সমাগত হোলী আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে‘লৱে মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে‘ল চলাচল কৰোৱাব। ইতিমধ্যে নাৰেংগী-গোৰখপুৰ জংছন-নাৰেংগী, কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টার্মিনেল হৈ কামাখ্যা অভিমুখী ৰে‘লৰ লগতে মুঠ ২৬ টা যাত্ৰাৰ বাবে বিশেষ ৰে‘লৰ চলাচলৰ বিষয়ে ৰে‘লৱে সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ উপৰি ডিব্ৰুগড়ৰ পৰা জয়নগৰ হৈ পুনৰ ডিব্ৰুগড়ত উপস্থিত হ‘বলগীয়া আৰু ডিব্ৰুগড়ৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰি পুনৰ ডিব্ৰুগড়লৈ চাৰিটা যাত্ৰাৰ বাবে ৰে‘ল চলাচল কৰোৱা হ‘ব বুলি উত্তৰ-পূব সীমান্ত ৰে‘লৱেৰ সূত্ৰই প্ৰকাশ কৰিছে।
Site Admin | March 11, 2025 1:16 PM | North east railway
সমাগত হোলীৰ সময়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচল
