আঞ্চলিক সংবাদ

March 4, 2025 10:52 AM March 4, 2025 10:52 AM

views 17

৫৬ সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সপ্তাহত প্ৰখ্যাত এথলিট পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

● ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৬ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ অনুষ্ঠানত কালি প্ৰখ্যাত এথলিট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত এথলিটগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি কৰা ক্ৰীড়াৰ পৰিৱেশে আন্তঃৰাষ্ট্ৰীয় পৰ...

March 4, 2025 10:40 AM March 4, 2025 10:40 AM

views 4

দেশৰ ৮ ৰাজ্যৰ ২৮ খন নদীত চলোৱা জৰীপত মুঠ ৬,৩২৭ টা শিহুৰ অৱস্থিতি

■ দেশৰ ৮খন ৰাজ্যৰ মাজেৰে যোৱা ২৮ খন নদীত চলোৱা এটা জৰীপ অনুসৰি মুঠ ৬,৩২৭ টা শিহুৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰকে ধৰি নদীসমূহত ৬৩৫ টা শিহুৰ অৱস্থিতিৰে অসমে দেশৰ ভিতৰত চতুর্থ স্থান লাভ কৰিছে। ২০২০ চনত এই জৰীপ আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ গীৰ ৰাষ্ট্ৰ...

March 4, 2025 10:28 AM March 4, 2025 10:28 AM

views 14

ডিগবৈত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ

■ ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰু নৈৰ সমীপত কালি সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন আত্মসমৰ্পণকাৰী সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখযোগ্য যে,...

March 4, 2025 10:24 AM March 4, 2025 10:24 AM

views 17

ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত ‘অসমৰ চাহ’ৰ বিপনী স্থাপনৰ বাবে প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্রণ

● ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত ‘অসমৰ চাহ’ৰ এখন বিপনী স্থাপনৰ বাবে ৰাষ্ট্ৰপতিৰ সচিবালয়ে সৰভোগৰ বাসিন্দা প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্রণ জনাইছে। সমগ্র দেশকে ‘অসমৰ চাহ’ৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যেৰে যুৱ উদ্যমী প্ৰাঞ্জন কুমাৰ ৰয়ে ‘ৰিভাৰ বেঁকী টি কোম্পানী'ৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। অভিযন্...

March 4, 2025 10:10 AM March 4, 2025 10:10 AM

views 12

অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তিৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব

■ ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজিৰ পৰা পৰ্যায়ক্রমে ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। সেইদৰে অহা ৬ মাৰ্চত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক...

March 4, 2025 10:04 AM March 4, 2025 10:04 AM

views 13

ছত্তিশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব: ৰমেন ডেকা

● ছত্তিশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্রতিষ্ঠা কৰা হ'ব বুলি ৰাজ্যখনৰ ৰাজ্যপাল তথা পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই কালি গুৱাহাটীত এখন সংবাদমেলত প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে সদৰি কৰা মতে ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত ২ কোটি টকা ধাৰ্য্য ...

March 4, 2025 9:59 AM March 4, 2025 9:59 AM

views 3

গুৱাহাটীৰ চাৰিওফালে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ পোষকতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিশা চলিত বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত গুৱাহাটীৰ চাৰিওফালে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বিষয়তো আলোচনা কৰা হয়। তদুপৰি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে।

March 4, 2025 9:54 AM March 4, 2025 9:54 AM

views 4

যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে: মুখ্যমন্ত্রী

যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে আৰু এই দলংখনৰ বাবে এতিয়ালৈ প্ৰায় ২৮০ কোটি ৬৬ লাখ টকা ব্যয় কৰা হৈছে। লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত বিধায়ক ভৰত চন্দ্ৰ নৰহৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে।...

March 4, 2025 9:43 AM March 4, 2025 9:43 AM

views 15

ৰাজ্যত ক্ৰমাৎ‍ অপৰাধমূলক ঘটনা হ্ৰাস পাইছে: মুখ্যমন্ত্রী

ৰাজ্যত ক্ৰমাৎ‍ হত্যা, ধর্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। গৃহ বিভাগৰ দায়িত্বত থকা ড° শৰ্মাই আইন-শৃংখলা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত বিগত কেইবাটাও বছৰৰ অপৰাধমূলক ঘটনাৰ তথ্য দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত ধৰ্ষণৰ ঘ...

March 3, 2025 8:26 PM March 3, 2025 8:26 PM

views 4

বৰ্তমানৰ চৰকাৰ দিনত যিদৰে স্বচ্ছ নিযুক্তি প্ৰদান কৰা হৈছেঃ মুখ্যমন্ত্ৰী

অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। বিধায়ক মানৱ ডেকাই উত্থাপন কৰা এই সম্পৰ্কীয় প্ৰস্তাৱটোত অধ্যক্ষই আলোচনাৰ বাবে গ্ৰহণ কৰে। শাসক আৰু বিৰোধী দলৰ কেইবাগৰাকীও সদস্যই এই আলোচনাত অংশগ্ৰহণ কৰি অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ নিয...