আঞ্চলিক সংবাদ

August 21, 2025 9:13 PM

views 30

কেইগৰাকীমান বিশিষ্ট সাংবাদিকৰ সৈতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যম সম্পৰ্কে শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

বিধানমণ্ডল, কাৰ্য্যপালিকা আৰু ন্যায়পালিকাৰ পাছতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি? বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি অহা শনিবাৰ-২৩ আগষ্...

August 21, 2025 8:45 PM

views 19

অসম বিশ্ববিদ্যালয়ত প্ৰশাসন আৰু ৰাজভাষা হিন্দী শীর্ষক হিন্দী কৰ্মশালাৰ আয়োজন

অসম বিশ্ববিদ্যালয়ত আজি প্ৰশাসন আৰু ৰাজভাষা হিন্দী শীর্ষক এখন হিন্দী কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কামত হিন্দী ভাষাৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে ৰাজভাষা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ ৰাজীৱ মোহন পণ্টই কৰ্মশালাখন উদ্বোধন...

August 21, 2025 8:42 PM

views 7

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত চন্দ্ৰপ্ৰভা নামৰ নাটখন মঞ্চস্থ

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে ডেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিছে। বিয়লি ৫ বজাত নাটকখনৰ প্ৰথম দৰ্শনী হৈছে আৰু সন্ধিয়া চাৰে ৭ বজাত দ্বিতীয় দৰ্শনীৰ নাট মঞ্চস্থ হ'ব। ৰাজ্য চৰকাৰৰ সাংস্...

August 21, 2025 8:34 PM

views 29

বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িতৰ অভিযোগত অসম আৰক্ষীয়ে দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ লোকক আটক

নগাঁও জিলাৰ বিভিন্ন ব্যক্তিৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে কালি দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ এজন লোকক আটক কৰে। ধৃত লোকজনে অনলাইন ট্রেডিঙৰ জৰিয়তে প্রায় ৮০ কোটি টকা আত্মসাৎ কৰি যোৱা দুমাহ ধৰি পলাতক হৈ আছিল। নগাঁও সদৰ আৰক্ষী থানাত...

August 21, 2025 8:31 PM

views 19

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত অহা ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন আৰু আবকাৰি গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰৰ উপৰি বকেয়া ধন, ভূমি অধিগ্ৰহণ, ১০৭ ধাৰা, বেংক ঋণ, বি...

August 21, 2025 8:17 PM

views 16

মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‍ইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিন্টু শৰ্মাক মৃত্যু দণ্ডৰে দণ্ডিত

ধেমাজিৰ জিলা আৰু ছেছন আদালতে আজি মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‍ইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিন্টু শৰ্মাক মৃত্যু দণ্ডৰে দণ্ডিত কৰে। মুঠ ৪১ জন লোকৰ সাক্ষ্যৰ ভিত্তিত ৪ বছৰজোৰা বিচাৰৰ অন্তত জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শ‍ইকীয়াই কালি অভিযুক্ত ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰে। আজি আদালতে দোষী...

August 21, 2025 7:21 PM

views 40

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা জাৰি কৰিছে। কাছাৰ জিলা আয়ুক্ত মৃদুল যাদৱৰ নেতৃত্বত আজি অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। বাগিচাসমূহৰ কৰ্তৃপক্ষই অহা ৩১ আগষ্টৰ ভিতৰত বানছ ঘোষণা কৰিব লাগিব বুলি জিলা প্র...

August 21, 2025 7:14 PM

views 21

বাক্সাৰ ধনশ্ৰীপুৰত স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি

বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰি পৰামৰ্শ দিয়ে। এ চি আৰ ডি নামৰ সংস্থাটোৱে পূৰ্বেও এনে ধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে।

August 21, 2025 7:11 PM

views 34

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত তথা বেচৰকাৰী সামাজিক অনুষ্ঠান কোছেডাৰ সহযোগত আজি কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ৯১গৰাকী স্বেচ্ছাসেৱকৰ লগতে কামৰূপ মহানগৰ, দৰং, গোৱালপাৰা আৰু নলবাৰী জিলাৰ ৪ শতাধিক স্বেচ্ছা...

August 21, 2025 7:10 PM

views 29

তামুলপুৰৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ এই গাঁও দুখনত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত তামুলপুৰ মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াই সংক্রমিত অঞ্চলৰ গাহৰি নিধনৰ অনুমতি বিচাৰে। এই অনুসৰি জিলা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।