ৰাষ্ট্ৰীয়

October 1, 2024 2:54 PM

views 27

প্ৰখ্যাত অভিনেতা ৰজনীকান্তক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি

দেশৰ প্ৰখ্যাত অভিনেতা ৰজনীকান্তক অসুস্থতাৰ বাবে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৭৩ বছৰীয়া অভিনেতাগৰাকী সন্দৰ্ভত চিকিৎ‍সালয়ৰ সূত্ৰই আনুষ্ঠানিকভাৱে সবিশেষ অৱগত কৰা নাই যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

October 1, 2024 2:49 PM

views 10

পশ্চিম বংগৰ ১২ টা স্থানত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ তালাচী

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা –NIAই আজি পশ্চিম বংগৰ ১২ টা স্থানত তালাচী অভিযান চলায়। সংস্থাটোৱে মাওবাদীৰ সৈতে যোগাযোগত জড়িত থকাৰ সন্দেহত উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা জিলা, নদীয়া, পশ্চিম বর্ধমানত এই তালাচী অভিযান চলায়।

October 1, 2024 2:47 PM

views 36

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নলীন প্রভাতৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নলীন প্রভাতে কালি জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি গৃহ মন্ত্ৰ্যালয়ে চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁৰ নিযুক্তিৰ কথা ঘোষণা কৰিছিল।

October 1, 2024 2:44 PM

views 34

ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰহিলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব। ৰাঁচীত সংবাদ মাধ্যমৰ আগত শ্ৰী শৰ্মাই কয় যে ইয়াৰ পাছত অচিৰেই সম্পূৰ্ণ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা ...

October 1, 2024 2:40 PM

views 44

ভাৰত আৰু চীনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিস্থিতি স্বাভাৱিক নহয় যদিও সুস্থিৰ হৈ আছেঃ উপেন্দ্ৰ দ্বিবেদী

সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কৈছে যে ভাৰত আৰু চীনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিস্থিতি স্বাভাৱিক নহয় যদিও সুস্থিৰ হৈ আছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বার্তালাপক সম্বোধন কৰি সেনা বাহিনীৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতে সদায় ২০২০ চনৰ এপ্ৰিলৰ পূৰ্বৰ পৰিস্থিতি অব্যাহত ৰখাটো বিচাৰে...

October 1, 2024 2:24 PM

views 50

ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধা জ্ঞাপন জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ'লনেছে আজি ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধা জ্ঞাপন কৰে। চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে তেওঁ কালি নতুন দিল্লীত উপস্থিত হয়।

October 1, 2024 2:18 PM

views 12

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে বাৰ্তালাপত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে হায়দাবাদ হাউছত ড° হলনেছক আদৰণি জনায়। দুয়োখন দেশে দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। ড° হলনেছে প্রথমব...

October 1, 2024 12:51 PM

views 27

জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৭ খন জিলাৰ ৪...

October 1, 2024 10:21 AM

views 47

জম্মু-কাশ্মীৰত আজি তৃতীয় পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত

■ জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিত শান্তিপূর্ণ ভোটগ্ৰহণৰ বাবে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব। ভোটাৰৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্...

October 1, 2024 10:10 AM

views 20

প্ৰধানমন্ত্ৰী মোদী জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ’লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ’ব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ'লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ'ব। দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ এই আলোচনাত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এণ্ডিউ হ'লনেছৰ এয়া প্ৰথম ভাৰত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।