আঞ্চলিক সংবাদ

March 19, 2025 8:46 PM

views 33

দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি শীঘ্ৰেই আৰম্ভ কৰাৰ আশ্বাস ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

দৰং জিলাক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা সম্পৰ্কত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই কালি নতুন দিল্লীৰ ৰে'ল ভৱনত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু দৰংবাসীৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয...

March 19, 2025 8:26 PM

views 31

২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এই নিৰ্বাচনত...

March 19, 2025 7:37 PM

views 16

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠক

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত সপ্তম অসম বিত্ত আয়োগে আজি ডিব্ৰুগড়ত জিলাখনৰ স্থানীয় নিকায়, পৌৰ নিগম, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত আয়োগে ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২০২৪ বিত্তীয় বৰ্ষলৈকে জ...

March 19, 2025 7:34 PM

views 28

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত...

March 19, 2025 7:23 PM

views 20

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা প্ৰদান

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক আজি শিৱসাগৰ জিলাৰ বৰ্ডিং খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। মিচিং আগম কেবাঙে শ্ৰী পাদুনৰ দীৰ্ঘকালীন সাধনা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়ায়। শিৱসাগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা ...

March 19, 2025 6:56 PM

views 23

এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ ভিতৰত আৰু ৩ লাখ হিতাধিকাৰীলৈ আবাস গৃহ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমান চৰকাৰে নোপোৱা মানুহখিনিৰো ঘৰৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ...

March 19, 2025 6:12 PM

views 37

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩,৮৮,৩৫৮ হিতাধিকাৰীক গৃহ অনুমোদন পত্র প্ৰদান মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্র কেন্দ্রীয়ভাৱে প্ৰদান কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ...

March 19, 2025 5:40 PM

views 34

লেটিন আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছেঃ পৱিত্ৰ মাৰ্ঘেৰিটা

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শক্তিশালী আৰু ন্যায়সংগত সহযোগিতা স্থাপনৰ উদ্দেশ্যে গোলকীয় সমন্বয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ গ্ল’বেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে অনুন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আজি ৰায়ছি...

March 19, 2025 12:38 PM

views 18

অসম-মেঘালয় সীমান্তত বন বিষয়াক অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত যোৱানিশা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী বন বিষয়াক আক্ৰমণ কৰে। জিলাখনৰ তাপাত অঞ্চলত কালি বিয়লি খান্দুলিৰ খণ্ড বন বিষয়া জয়ন্তৰাম ক্ৰ'ৱে এটি সাতজনীয়া দলসহ তহল দি নিশা বন বিভাগৰ কাৰ্যালয়লৈ উভতি অহাৰ পাছত দুৰ্বৃত্তই বিষয়াগৰাকীৰ বাহনত আক্ৰমণ কৰি পলায়ন কৰে।...

March 19, 2025 12:35 PM

views 23

কাৰ্বি আংলঙত সৈনিক স্কুল নিৰ্মাণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এশ কোটি টকাৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কাৰ্বি আংলং জিলাৰ লাংৱকুত সৈনিক স্কুল নিৰ্মাণৰ বাবে এশ কোটি টকাৰ অনুমোদন দিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰে। ৩৩৫ কোটি ৮৭ লাখ টকাৰ মুঠ আৱণ্টনৰ পৰা এই ধনৰাশি মোকলাই দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। এই সৈনিক স্কুল নির্মাণে ৰাজ্যখনৰ শিক্ষাৰ্থীস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।