আঞ্চলিক সংবাদ

April 20, 2025 8:24 PM

views 14

শিলচৰ ৰে’ল ষ্টেচনত অভিযান চলাই ৰে’লৱে সুৰক্ষা বাহিনীৰ ৪৫০টা ভেকুলী উদ্ধাৰ

বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে'লৱেই গ্ৰহণ কৰি অহা গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে ৰে'লৱেৰ লামডিং সংমণ্ডলৰ সুৰক্ষা বাহিনীয়ে অলপতে শিলচৰ ৰে'ল ষ্টেচনত অভিযান চলাই ৪৫০টা ভেকুলী উদ্ধাৰ কৰে। বাহিনীটোৱে প্লেটফৰ্মৰ সমীপত গৰাকীবিহীন তিনিটা মোনাত এই ভেকুলীসমূহ উদ্ধাৰ কৰে। সুৰক্ষা বাহিনীয়ে ভ...

April 20, 2025 8:16 PM

views 33

দৰং জিলাৰ ছিপাঝাৰত মুক্তিযুঁজাৰু হৰেন্দ্ৰনাথ চহৰীয়াৰ জন্মশতবার্ষিকী উপলক্ষে স্মৃতিচাৰণ

দৰং জিলাৰ ছিপাঝাৰ ভুক্তাবাৰী শীতলাবাৰী গাঁও নিবাসী মুক্তিযুঁজাৰু হৰেন্দ্ৰনাথ চহৰীয়াৰ জন্মশতবার্ষিকী উপলক্ষে আজি ৰাজহুৱাভাৱে স্মৃতিচাৰণ কৰা হয়। এই উপলক্ষে দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত প্ৰয়াত চহৰীয়াৰ পৰিয়ালৰ সহযোগত শীতলাবাৰীত এখন সভা অনুষ্ঠিত হয়। এই সভাত ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰা...

April 20, 2025 8:08 PM

views 19

ৰাজ্যত ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ সামৰণি

ৰাজ্যত যোৱা ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ আজি সামৰণি পৰে। এই সময়ছোৱাত ৰাজ্যৰ অগ্নি আৰু আপদকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ বিভিন্ন বিভিন্ন পৰামৰ্শ ...

April 20, 2025 8:01 PM

views 27

যোৰহাট জিলা আয়ুক্তৰ মৰিয়নিৰ কেইন অইল এণ্ড গেছ প্ৰকল্পৰ স্থান পৰিদৰ্শন

যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি মৰিয়নিত কেইন অইল এণ্ড গেছ প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে পৰিদৰ্শনকালত প্ৰস্তাৱিত কামসমূহৰ মূল্যায়ন কৰাৰ লগতে নিয়োগৰ সুযোগ বৃদ্ধি আৰু আঞ্চলিক উন্নয়নক উৎসাহিত কৰাৰ লক্ষ্যৰে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ সন্দৰ্ভত আলোচনা কৰে।

April 20, 2025 7:57 PM

views 22

কামৰূপ জিলাৰ পুঠিমাৰীত এন ডি আৰ এফ বিৰ কাৰিকৰী কৌশল প্ৰদৰ্শন

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পুঠিমাৰীত এন ডি আৰ এফ বিৰ কাৰিকৰী কৌশল প্ৰদৰ্শনৰ অনুষ্ঠান আয়োজিত হৈছে। এই অনুষ্ঠানত প্রাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায় কৰিব পৰাকৈ জোৱানসকলক প্ৰস্তুত কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এন ডি আৰ এফ বিৰ জোৱানসকলক প্ৰস্তুত কৰি ৰখাৰ বাবে প্ৰতি বছৰে প্ৰশিক্ষণ প্ৰদান ...

April 20, 2025 7:55 PM

views 29

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি

Paঅহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক নির্বাচনী প্ৰচাৰ চলাইছে। একেদৰে নির্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে বিভিন্ন জিলা প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। কামৰূপ জিলাত অহা ৭ মে'ত হ'বলগীয়া দ্বিতীয় প...

April 20, 2025 7:51 PM

views 34

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ কাছাৰৰ ধলাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ

অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই আজি কাছাৰ জিলাৰ ধলাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ধলাইত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত ভাষণ প্ৰদান কৰি শ্ৰীশ‍ইকীয়াই কয়, যে বৰাক আৰু ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়ন কৰাই বিজেপিৰ প্ৰধান লক্ষ্য। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুল...

April 20, 2025 7:46 PM

views 24

গোৰেশ্বৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ সামৰণি

তামুলপুৰ জিলাৰ গোৰেশ্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ আজি সামৰণি পৰে। উৎসৱৰ আজি অন্তিম দিনা বাঁহ গোসাঁইৰ পৰিভ্ৰমণৰ পাছতে মাংগলিক ৰীতি-নীতিৰে পূজা অনুষ্ঠিত হয়। উৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি...

April 20, 2025 7:32 PM

views 14

প্রধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত ৰাজ্যত ১ কোটি ২০ লাখ পকীঘৰ নিৰ্মাণঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

প্রধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত ৰাজ্যত ১ কোটি ২০ লাখ পকীঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি আৰু দুখীয়া লোকৰ সপোন, এই দুয়োটাই পূর্ণতা লাভ কৰিছে।

April 20, 2025 7:15 PM

views 75

ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক, প্রাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যান  মুকলি

ধেমাজি জিলাৰ কুলাজানত ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক, প্রাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জোনাইৰ বিধায়ক ভূৱন পেগুৱে আজি এই প্ৰতিমূৰ্তি আৰু উদ্যানখন উদ্বোধন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী তথা ধেমাজিৰ অভিভাৱক মন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।