আঞ্চলিক সংবাদ

August 24, 2025 1:14 PM

views 28

আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত মিজোৰামলৈ ৰে’ল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত সংবাদ চলন্তিকাত মিজোৰামলৈ ৰে'ল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

August 24, 2025 1:02 PM

views 32

ডুৰাণ্ড কাপত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ পুনৰ খিতাপ জয়

■ নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ছেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কলকাতাৰ ছৰ্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত কালি দলটোৱে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবক ৬–১ গ'লত পৰাস্ত কৰে। খেলৰ প্ৰথমাৰ্ধত নর্থ ইষ্ট ইউন...

August 24, 2025 12:57 PM

views 60

নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সোমবাৰে শপতগ্ৰহণ

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কাইলৈ নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুৰ এদিন পাছত যোৱা ১৬ আগষ্টত অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰিছিল।

August 24, 2025 12:52 PM

views 33

১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে'ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ'মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে'ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ ট...

August 24, 2025 12:48 PM

views 69

সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভৰ প্ৰয়োজন হৈছে

■ একাংশ সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভৰ প্ৰয়োজন হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক দ্যা হিন্দু কাকতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন ব...

August 24, 2025 12:42 PM

views 14

কাছাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ

■ কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা কৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে কালি শিলচৰৰ কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত বিভাগীয় বিষয়াসকলৰ সৈতে মিলিত হয়। পাছত তেওঁ সাংবাদিকৰ আগত কয়, যে কাছাৰৰ উন্নয়নমূলক ক...

August 24, 2025 12:30 PM

views 24

ৰাজ্যত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে জিলাই জিলাই এইচ আই ভি পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিদিনে নতুনকৈ ৫-৬ জন এইচ আই ভি...

August 24, 2025 12:37 PM

views 38

কোকৰাঝাৰ জিলা ভ্ৰমণেৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা

সমাগত বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা কৰে। তেওঁ জিলা আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয়। সঞ্চালক প্ৰধানগৰাকীয়ে নির্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে আইন শৃংখলা ব্যৱস্থা শক্...

August 24, 2025 12:24 PM

views 24

উৰিয়ামঘাটৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত

● অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মাজত পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ পাছতহে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কৰা হ'ব। কালি ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী তথা গৃহ আৰু সীমা বিভাগৰ মন্ত্ৰী ৱাই পেটনৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ চৰকাৰ...

August 23, 2025 8:12 PM

views 13

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ কর্মশালাৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৱা ২০ আগষ্টৰ পৰা আয়োজন কৰা প্ৰশিক্ষণ কর্মশালাৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণত ৰাজ্যখনৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণ কর্মশালা যোৰহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।