ দৌল আৰু ১৬ মা...

March 11, 2025 11:54 AM

views 30

ৰাজ্যখনৰ ১০০০ গৰাকী যুৱ লেখকলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য

 অসম চৰকাৰে সৃষ্টিশীল বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ৰ লেখাৰে বৰঙণি আগবঢ়োৱা ৰাজ্যখনৰ এহেজাৰ গৰাকী যুৱ লেখকলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব। কালি বিত্তমন্ত্রী অজন্তা নেওগে বাজেট ভাষণত এই বিষয়ে প্ৰকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে চলিত বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। এই অনুসৰি সাহিত্য চৰ্চা...

March 11, 2025 11:52 AM

views 46

অসম বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটক লৈ শাসক-বিৰোধীৰ মিশ্রিত প্ৰতিক্ৰিয়া

অসম বিধানসভাত কালি দাখিল হোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটক লৈ শাসক-বিৰোধীৰ মিশ্রিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। শাসনধিস্থিত বিজেপিৰ লগতে মিত্রদল অসম গণ পৰিষদে বাজেটখনক জনমুখী আখ্যা দিছে। বাজেটখনে জনসাধাৰণৰ জীৱন যাত্ৰা সহজ কৰি ৰাজ্যখনৰ উন্নয়নক নতুন গতি দিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প...

March 11, 2025 11:51 AM

views 33

মহাকাশত অসমৰ বাবে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিবলৈ বাজেটত সিদ্ধান্ত

মহাকাশত অসমে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপনৰ বাবে বাজেটত লোৱা প্ৰস্তাৱ সন্দৰ্ভত কালি বিত্ত মন্ত্ৰীয়ে সদৰি কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰৰ সহযোগত আৰ্থ-সামাজিক প্রকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসমে আছাম ছেট নামৰ এই কৃত...

March 10, 2025 8:50 PM

views 25

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে। এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰায় ৫ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।