আঞ্চলিক সংবাদ

July 3, 2025 7:01 PM July 3, 2025 7:01 PM

views 5

অসম আৰু মেঘালয়ৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ

কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ হাহিম অঞ্চলত অসম আৰু মেঘালয়ৰ জৰীপ দল, প্ৰশাসনিক বিষয়া আৰু কৰ্মচাৰীসকলে দুয়োখন ৰাজ্যৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ কৰিছে। হাহিমৰ ৰংথালি গাঁৱৰ পৰা গিজাং নৈৰ পাৰে পাৰে স্তম্ভ স্থাপনৰ কাম আৰম্ভ হৈছে। ৰাজ্য দুখনৰ মাজত দীৰ্ঘদিন ধৰি থকা সীমা বিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী...

July 3, 2025 7:58 PM July 3, 2025 7:58 PM

views 12

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্রযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় ভাষাসমূহক ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ ক্ষেত্ৰত অগ্ৰণী পদক্ষেপ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্রযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ PART OF SPEECH TAGGING FOR NORTH-EAST INDIAN LANGUAGES এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱ...

July 3, 2025 6:50 PM July 3, 2025 6:50 PM

views 8

মৰিগাঁও জিলাৰ বৰালীমাৰীত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত ৬০টাৰো অধিক বাসগৃহ জাহ

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালীমাৰীত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত ৬০টাৰো অধিক বাসগৃহ জাহ গৈছে। আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপুত্ৰৰ খহনীয়া আজি এসপ্তাহ ধৰি অব্যাহত থকাত প্ৰতিদিনে অঞ্চলটোৰ ৰাইজে মাটি ভেটি হেৰুৱাবলগীয়া হৈছে। অঞ্চলটোত থকা এটা ৩০ বছৰ পুৰণি মছজিদো জাহ গৈছে। নগ...

July 3, 2025 1:52 PM July 3, 2025 1:52 PM

views 4

কামৰূপ জিলাৰ বকোৰ হাহিম অঞ্চলত অসম-মেঘালয়ৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ

কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ হাহিম অঞ্চলত অসম আৰু মেঘালয়ৰ জৰীপ দল, প্ৰশাসনিক বিষয়া আৰু কৰ্মচাৰীসকলে দুয়োখন ৰাজ্যৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ কৰিছে। হাহিমৰ ৰংথালি গাঁৱৰ পৰা গিজাং নৈৰ পাৰে পাৰে স্তম্ভ স্থাপনৰ কাম আৰম্ভ হৈছে। ৰাজ্য দুখনৰ মাজত দীৰ্ঘদিন ধৰি থকা সীমা বিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী...

July 3, 2025 1:51 PM July 3, 2025 1:51 PM

views 2

ধুবুৰীৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ ফাঁকিৰ বিৰুদ্ধে জি এছ টি বিভাগৰ অভিযান

ৰাজ্য চৰকাৰৰ জি এছ টি বিভাগে কালি মাজনিশাৰে পৰা ধুবুৰীৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলায়। চহৰখনৰ এনে একাংশ প্রতিষ্ঠানে সামগ্ৰী আৰু সেৱা কৰ ফাঁকি দি ব্যৱসায় চলাই অহা বুলি অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অভিযান চলোৱা হয়।  এনে অভিযানৰ অংশ হিচাপে ধুবুৰীৰ নিউ ঘাটত থকা...

July 3, 2025 1:49 PM July 3, 2025 1:49 PM

views 3

ৰাজ্যৰ ২৫খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ বৈঠক

চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে অনুমোদন জনোৱা ২৫ খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এখন ভার্চুৱেল বৈঠকৰ জৰিয়তে মত বিনিময় কৰে। ডাঃ পেগুৱে এই পাঠ্যক্ৰমৰ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্রত্যাহ্বান সন্...

July 3, 2025 1:47 PM July 3, 2025 1:47 PM

views 2

আকাশবাণী গুৱাহাটীৰ ৫ জুলাইৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিবিচিৰ সাংবাদিক শচীন গগৈ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা ৫ জুলাই, শনিবাৰে নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰী গগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ...

July 3, 2025 1:46 PM July 3, 2025 1:46 PM

views 10

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলৰ পৰা অবৈধভাৱে কাঠ সৰবৰাহ কৰা দুখন বাহন জব্দ

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বনাঞ্চলৰ পৰা অবৈধভাৱে কাঠ সৰবৰাহ কৰা দুখন বাহন কালি বন বিভাগে জব্দ কৰে। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ অচিলা লৈ একাংশ লোকে অবৈধভাৱে এই কাঠখিনি সৰবৰাহৰ চেষ্টা কৰিছিল। বন বিভাগে লংকা অভিমুখে গৈ থকা অৱস্থাত কাঠ ভর্তি বাহন দুখন জব্দ...

July 3, 2025 1:25 PM July 3, 2025 1:25 PM

views 9

আমেৰিকাৰ বার্মিংহামত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইৰ স্বর্ণপদক

আমেৰিকাৰ বার্মিংহামত চলিত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে লং জাম্প ইভেণ্টত স্বর্ণপদক জয় কৰিছে। অসম ৰাইফল্‌ছক প্রতিনিধিত্ব কৰা অসম কন্যাগৰাকীয়ে ২১ ফুট জঁপিয়াই এই পদক অৰ্জন কৰে। শিৱসাগৰ জিলাৰ বকতাৰ জীয়ৰী ৰিম্পী বৰ্তমান অসম ৰাইফল্‌ছত কৰ্মৰত।

July 3, 2025 1:23 PM July 3, 2025 1:23 PM

views 4

ৰাজ্যৰ ১০,৩৮১খন বিদ্যালয়ত অনুষ্ঠিত নহ’ল সমগ্ৰ শিক্ষাৰ সাময়িকী মূল্যাংকন পৰীক্ষা

সমগ্র শিক্ষা, অসমে নির্দেশনা জাৰি কৰা অনুসৰি সাময়িকী মূল্যাংকন পৰীক্ষা–PET ৰাজ্যৰ দহ সহস্রাধিক বিদ্যালয়ে অনুষ্ঠিত নকৰিলে। যোৱা ১৬ আৰু ১৭ জুনত সমগ্ৰ শিক্ষাই ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। ৰাজ্যখনত থকা ৪৩ হাজাৰ ৭১৬খন বিদ্যালয়ৰ ভিতৰত ৩৩ হাজাৰ ৩৩৫ খন বিদ্যালয়...