আঞ্চলিক সংবাদ

March 17, 2025 12:37 PM March 17, 2025 12:37 PM

views 12

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ৩০ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...

March 17, 2025 12:06 PM March 17, 2025 12:06 PM

views 7

গোচৰৰ অভিযোগনামা দাখিলৰ ক্ষেত্ৰত অসমক অনুকৰণ কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহক গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

অসম আৰক্ষীয়ে ৬৬ শতাংশ গোচৰৰ অভিযোগনামা নিৰ্ধাৰিত সময়ৰ ভিতৰত দাখিল কৰি প্ৰশংসনীয় উদাহৰণ দাঙি ধৰা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহকো অসমক অনুকৰণ কৰিবলৈ আহ্বান জনাইছে। গুৱাহাটীত কালি বিয়লি অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ...

March 17, 2025 12:05 PM March 17, 2025 12:05 PM

views 8

মাদক দ্রব্য সৰবৰাহকাৰীক ৰেহাই দিয়া নহ’ব বুলি সামাজিক মাধ্যমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শেহতীয়াকৈ গুৱাহাটী আৰু ইম্ফলত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ পৰা ৮৮ কোটি টকাৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে চাৰিজন মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগৰ উদ্ধৃতিৰে মাদক দ্রব্য সৰবৰাহকাৰীক ৰেহাই দিয়া নহ'ব বুলি সামাজিক মাধ্যম যোগে স্পষ্ট কৰিছে। এই সফল অভিযানৰ ব...

March 17, 2025 12:04 PM March 17, 2025 12:04 PM

views 4

২০২৬-২৭ বৰ্ষৰ ভিতৰত ৭৫০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য এপিডিচিএলৰ

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) ২০২৬-২৭ বৰ্ষৰ ভিতৰত ৭৫০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এছিয়ান ডেভেলপমেণ্ট বেংকে এই সৌৰশক্তি উৎপাদন প্ৰকল্পৰ দ্বাৰা ৰাজ্যখনৰ নৱীকৰণযোগ্য শক্তি সামর্থ বৃদ্ধিৰ বাবে বিত্তৰ যোগান ধৰিব। এপিডিচিলে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ৰাজ্যিক উপদেষ্টা ...

March 17, 2025 12:02 PM March 17, 2025 12:02 PM

views 7

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি বৈধ মনোনয়ন-পত্রৰ তালিকা প্ৰকাশ

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্রসমূহ আজি পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে ১৯ মাৰ্চৰ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ'ব। অহা ২ এপ্...

March 17, 2025 12:00 PM March 17, 2025 12:00 PM

views 4

গুৱাহাটীৰ সৰুসজাইত অহা অক্টোবৰত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলা নৃত্য প্ৰদৰ্শন

বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীত বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰাৰ পাছত এইবাৰ বড়োসকলৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলাক অনুৰূপ ধৰণেৰে তুলি ধৰাৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে। সেই অনুসৰি অহা অক্টোবৰত গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক শিল্পীক লৈ ৰাজ্য চৰকাৰে বাগৰুম...

March 16, 2025 8:58 PM March 16, 2025 8:58 PM

views 8

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত পৰম্পৰাগতভাৱে সুৱেৰি উৎসৱ পালন

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত আজি পৰম্পৰাগতভাৱে সুৱেৰি উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ অংশ হিচাপে আয়োজিত এই উৎসৱত পৰম্পৰা অনুসৰি বিভিন্ন স্থানৰ পৰা কলিয়া গোঁসাইসকলক একেটা স্থানত একত্ৰিত কৰি আশীষ লোৱা হয়। তদুপৰি সমবেত লোকসকলে পৰস্পৰৰ দেহত ফাকু সানি ৰঙৰ উৎসৱ পালন কৰে। জিলাখনৰ বগুৱান, টিলাপাৰা, বাপুজী...

March 16, 2025 8:54 PM March 16, 2025 8:54 PM

views 4

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে স্বাধীনতা সংগ্রামত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীন...

March 16, 2025 8:43 PM March 16, 2025 8:43 PM

views 4

বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ সামৰণি

বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ আজি সন্ধিয়া সামৰণি পৰে। এই মহোৎসৱৰ সামৰণিৰ দিনা আজি সমগ্ৰ বৰপেটা ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰে। বিয়লি কলিয়া গোঁসাই তথা দৌলগোবিন্দ মহাপ্রভুক ভকতসকলে শোভাযাত্রা কৰি কলবাৰী সত্ৰলৈ লৈ যায়। সত্ৰত প্ৰতীকী ৰূপত হেকেটা মাহ খুওৱা পৰ্ব সম্পন্ন কৰাৰ পাছত গোঁসাইক পুনৰ বৰপেটা সত্...

March 16, 2025 8:03 PM March 16, 2025 8:03 PM

views 21

আকাশবাণীৰ পাব্লিক স্পীকত সোমবাৰে জন্মতে দেখা দিয়া বিসংগতি আৰু আনুসংগিক সমস্যা সন্দৰ্ভত বিশেষ আলোচনা

 আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯-৩০ বজাত জন্মতে দেখা দিয়া বিসংগতি তথা এই সম্পৰ্কীয় আনুসংগিক সমস্যা সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ শিশু শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ প্রবোধ গোৱেল আৰু নতুন দিল্লীৰ স্বামী দয়ানন্দ চিকিৎস...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।