আঞ্চলিক সংবাদ

June 20, 2025 8:53 PM

views 12

বিশাখাপট্টনমত কাইলৈ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া যোগাভ্যাস অনুষ্ঠান আকাশবাণীত পোনপটীয়াকৈ প্ৰচাৰিত হ’ব

আন্তর্জাতিক যোগ দিৱস উপলক্ষে কাইলৈ বিশাখাপট্টনমত আয়োজিত সমূহীয়া যোগাভ্যাস অনুষ্ঠান আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠান পুৱা চাৰে ছয় বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰইও ৰীলে কৰিব। এই অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা সাত বাজি ৫ মিনিট...

June 20, 2025 8:51 PM

views 7

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদৌ অসম যোগ ক্রীড়া সংস্থাৰ উপ-সভাপতি, যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্রী নাথ কটকীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ...

June 20, 2025 8:49 PM

views 30

গোলাঘাট জিলাত ধৰতি আৱা জনজাতীয় গ্রাম্য উৎকর্ষ অভিযান আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী অজন্তা নেওগৰ

বিত্তমন্ত্রী অজন্তা নেওগে আজি গোলাঘাট জিলাত ধৰতি আৱা জনজাতীয় গ্রাম্য উৎকর্ষ অভিযান আঁচনিখনৰ শুভাৰম্ভ কৰে। গমাৰিগুৰি উন্নয়নখণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সজাগতা সৃষ্টিৰ জৰিয়তে অসমৰ চুকে-কোণে ৬ হাজাৰ জনজাতীয় গাঁৱত ৰাস্তা ঘাট, বিদ্যুৎ সংযোগ, অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ...

June 20, 2025 8:47 PM

views 13

মঙলদৈৰ ৫ নম্বৰ ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডত কেইবাটাও ঘৰ ভস্মীভূত, এজন লোক আহত

মঙলদৈ নগৰৰ ৫ নম্বৰ ৱাৰ্ডত আজি দুপৰীয়া সংঘটিত অগ্নিকাণ্ডত কেইবাটাও ঘৰ ভস্মীভূত হয় আৰু এজন লোক গুৰুতৰভাৱে আহত হয়।  আজি দিনৰ প্ৰায় এক বজাত অঞ্চলটোত থকা তৰ্জাবেৰৰ এটা ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু ততালিকে এই জুই ওচৰৰ দুটা ঘৰলৈ বিয়পি পৰে। স্থানীয় লোক আৰু অগ্নিনির্বা...

June 20, 2025 8:38 PM

views 13

ফেডাৰেচন বেংক এ টি পি এ শ্বিল্ড প্রতিযোগিতাত অইল ইণ্ডিয়াক হৰুৱাই ছেমিফাইনেলত মণিপুৰ

ফেডাৰেচন বেংক এ টি পি এ শ্বিল্ড প্রতিযোগিতাৰ আজি অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে অইল ইণ্ডিয়াক ৩-২ গ’লত হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত এই প্রতিযোগিতা যোৰহাট জিলা ক্রীড়া সন্থাই আয়োজন কৰিছে।

June 20, 2025 8:36 PM

views 37

লখিমপুৰ জিলাত ৰূপায়িত চৰকাৰৰ আঁচনিৰ বুজ লয় সাংসদ প্ৰদান বৰুৱাই

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজী আৰু মাছখোৱাত অনুষ্ঠিত দুখনকৈ সভাত জিলাখনত ৰূপায়িত চৰকাৰৰ আঁচনিসমূহ সন্দৰ্ভত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ পৰা বুজ লয়। সাংসদগৰাকীয়ে জিলাখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে দলীয় কার্যকর্তাসকলক সক্রিয় সহায়-সহযোগি...

June 20, 2025 8:35 PM

views 15

গোলাঘাটৰ মেৰাপানী সীমান্তত বুজন পৰিমাণৰ হেৰ’ইনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত আজি বিয়লি গোলাঘাট আৰক্ষীয়ে মেৰাপানী আৰক্ষী আৰু সীমাত নিয়োজিত ১৪২ নম্বৰ চি আৰ পি এফৰ সহযোগত অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে। নাগালেণ্ডৰ ক’হিমাৰ পৰা গোলাঘাটলৈ আহি থকা এখন বাহনৰ পৰা এই হেৰ’ইন জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত ইন্দ্ৰজিত ডেকা আৰু ৰাজ্জাক আলী না...

June 20, 2025 12:03 PM

views 15

ৰাজ্য চৰকাৰৰ অসম অসামৰিক সেৱাৰ কেইবাগৰাকীও বিষয়াৰ সাল-সলনি

ৰাজ্য চৰকাৰে অসম অসামৰিক সেৱাৰ কেইবাগৰাকীও বিষয়াৰ সাল-সলনি কৰিছে। কৰ্মচাৰী বিভাগে কালি জাৰি কৰা অধিসূচনা অনুসৰি চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ যুটীয়া সচিব হেমন্ত ভূঞাক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰা হৈছে। অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ যুটীয়া সঞ্চালক...

June 20, 2025 11:58 AM

views 39

ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ভাৰতীয় জৰীপ বিভাগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ভাৰতীয় জৰীপ বিভাগে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মহা প্ৰৱন্ধক অভয় কুমাৰ আৰু ভাৰতীয় জৰীপ বিভাগৰ পূব সংমণ্ডলৰ অতিৰিক্ত মহা পৰিমাপক ড° মোহন কুমাৰ ষ্টেলিনে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধ্যক্ষ ড° ৰণবীৰ সিঙৰ উপস্...

June 20, 2025 11:55 AM

views 14

আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন

আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠান-প্রতিষ্ঠানসমূহে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহযোগত যোৰহাটত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ মুখ্য তোৰণ কালি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।