আঞ্চলিক সংবাদ

June 19, 2025 7:40 PM

views 15

নলবাৰীৰ মুকালমুৱাত ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাত ২ জন ছাত্রসহ ৩ জন লোক সন্ধানহীন

নলবাৰী জিলাৰ মুকালমুৱাত ব্ৰহ্মপুত্ৰত আজি সংঘটিত নাও দুৰ্ঘটনাত দুজন ছাত্রসহ তিনিজন লোক সন্ধানহীন হৈ আছে। মুকালমুৱাৰ পেৰাধৰা ঘাটত আজি এই দুৰ্ঘটনাটো সংঘটিত হয়। নাওখনত কমেও ৩৫ গৰাকী যাত্ৰী আছিল বুলি আমাৰ সংবাদদাতাই জনাইছে। ঘটনাস্থলীত এছ ডি আৰ এফৰ কৰ্মীসকল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।

June 19, 2025 7:38 PM

views 24

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ছিকল চেল দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ছিকল চেল দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ সংহত কার্যালয় সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ লয়। ভাষণত তেওঁ সকলো শ্ৰেণীৰ লোককে এই ৰোগৰ পৰা বাচিবলৈ পৰীক্ষা কৰিবলৈ আহ্বান জনায়। লগতে জিলা স...

June 19, 2025 7:32 PM

views 35

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। দৰং জিলাত শতাধিক গাহৰিৰ দেহত এই সংক্ৰামক ৰোগৰ বীজানু ধৰা পৰাৰ বাবে পশু চিকিৎসা বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজি মঙলদৈৰ কবিকাৰা অঞ্চলৰ কেইবাখনো গাহৰি পামত পশু চিকিৎসা বিভাগে অভিযান চলাই এই ৰোগত আক্ৰান্ত কমেও ৬০ টা গাহৰি নিধন ক...

June 19, 2025 7:11 PM

views 36

চৰাইদেউ জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিশু সুৰক্ষা গোটৰ সহযোগত আজি জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি কৰা হয়। এই কক্ষটোত শিশু ওমলা ঘৰ আৰু মাতৃ দুগ্ধপানৰ সুবিধাও থাকিব। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এই কক্ষৰ দ্বাৰ মুকলি কৰে। জিলা আয়ুক্ত কাৰ্যালয়লৈ অহা মাতৃ আৰু শিশুসকলৰ সুবিধা হোৱাকৈ...

June 19, 2025 7:07 PM

views 16

হাৰং নদীৰ ওপৰৰ দলংখন ভাঙি পৰা গোচৰ সন্দৰ্ভত ৫ জন লোকক আটক

কাছাৰ জিলাৰ কালাইন-শিলচৰ পথৰ ভাংগাৰপাৰৰ হাৰং নদীৰ ওপৰৰ দলংখন ভাঙি পৰা গোচৰ সন্দৰ্ভত ৫ জন লোকক আটক কৰা হৈছে। ধৃত পাঁচজনৰ ভিতৰত তিনিজন কেন্দ্ৰীয় বেইব্রিজৰ কৰ্মী আৰু দুজন হাৰিয়ানাৰ ভাৰত ইলেকট্রনিক্স বেইব্রিজৰ কৰ্মচাৰী। এই ঘটনাৰ সৈতে জড়িত তিনিগৰাকী আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।...

June 19, 2025 6:55 PM

views 16

নিচামুক্তি ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথত ভিন্ন কাৰ্যসূচী ৰূপায়ণ

জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত নিচামুক্তি ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথত আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত জিলা আয়ুক্তগৰাকীয়ে সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে। অভিযানৰ সৈতে সংগতি ৰাখি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। অনাগত...

June 19, 2025 6:50 PM

views 33

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাই জিলাই যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। জিলা প্ৰশ...

June 19, 2025 6:47 PM

views 28

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ২২ জুনৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলটোত গেছ নির্গমন হৈ আছে। ইয়াৰ মাজতে আজি পুৱা ২০৪ নম্বৰ খাৰুৱা তেল খাদত গেছৰ অত্যধিক চাপৰ বাবে এটা মৃদু বিস্ফোৰ...

June 19, 2025 6:32 PM

views 22

বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব

ৰাজ্য চৰকাৰে কাইলৈ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। কাইলৈ নলবাৰীত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুসৰি ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, ...

June 19, 2025 6:29 PM

views 45

বাজপেয়ী ভৱনত আয়োজিত সংবাদমেলত বিজেপি ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা

ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই আজি অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলযোগে ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰিছে। তেওঁ দলটোৰ ১০গৰাকী উপ-সভাপতি, চাৰিগৰাকী সাধাৰণ সম্পাদক, ১০গৰাকী সম্পাদক, কোষাধ্যক্ষ আৰু কার্যালয় সম্পাদকৰ লগতে ছ'চিয়েল মিডিয়া তত্বাৱধায়কৰ না...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।