আঞ্চলিক সংবাদ

March 28, 2025 7:59 PM March 28, 2025 7:59 PM

views 9

ম্যানমাৰ আৰু থাইলেণ্ডত ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পত ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা

ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পৰ ফলত কমেও তিনিজন লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে। ৰিখটাৰ স্কেলত ৭ দশমিক ৭ আৰু ৬ দশমিক ৪ প্ৰাব্যলৰ এই দুটা ভূমিকম্পৰ জোকাৰণি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন, উত্তৰ বংগৰ উপৰি চীনৰ দক্ষিণ-পশ্চিম অংশতো অনুভূত হোৱাৰ বাতৰ...

March 28, 2025 6:35 PM March 28, 2025 6:35 PM

views 6

আকাশবাণী গুৱাহাটীৰ জনপ্ৰিয় অনুষ্ঠান ‘জিলাৰ ৰেহৰূপ’ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা

শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান ‘জিলাৰ ৰেহৰূপ’ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। সেই অনুসৰি অহা ১ এপ্ৰিলৰ পৰা জিলাৰ ৰেহৰূপ অনুষ্ঠান প্রতিদিনে পুৱাৰ আঞ্চলিক বাতৰিৰ ঠিক পাছতেই অর্থাৎ ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিনিট...

March 28, 2025 6:31 PM March 28, 2025 6:31 PM

views 12

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে পিন্টু ৰাজপুত নামৰ মৃত কয়দীজন কাছাৰৰ নতুন কাঞ্চনপুৰ গাঁৱৰ বাসিন্দা আছিল আৰু তেওঁ দুমাহ পূৰ্বে শিলচৰ আৰক্ষীয়ে গৰু চুৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। আজি পুৱা কাৰাগাৰ আৰক্ষীয়ে ...

March 28, 2025 6:30 PM March 28, 2025 6:30 PM

views 3

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বালিকা মহাবিদ্যালয়খনৰ লগতে তেজপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুশৰো অধিক শিক্ষার্থীয়ে অংশ গ্রহণ কৰে ৷ অসমৰ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত ...

March 28, 2025 6:27 PM March 28, 2025 6:27 PM

views 6

৫৪ সংখ্যক উত্তৰ-পূব আৰক্ষী একাডেমীৰ উপ আৰক্ষী অধীক্ষক প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ৫৪ সংখ্যক উত্তৰ-পূব আৰক্ষী একাডেমীৰ উপ আৰক্ষী অধীক্ষক প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি উত্তৰ-পূব খণ্ডত বৰ্তমানৰ দৰেই অনাগত দিনত শান্তিৰ পৰিৱেশ বাহাল থকাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দোহাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ...

March 28, 2025 6:16 PM March 28, 2025 6:16 PM

views 1

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্...

March 28, 2025 1:10 PM March 28, 2025 1:10 PM

views 11

ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) প্রত্যাহাৰ

কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে অধিসূচনাৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্রত্যাহাৰ কৰিছে। ইয়াৰ লগে লগে ডিব্ৰুগড় জিলাখন অশান্ত অঞ্চল ঘোষণাৰ পৰা মুক্ত হ'ল। মুখ্যমন্ত্রী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদ মেলত এই বিষয়ে সদৰী কৰে। তেওঁ কয় যে এটা সময়ত ...

March 28, 2025 1:07 PM March 28, 2025 1:07 PM

views 11

চলিত বছৰৰ গুণোৎসৱত শিৱসাগৰ জিলা প্রথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলা তৃতীয় স্থানত

চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কালি ঘোষিত ফলাফল অনুযায়ী এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্রথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সূচাৰূৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰে দ্বি...

March 28, 2025 1:06 PM March 28, 2025 1:06 PM

views 2

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত ৰাখিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে কালিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰি...

March 28, 2025 1:04 PM March 28, 2025 1:04 PM

views 7

গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মহানগৰীত মাহটোত সংঘটিত অপৰাধৰ পৰ্যালোচনা বৈঠক

আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং, আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ উপস্থিতিত যোৱা নিশা অসম আৰক্ষীৰ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত মহানগৰীত মাহটোত সংঘটিত অপৰাধৰ পৰ্যালোচনা কৰা হয়। বৈঠকত উপস্থিত থাকি প্ৰচিকিউচন সঞ্চালকালয়ৰ সঞ্চালক মাখন ফুকনে অভিযুক্তক গ্ৰেপ্তাৰৰ সময়ত আৰু গ্ৰেপ্তাৰৰ পাছত আৰক্ষীয়ে পালন কৰি...