আঞ্চলিক সংবাদ

May 9, 2024 12:28 PM

views 26

অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত বকোৰ পৰা ৩০ পেকেট হেৰ’ইন জব্দ

অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত বিশেষ কার্যবাহিনীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি আজি পুৱা বকোৰ পৰা ৩০ পেকেট হেৰ'ইন জব্দ কৰে। জব্দ কৰা নিচাযুক্ত দ্রব্যখিনিৰ ওজন ৪২০ গ্রাম হ’ব বুলি অনুমান কৰা হৈছে। নিচাযুক্ত দ্রব্য কঢ়িয়াই অনা বাহনদুখন পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে বকো আৰক্ষী চকীত চমজাই দিয...

May 9, 2024 1:12 PM

views 29

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২-৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২-৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২-৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫ দশমিক ৭-৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।   শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু...

May 9, 2024 11:52 AM

views 37

বিজেপিৰ হকে প্ৰচাৰ চলোৱাৰ বাবে ওড়িশালৈ ৰাওনা ড° হিমন্ত বিশ্ব শর্মা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ অন্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মা আজি বিজেপিৰ হকে প্ৰচাৰ চলোৱাৰ বাবে ওড়িশালৈ যাব। ড° শৰ্মাই নৱৰংগপুৰ লোকসভা সমষ্টিৰ মলকানগিৰিত এখন জনসভাক সম্বোধন কৰিব। পাছত...

May 8, 2024 8:16 PM

views 31

ঐতিহাসিক ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰি অহা ঐতিহাসিক ডিব্ৰুগড় চহৰ এইবাৰো খহনীয়াৰ সমস্যাৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। চলিত বৰ্ষত ১২টাকৈ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে ক্ৰমাৎ চহৰখনৰ আৱাসীসকলৰ সমস্যাৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত মাইজান অঞ্চলৰ মূল মথাউৰি ইতিমধ্যে স্থানান্তৰ কৰিবলগীয...

May 8, 2024 7:58 PM

views 79

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। এই উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ পাটবাউসীত ৭ দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হৈছে। কালি বন্তি প্রজ্বলন, থিয়নাম পৰিবেশন আদি কাৰ্যসূচীৰে গোন্ধ যাত্ৰা অনুষ্ঠিত কৰাৰ পাছত আজি মূল তিথি পালন কৰা হয়। আজিৰ কাৰ্যসূচী হিচাপে ক...

May 11, 2024 12:24 PM

views 27

ৰাজ্যৰ ৪টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন

ৰাজ্যৰ ৪টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮৫.৪৫ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে, ভোটগ্রহণ হোৱাৰ পাছত ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহ...

May 8, 2024 6:54 PM

views 26

গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন

গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন কৰা হৈছে। গাঁওখনৰ ৩০০ বছৰ গৰকা বৰ নামঘৰত পৰম্পৰা অক্ষুণ্ণ ৰাখি এই ভাওনাৰ বাবে প্রস্তুতি অব্যাহত আছে। শংকৰী কলা-কৃষ্টিৰ চৰ্চা অব্যাহত ৰখা এই নামঘৰত গায়ন-বায়নৰ পৰা আৰম্ভ কৰা অভিনেতা-অভিনেত্ৰীলৈকে প্ৰতিটো কাম শিশুৰ দ্বাৰা কৰোৱাৰ বাবে গাঁওবাসীয়ে ...

May 11, 2024 12:29 PM

views 36

ৰাজ্যত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ

ৰাজ্যৰ ৪টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে, ভোটগ্রহণ হোৱাৰ পাছত ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহ...

May 8, 2024 6:22 PM

views 36

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা তৃতীয় দিনৰ বাবেও বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি তৃতীয় দিনৰ বাবেও বন্ধ হৈ আছে। জলপৃষ্ঠ বৃদ্ধি পোৱাত ফেৰী ঘাটৰ ৰেম্প বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত অভ্যন্তৰীণ জলপৰিবহণ বিভাগে ৰেম্প মেৰামতি নোহোৱা পৰ্যন্ত ফেৰী চলাচল বন্ধ কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত ফেৰী স...

May 8, 2024 12:08 PM

views 35

কৰিমগঞ্জত ১২০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন ব্যৱহাৰৰ নিষেধাজ্ঞা

কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ পৌৰসভা এলেকাৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহত ১২০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অন্যথা আইন অনুসৰি জৰিমনা বিহা হ'ব বুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়াজনৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।