আঞ্চলিক সংবাদ

August 22, 2025 12:14 PM

views 24

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া, দুই-এজাক বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱ...

August 22, 2025 12:13 PM

views 28

কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত কাইলৈ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল খেল

কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত কাইলৈ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল...

August 22, 2025 12:11 PM

views 14

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি সেৱা সপ্তাহ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি সেৱা সপ্তাহ আৰম্ভ হ'ব। সেৱা সপ্তাহৰ সৈতে সংগতি ৰাখি ১৮ ছেপ্টেম্বৰত সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। ২০ ছেপ্টেম্বৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭৫টা ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব আৰু ২২ ছেপ্টেম্বৰত যক্ষ্ম...

August 22, 2025 12:09 PM

views 14

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ত উপস্থিত থাকিব একালৰ সক্ৰিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান সাংবাদিক

বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাছতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি? বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি কাইলৈ নিশা ৮ বাজি ২ ...

August 22, 2025 12:07 PM

views 40

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। ইউনাইটেড পিপ’ল্‌ছ পাৰ্টী লিবাৰেচন চমুকৈ ইউ পি পি এলে পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। দলটোৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে পৰিষদৰ মুঠ ৪০ টা সমষ্টিৰ ভিতৰত ১৮ টা সমষ্টিৰ বাবে প্ৰাৰ্...

August 22, 2025 12:05 PM

views 16

উৰিয়ামঘাটৰ উচ্ছেদিত ১২ হাজাৰ বিঘা ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

উৰিয়ামঘাটৰ উচ্ছেদিত ১২ হাজাৰ বিঘা ভূমিত গছপুলি ৰোপণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেল যোগে এই কথা প্রকাশ কৰে। মন্ত্রীসভাই উৰিয়ামঘাটৰ শেহতীয়া উচ্ছেদ অভিযানৰ সময়ত বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ ভূমিকা...

August 22, 2025 11:31 AM

views 12

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্রমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্রমণ সাফল্যমণ্ডিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত প্রধানমন্ত্রী মোদীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া আঠ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে দেশৰ প...

August 22, 2025 11:29 AM

views 11

বিশ্বনাথৰ নিজ বাঘমাৰীৰ নামাপাৰা, প’লকটা অঞ্চলৰ ৪৩৩টা পৰিয়াললৈ জিলা প্রশাসনৰ উচ্ছেদৰ জাননী

বিশ্বনাথ জিলা প্রশাসনে নিজ বাঘমাৰীৰ নামাপাৰা, প’লকটা আদি অঞ্চলৰ ৪৩৩ টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছে। প্ৰশাসনে কালি বাঘমাৰী মণ্ডলৰ জৰিয়তে পৰিয়ালকেইটালৈ জাননী প্ৰেৰণ কৰি ১৫ দিনৰ ভিতৰত চৰকাৰী ভূমি ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। ১৫ দিনৰ ভিতৰত অবৈধভাৱে দখল কৰা ভূমি নেৰিলে জিলা প্ৰশাসনে সেই স্থানত উচ্...

August 22, 2025 11:28 AM

views 22

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ সম্পৰ্কীয় বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত আছেঃ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিং

কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ সম্পৰ্কীয় বিষয়টো নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ মাজত হোৱা শেহতীয়া বৈঠকতো বিষয়টো উত্থাপন কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে কালি সংসদত এই কথা প্ৰকাশ কৰে। চীনে তিব্ব...

August 21, 2025 8:54 PM

views 17

বৰপেটা ৰোডৰ বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ প্রিয়ম্বদা দাসৰ দেহাৱসান

বৰপেটা ৰোডৰ বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ প্রিয়ম্বদা দাসৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। এগৰাকী সুসাহিত্যিক হোৱাৰ উপৰি তেওঁ বৰপেটা ৰোডৰ সমাজ জীৱনৰ এগৰাকী অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।