আঞ্চলিক সংবাদ

July 23, 2025 8:56 PM

views 41

শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকা ঋণ ল’বলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ নতুন থানা, বেৰেক, চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী নামৰ ছ'চাইটীক ১৫০ কোটি টকা দিবলৈ অ...

July 23, 2025 8:56 PM

views 45

বকোত অভিযান চলাই প্রায় ১ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কামৰূপ আৰক্ষীৰ

কামৰূপ আৰক্ষীয়ে আজি বকোত অভিযান চলাই প্রায় ১ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰে। গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখী এখন বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযান ড্ৰাগছখিনি জব্দ ...

July 23, 2025 8:50 PM

views 33

গুৱাহাটী ৰে’ল ষ্টেছনক দেশৰ প্রথম প্লাষ্টিকমুক্ত ৰে’ল ষ্টেছন হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বৈঠক অনুষ্ঠিত

গুৱাহাটী ৰে'ল ষ্টেছনটো দেশৰ প্রথম প্লাষ্টিকমুক্ত ৰে'ল ষ্টেছন হিচাপে গঢ়ি তোলাৰ বাবে আলোচনা কৰাৰ উদ্দেশ্যে আজি এখন বৈঠক অনুষ্ঠিত হয়। উত্তৰ-পূৱ সীমান্ত ৰে'লৱে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ বিষয়াবৰ্গ আৰু ৰঙিয়াৰ পৰিষদৰ অনুমোদিত পুনৰ ব্যৱহাৰযোগ্যকৰণ সংস্থাৰ প্ৰতিনিধিবর্গৰ উপস্থিতিত এই বৈঠক অনু...

July 23, 2025 8:35 PM

views 29

ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন

ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন কৰা হয়। আকাশবাণী নগাওঁ কেন্দ্রই জাজৰিৰ ঘনস্মৃতি প্রাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো উদযাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰবীন চন্দ্ৰ বৰদলৈ আৰু আকাশবাণী নগাওঁ কেন্দ্ৰৰ মুৰব্বী নিশাৰাণী বৰুৱাৰ লগতে কেন্দ্ৰটোৰ কে...

July 23, 2025 8:19 PM

views 23

বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই বহুকেইখন সুলভ মূল্যৰ দোকানত উপস্থিত হৈ নথি-পত্ৰ পৰীক্ষা কৰে

বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই আজি জিলাখনৰ কেইবাখনো সুলভ মূল্যৰ দোকানত উপস্থিত হৈ নথি-পত্ৰ পৰীক্ষা কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্ট আৰু গ্ৰাহকৰ লগতো মত-বিনিময় কৰে জিলাখনৰ সুলভ মূল্যৰ দোকানৰ একাংশ এজেন্টে বিভিন্ন ধৰণে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠাৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে আজি নিজেই দোকানসমূহল...

July 23, 2025 8:13 PM

views 28

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। শেষকৃত্যৰ পূৰ্বে সাহিত্যিকগৰাকীক নলবাৰীৰ ছহিদ বাকৰিত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই সাহিত্যাচার্য সন্মানেৰে সন্মানিত কৰা সাহিত্যিকগৰাকীৰ আজি ৮৩ বছৰ বয়সত দেহা...

July 23, 2025 7:19 PM

views 37

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ উপলক্ষে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ৰ শ্বিলঙত আয়োজিত সংগীতানুষ্ঠানত অংশগ্ৰহণ

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্রমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ে শ্বিলঙত আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে। কাইলৈ তেওঁ শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৫ জুলাইৰ বিয়লি ড° পালিৱাল গৌড় গুৱাহাটীলৈ আহিব আৰু ২...

July 23, 2025 6:59 PM

views 27

কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত সৌভিক সৰকাৰ নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত আজি সৌভিক সৰকাৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে সৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।

July 23, 2025 6:46 PM

views 30

মাজুলীৰ সোণাৰিআটী নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন

মাজুলী জিলা যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু নাথ-যোগী যুৱ পৰিষদে আজি সোণাৰিআটী নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্...

July 23, 2025 6:41 PM

views 5

পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে শিলচৰ পৌৰ নিগমৰ উচ্ছেদ অভিযান

শিলচৰ পৌৰ নিগমে আজি শিলচৰ নগৰৰ পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ এটা বৃহৎ দলে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সহযোগত নগৰখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলায়। পদপথত দখল কৰি থকা অস্থায়ী দোকানসমূহ ভাঙি সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।