আঞ্চলিক সংবাদ

February 24, 2025 12:01 PM February 24, 2025 12:01 PM

views 16

আকাশবাণীৰ পাব্লিক স্পীকত আজি ড° সুনীল পাণ্ডে আৰু মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত পুনৰ ব্যৱহাৰ আৰু আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত বৃত্তীয় অর্থনীতি তথা আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° সুনীল পাণ্ডে আৰু পৰিৱেশবিদ মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ...

February 23, 2025 8:41 PM February 23, 2025 8:41 PM

views 3

মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন খো খো খেলুৱৈ ধৰিত্ৰী বৰাৰ মৃত্যু

মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন খো খো খেলুৱৈ ধৰিত্ৰী বৰাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৩ বছৰ। দীৰ্ঘদিন ধৰি যকৃতকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। দৰং জিলাৰ মেনাপাৰা নিৱাসী ধৰিত্ৰীয়ে আন্তঃজিলা ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত কেইবাবাৰো...

February 23, 2025 8:30 PM February 23, 2025 8:30 PM

views 6

২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বোকাখাত গ্ৰন্থমেলাৰ আয়োজন

গোলাঘাট জিলাৰ বোকাখাতত অহা ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ আয়োজিত বোকাখাত গ্ৰন্থমেলাৰ বাবে উদ্যোক্তাসকলে প্রস্তুতি চলাইছে। আজি বোকাখাত জাতীয় বিদ্যালয়ত গ্ৰন্থমেলাৰ শীৰ্ষ গীত মুকলি আৰু ইয়াৰ চূড়ান্ত কার্যসূচী সম্পর্কে সংবাদমেলত উদ্যোক্তাসকলে অৱগত কৰে। গ্ৰন্থমেলাৰ প্ৰতিটো দিনতে সাহিত্য সন্মিলন, শিল্প চিন্...

February 23, 2025 8:21 PM February 23, 2025 8:21 PM

views 8

আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

আকাশবাণী নগাঁও কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাখনৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভালেসংখ্যক শিল্পী, কলা-কুশলীয়ে অংশ লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া, কৰ্মচাৰী তথা ...

February 23, 2025 8:18 PM February 23, 2025 8:18 PM

views 15

এন আই এল পিৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে শিক্ষা বিভাগৰ ১০৩৭ কোটি টকা ধাৰ্য

ৰাজ্যখনৰ শিক্ষা বিভাগে চিনাক্ত কৰা ১৫ বছৰৰ ঊৰ্ধৰ ৭ লাখ ১২ হাজাৰ নিৰক্ষৰ লোকক সাক্ষৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী, এন আই এল পিৰ অধীনত অভিযান চলি আছে। এই কাৰ্যসূচীৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে ১০৩৭ কোটি টকা ধাৰ্য কৰা ...

February 23, 2025 7:09 PM February 23, 2025 7:09 PM

views 10

বৰপেটা জিলাৰ সৰ্থেবাৰীত দুচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত পিতা-পুত্ৰৰ মৃত্যু

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ কামাৰপাৰাত আজি এখন দুচকীয়া বাহন আৰু কয়লা কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাত এহাল পিতা-পুত্ৰৰ থিতাতে মৃত্যু হয়। এই ঘটনাত পথৰ কাষত ৰৈ থকা অৱস্থাত এগৰাকী কিশোৰীসহ দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত দুয়োগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমদ চিকি...

February 23, 2025 7:00 PM February 23, 2025 7:00 PM

views 10

দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠান

দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে আজি গিল্ডৰ ৰংগশালাত অপু ভৰদ্বাজ ৰচিত মূল গল্প যা, গৈ আছোৰ আধাৰত ৰচিত এখন নাট মঞ্চস্থ কৰা হ'ব। লগতে কবি, সাহিত্যিক জীৱনানন্দ দাসৰ ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কবিগৰাকীৰ অপ...

February 23, 2025 6:55 PM February 23, 2025 6:55 PM

views 14

ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শ‍ইকীয়াৰ মৃত্যু

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা সাহিত্য একাডেমী বঁটা বিজয়ী ড০ নগেন শ‍ইকীয়াৰ পত্নী লাৱণ্য শ‍ইকীয়াৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শ‍ইকীয়াৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক ...

February 23, 2025 6:52 PM February 23, 2025 6:52 PM

views 13

গুৱাহাটীৰ সৰুসজাইত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা আজি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে আজিৰ অন্তিম আখৰাত উপস্থিত থাকে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ...

February 23, 2025 6:47 PM February 23, 2025 6:47 PM

views 13

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

দিশপুৰত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকে এডভান্টেজ আচাম দ্বিতীয় সংস্কৰণৰ সময়ত বুজাবুজিৰ চুক্তি অনুমোদন, ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ সৱলীকৰণ, চিকিৎসা বৃত্তিধাৰীৰ ব...