আঞ্চলিক সংবাদ

May 10, 2024 7:02 PM

views 30

অক্ষয় তৃতীয়া উপলক্ষে ৰাম মন্দিৰত ৰাম লালাক অসমৰ এৰী আৰু মুগা সুতাৰ বিশেষ বস্ত্ৰ পৰিধান

অক্ষয় তৃতীয়া উপলক্ষে আজি অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাক অসমৰ বিখ্যাত এৰী আৰু মুগা সুতাৰে প্ৰস্তুত কৰা বিশেষ বস্ত্ৰ পৰিধান কৰোৱা হয়। ৰাম মন্দিৰৰ অফিচিয়েল ডিজাইনাৰ মনিষ ত্রিপাঠীয়ে শিশু ৰামৰ বাবে এই বিশেষ সাজ প্ৰস্তুত কৰিছে। এই বিশেষ পোছাকৰ জৰিয়তে অসম বস্ত্ৰ শিল্পৰ প্ৰতিচ্ছবি ভগৱান ৰামৰ জৰিয়তে ব...

May 10, 2024 6:54 PM

views 23

গুৱাহাটীত কমনৱেল্থ সংসদীয় সংস্থাৰ উত্তৰ-পূব সংমণ্ডলৰ কাৰ্যনিৰ্বাহকৰ বৈঠক

গুৱাহাটীত আজি কমনৱেল্থ সংসদীয় সংস্থাৰ উত্তৰ-পূব সংমণ্ডলৰ কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই অংশগ্ৰহণ কৰা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰুণাচল বিধানসভাৰ অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত আঠটা তৰাযুক্ত সংস্থাৰ নতুন ...

May 10, 2024 6:26 PM

views 19

ভগৱান পৰশুৰাম জয়ন্তী,অক্ষয় তৃতীয়ৰ বাবে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ শুভেচ্ছা

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল, মনোজ সিনহাই কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাইজলৈ ভগৱান পৰশুৰাম জয়ন্তী আৰু অক্ষয় তৃতীয়ৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এটা বাৰ্তাত তেওঁ কয় যে ভগৱান পৰশুৰাম হৈছে ধর্ম সাহস আৰু কৰুণাৰ মূৰ্তি আৰু তেওঁৰ জীৱন আৰু গভীৰ শিক্ষাই মানৱ জাতিক অনাগত সকলো সময়তে পথ প্ৰদৰ্শন কৰি থাকিব। এই শুভ দিন...

May 10, 2024 6:21 PM

views 20

কেৰালাত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ যাতায়ত ব্যাহত

কেৰালাৰ চাৰিটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উপসাগৰীয় দেশসমূহৰ বিভিন্ন গন্তব্যস্থানলৈ যাবলগীয়া এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানসমূহৰ যাতায়ত এতিয়াও ব্যাহত হৈ আছে। বিমান পৰিচালন কর্তৃপক্ষ আৰু কৰ্মচাৰীসকলৰ মাজত ইতিমধ্যে এই সন্দৰ্ভত চুক্তি সম্পন্ন হৈছিল। কোচিন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ডামা...

May 10, 2024 11:44 AM

views 34

জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাইলৈ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাইলৈ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান-বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধিকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিকে ...

May 10, 2024 11:41 AM

views 34

অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্মীসন্থাৰ সোণালী জয়ন্তীৰ আজি সামৰণী অনুষ্ঠান

অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্মীসন্থাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে বামুণীমৈদামৰ কাৰ্যালয় চৌহদত আয়োজন কৰা হৈছে। বিয়লি ২ বজাৰ পৰা হ'বলগীয়া মুকলি সভাত শিক্ষামন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলৰ তৰফৰ পৰা জনাইছে।

May 10, 2024 11:39 AM

views 43

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক সভা

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগ, জিলা আৰক্ষী, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আদিৰ সহযোগত কালি অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ ধলপুৰৰ কেতবোৰ অঞ্চলত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ অসামাজিক কাৰ্য সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে এই কাৰ্যসূচ...

May 10, 2024 11:37 AM

views 22

শিৱসাগৰ জিলাৰ যুৱদলত হজযাত্ৰীক সম্বৰ্ধনা

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ হজৰ বাবে মক্কা যাবলগীয়া শিৱসাগৰ জিলাৰ হজযাত্ৰীসকলক কালি শিৱসাগৰ যুৱদলত সম্বৰ্ধনা জনোৱা হয়। উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ উদ্যোগত জিলাখনৰ মুঠ ১৪২ গৰাকী হজযাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশ্ব শান্তিৰ বাবে সমূহীয়া প্ৰাৰ্থনাও কৰা হয়।

May 10, 2024 11:35 AM

views 33

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ১২ মে’ত মঞ্চস্থ কৰা হ’ব ‘কাৰেঙৰ লিগিৰী’

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অহা ১২ মে'ৰ সন্ধিয়া ৬ বজাত দিছপুৰ মহাবিদ্যালয়ৰ ড্রামাটিক ছ'চাইটীৰ উদ্যোগত জ্যোতিপ্ৰসাদ আগৰৱালাৰা বহু সমাদৃত নাটক ‘কাৰেঙৰ লিগিৰী’ মঞ্চস্থ কৰা হ'ব। বিশিষ্ট নাট পৰিচালক মাণিক আহমেদৰ দ্বাৰা পৰিচালিত আৰু দিছপুৰ মহাবিদ্যালয...

May 10, 2024 11:25 AM

views 35

মৰিগাঁৱত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমবিষয়ক কর্মশালা

মৰিগাঁও অধিবিদ্যা পৰিষদৰ উদ্যোগত আৰু মৰিগাঁও বি. এড. কলেজৰ সহযোগত কলেজখনৰ প্ৰেক্ষাগৃহত কালি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধানসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমবিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। উল্লেখ্য যে চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলৰ বাবে কৃত্রিম বুদ্ধিমত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।