আঞ্চলিক সংবাদ

April 26, 2025 7:35 PM

views 24

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিৰ্বাচনী পর্যবেক্ষক মধুসূদন দাসৰ উপস্থিতিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত মহিলা প্রিজাইডিং আৰু প’লিং বিষয়া উপস্থিত থাকে।

April 26, 2025 7:33 PM

views 35

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচা...

April 26, 2025 7:23 PM

views 20

পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা ওৰফে দধীচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। একেদৰে শ্ৰীভূমি জি...

April 26, 2025 12:33 PM

views 16

পথ-দলঙৰ আন্তঃগাঁথনিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বিকাশত অৰিহণা যোগায়ঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

পথ আৰু দলঙৰ আন্তঃগাঁথনিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ বাবেও বিকাশত অৰিহণা যোগায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় পথ কংগ্ৰেছে গুৱাহাটীত আয়োজন কৰা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত অংশগ্ৰহণ কৰি এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে পথ আৰু দলঙৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰ...

April 26, 2025 12:34 PM

views 21

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীব্ৰ প্ৰচাৰ অভিযান, বৰাকত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰাকত নিৰ্বাচনী প্ৰচাৰ। কাছাৰ জিলাৰ উধাৰবন্দৰ হাতীচৰা চাহ বাগিচাতো মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই কালি ডিব্ৰুগড়ত পঞ্চ...

April 26, 2025 12:25 PM

views 18

সন্ত্ৰাসবাদবিৰোধী যুঁজক নির্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ আস্থা প্ৰকাশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাসবাদ বিৰোধী যুঁজখনক এটা নির্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্বৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে। শ্ৰী মোদীৰ নেতৃত্বত শূন্য সহনশীল নীতিৰ জৰিয়তে শত্ৰু ৰাষ্ট্ৰসমূহক যোগ্য প্ৰত্যুত্তৰ দিব পৰা যাব বুলি ড০ শৰ্মাই মন্তব্য ক...

April 26, 2025 12:22 PM

views 22

বিশ্বৰ ৰোমান কেথলিক চার্চ মুৰব্বী পোপ ফ্রান্সিছৰ আজি শেষকৃত্য, উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰপ্ৰধান

বিশ্বৰ ৰোমান কেথলিক চার্চ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন কৰা হ'ব। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত ভাৰতীয় সময় অনুসৰি আজি দিনৰ ডেৰ বজাত শেষকৃত্য কাৰ্যসূচী আৰম্ভ হ'ব। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিৰ লগতে সাধাৰণ...

April 26, 2025 12:21 PM

views 22

ৰাজ্যৰ ৩গৰাকী নতুন উদ্যমীৰ সফলতাৰ কাহিনীৰে আজি আকাশবাণী গুৱাহাটীত বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

কোনো এবিধ সামগ্রী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ'লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়েই আজি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্...

April 26, 2025 12:19 PM

views 9

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকৰ কাহিনীৰে কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘বিশেষ সংবাদ চলন্তিকা’

সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিছনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্রত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত ...

April 26, 2025 12:17 PM

views 13

আকাশবাণীত কাইলৈ দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২১ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী-দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ ম'বাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডিড...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।