আঞ্চলিক সংবাদ

February 20, 2025 6:12 PM February 20, 2025 6:12 PM

views 14

কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছেঃ মুখ্যমন্ত্রী

অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই আলোচনাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে কোকৰাঝাৰত অনুষ্ঠিত অধিবেশনে অখণ্ডিত অসমৰ বার্তা দিছে। লগতে...

February 20, 2025 12:22 PM February 20, 2025 12:22 PM

views 11

বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্র নির্মাতা ড° ভৱেন্দ্ৰনাথ শ‍ইকীয়াৰ আজি ওপজা দিন

বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্র নির্মাতা ড° ভৱেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। অনুভূতি সম্পন্ন আৰু মননশীল ৰচনাৰে অনুৰাগীসকলক আলোড়িত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃ...

February 20, 2025 12:17 PM February 20, 2025 12:17 PM

views 12

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকৰ পঞ্জীয়ন

সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকে পঞ্জীয়ন কৰিছে। সন্মিলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ শী...

February 19, 2025 7:56 PM February 19, 2025 7:56 PM

views 7

১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ'ত ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ আজি সামৰণিৰ দিনা কেইবাটাও শিতানত প্রতিযোগিতা অনুষ্ঠিত হয়। তাৰালাংছ'ৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা মহোৎসৱস্থলীত নিৰ্মাণ কৰা বিভিন্ন জ...

February 19, 2025 7:54 PM February 19, 2025 7:54 PM

views 15

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পাছত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিন ঘোষণা কৰা হ'ব বুলি ...

February 19, 2025 7:52 PM February 19, 2025 7:52 PM

views 11

যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৩০, ১১৫ জন বিদেশীক বহিষ্কাৰ কৰা হৈছে বুলি অতুল বৰাৰ প্ৰকাশ

অসম চুক্তিৰ ৬ নম্বৰ দফাত থকা অসমীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যে এতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ সন্দৰ্ভত এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হ'ব পৰা নাই। অসম বিধানসভাত আজি বিধায়ক আমিনুল ইছলামৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰি কয়, ...

February 19, 2025 7:50 PM February 19, 2025 7:50 PM

views 32

অসম বিধানসভাত শাসক-বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱৰ দাবীত সদন তিনিবাৰলৈ স্থগিত

অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হৈছে। এদিনৰ বিৰতিৰ মূৰত আজি অনুষ্ঠিত দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে বিৰোধী পক্ষৰ কেইবাগৰাকীও সদস্যই কয়লা ছিণ্ডিকেট, অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ, ডিটেনছন শিবিৰ আদি বিভিন্ন প্রসংগ উত্থাপন কৰিবলৈ চেষ্টা কৰে। অধ্যক্ষ বিশ্বজি...

February 19, 2025 7:48 PM February 19, 2025 7:48 PM

views 6

উমৰাংছ’ৰ কয়লা খনিৰ পৰা পাঁচজন শ্ৰমিকৰ গলিত মৃতদেহ উদ্ধাৰ

উমৰাংছ'ৰ তিন কিলো কয়লা খনিত যোৱা মাহত সংঘটিত শোকাৱহ দুৰ্ঘটনাত নিহত আৰু পাঁচজন শ্রমিকৰ গলিত মৃতদেহ আজি দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয়। আমাৰ হাফলঙৰ সংবাদদাতাই জনোৱা মতে যোৱা ৬ জানুৱাৰীত এন্দুৰৰ গাঁত সদৃশ খনিটোৰ আভ্যন্তৰলৈ পানী সোমোৱাৰ ফলত তাত কাম কৰি থকা কমেও ৯ জন শ্রমিক আবদ্ধ হৈ পৰে। তেওঁলোকক জীৱ...

February 19, 2025 7:00 PM February 19, 2025 7:00 PM

views 10

বুনিয়াদী শিক্ষাৰ মাধ্যম হব জনগোষ্ঠীয় ৬ টা ভাষা: ৰাজ্য চৰকাৰৰ ঘোষণা

ৰাজ্য চৰকাৰে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাছা আৰু দেউৰী ভাষাক জনগোষ্ঠীকেইটাৰ বসতিপ্রধান অঞ্চলসমূহত বুনিয়াদী শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ স্থানীয় ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত এয়া ৰাজ্য চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে আজি এই ব...

February 19, 2025 7:46 PM February 19, 2025 7:46 PM

views 13

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই শীর্ষ সন্মিলনে ৰাজ্যখনত অধিক বিনিয়ো...