আঞ্চলিক সংবাদ

July 17, 2025 1:49 PM

views 12

ডিমা হাছাও জিলাৰ হাংক্ৰমত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণথলীত ভূমিস্খলনত এজন লোক নিহত, ৯জন আহত

অসম, নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তৱৰ্তী ডিমা হাচাও জিলাৰ মাহুৰ থানাৰ অন্তৰ্গত হাংক্ৰমত কালি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণথলীত হোৱা ভূমিস্খলনত এজন লোক নিহত আৰু ৯ জন লোক আহত হয়। নিহত লোক দুজন গোৱাজেন গাম্বে নৃয়ান আৰু ফেৰন টিগা বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে নিশা হোৱা প্ৰৱল বৰষুণৰ ফলত সংঘটিত এই ভূমিস্খলন...

July 17, 2025 1:48 PM

views 27

শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়ুক্ত আয়ুষ গাৰ্গৰ অধ্যক্ষতাত অপৰাধ সন্মিলন

শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গৰ অধ্যক্ষতাত যোৱা মাহৰ অপৰাধ সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনত বিগত সময়ছোৱাত জিলাখনত হোৱা অপৰাধমূলক ঘটনা, অপৰাধৰ ধৰণ, পটভূমি, কাৰক আদি সন্দৰ্ভত বিশ্লেষণাত্মকভাৱে আলোচনা কৰা হয়। তদুপৰি ভৱিষ্যতে জিলাখনক অপৰাধ শূন্য জিলা হিচাপে গঢ়ি তোলা...

July 17, 2025 1:47 PM

views 20

মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ

যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনত কালি নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। আক্ৰমণত বাহনখনৰ ক্ষতি হয় যদিও বিধায়কগৰাকী কথমপি ৰক্ষা পৰে। যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত বোকাখাতৰ কুৰুৱাবাহী তিনিআলিত এই ঘটনা সংঘটিত হয়। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে দোষীক কৰায়ত...

July 17, 2025 1:46 PM

views 26

নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ সভা

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ সভাকক্ষত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ দ্বিতীয়খন সভা অনুষ্ঠিত হয়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাই জিলাখনত বৰ্তমান ৰূপায়ণ হৈ থকা স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন মিছনৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। সভাত জিলাখনৰ বি...

July 17, 2025 1:44 PM

views 8

হোজাইৰ লংকা তিনিআলিত বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন সৰবৰাহকাৰীক আটক

হোজাই জিলাৰ লংকা তিনিআলিত কালি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। জিলাখনৰ উদালি আৰক্ষীয়ে লামডিং-লংকা সংযোগী পথত নিয়মীয়া তালাচীৰ সময়ত ১৭ টা চাবোনৰ বাকচত ভৰাই মাদক দ্রব্যসমূহ জব্দ কৰে। আটক কৰা সৰবৰাহকাৰীজনে শিলচৰৰ পৰা গুৱাহাটীলৈ মাদক দ্রব্যসমূহ কঢ়িয়াই আনিছি...

July 17, 2025 1:41 PM

views 16

গোলাঘাটৰ মৰঙি কৃষি উন্নয়ন চক্ৰৰ ফলঙনিত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কঠীয়া সিঁচা কাৰ্যসূচী

গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ মৰঙি কৃষি উন্নয়ন চক্ৰৰ ফলঙনিত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৫-২৬ৰ অধীনত সামুহিক কঠীয়াতলী প্ৰস্তুত কৰাৰ বাবে কঠীয়া সিঁচা কাৰ্যসূচী সম্পন্ন হয়। অঞ্চলটোৰ কৃষি ক্ষেত্ৰৰ সৈতে জড়িত এটা কৃষক গোটৰ সহযোগত ৪০ বিঘা ভূমিত কঠীয়া সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ক...

July 17, 2025 1:37 PM

views 15

আৰোহণ প্ৰকল্পৰ অধীনত তিনিচুকীয়া জিলাত কিশোৰ-কিশোৰীৰ বাবে প্ৰথমটো নিচামুক্তি কেন্দ্ৰ মুকলি

আৰোহণ প্ৰকল্পৰ অধীনত তিনিচুকীয়া জিলাত কালি কিশোৰ-কিশোৰীৰ বাবে প্ৰথমটো নিচামুক্তি কেন্দ্ৰ মুকলি কৰা হয়। তিনিচুকীয়া নগৰৰ বৰদলৈ নগৰৰ ভৱেন গগৈ পথত কেন্দ্ৰটো স্থাপন কৰা হৈছে। ডিগবৈৰ ভাৰতীয় তেল নিগম লিমিটেডৰ সৌজন্যত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত স্থাপন কৰা কেন্দ্ৰটোত কালি অতিৰিক্ত জিলা আয়ুক্ত ড...

July 17, 2025 1:07 PM

views 13

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮-২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮ৰ পৰা ২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ১৮ৰ পৰা ২২ জুলাইলৈ তেওঁ ইশ্বাতিনী আৰু লেচ’থ’ দেশ দুখন ভ্রমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ইশ্বাতিনীৰ ৰজা মাশ্বাতি তিনি আৰু দেশখনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব। তেওঁ লগতে ইশ্বাতিন...

July 17, 2025 1:06 PM

views 14

ৰাজ্যৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ

অসম চৰকাৰে ৰাজ্যখনৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াৰ সমিতিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বেংকসমূহক এই নির্দেশ দিয়ে। তেওঁ লগতে এই সময়ছোৱাৰ ভিতৰত বেংকসমূহক কে ৱাই চি আপডেট কৰা, চৰকাৰৰ ধ্বজাবাহী ...

July 17, 2025 1:03 PM

views 12

জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ ‘কিতাপ পঢ়া বৰ্ষ’ পদক্ষেপৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কিতাপ পঢ়া বৰ্ষ পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা, বিত্ত আৰু অসম প্ৰকাশন পৰিষদৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চলিত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।