ৰাষ্ট্ৰীয়

September 9, 2024 8:13 PM September 9, 2024 8:13 PM

views 4

এম পক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে এম পক্স নাইবা মাংকি পক্সত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই পৰামৰ্শ জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এম পক্সক লৈ জনস্বাস্থ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ সৃষ্টিকাৰী জৰুৰী অৱস্থা ঘোষণা কৰাৰ পাছতে কেন...

September 9, 2024 8:09 PM September 9, 2024 8:09 PM

views 4

পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনাইছে। এই বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰক...

September 9, 2024 6:03 PM September 9, 2024 6:03 PM

views 9

নতুন দিল্লীত ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদ ২০২২-২৩ৰ বাৰ্ষিক প্ৰতিবেদন মুকলি

কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্রই আজি নতুন দিল্লীত ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদ ২০২২-২৩ৰ বাৰ্ষিক প্ৰতিবেদন মুকলি কৰে। এই প্ৰতিবেদনখনে প্রতি বছৰৰ ৩১ মাৰ্চলৈকে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদৰ বিস্তৃত তথ্য প্ৰকাশ কৰে। তথ্যসমূহে সমগ্ৰ দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ ফলপ্রসূ প...

September 9, 2024 6:00 PM September 9, 2024 6:00 PM

views 4

উচ্চতম ন্যায়ালয়ত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ শুনানি

উচ্চতম ন্যায়ালয়ত আজি কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত যোৱা মাহত এগৰাকী ৩১ বছৰীয়া চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ শুনানি চলি আছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক অহা মঙলবাৰে এই গোচৰৰ নতুন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সংস্থাটোৱে কয় যে, এই...

September 9, 2024 5:51 PM September 9, 2024 5:51 PM

views 17

উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিৱিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলন

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজিৰে পৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিৱিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত দেশৰ প্ৰান্তীয় সম্প্ৰদায়সমূহৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন আঁচনি তথা নীতি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সাম...

September 9, 2024 5:47 PM September 9, 2024 5:47 PM

views 6

দেশত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বৰ্তমানলৈকে ১.৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ

চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় ১ কোটি ৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ২০ লাখৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰিছে ...

September 9, 2024 5:42 PM September 9, 2024 5:42 PM

views 12

সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাত দুটা উগ্রপন্থী নিহত

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আজি পুৱা সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা উগ্রপন্থী নিহত হয়। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে ৰাজৌৰী জিলাৰ নাউচেৰাৰ লাম ছেক্টৰত কালি নিশা গুলীয়াগুলি আৰম্ভ হয়। উল্লেখযোগ্য যে আন্ধাৰৰ সুবিধা লৈ উগ্ৰপন্থী কেইটাই অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাই থকা আছি...

September 9, 2024 5:41 PM September 9, 2024 5:41 PM

views 14

আজিৰে পৰা ৰাজস্থানত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আৰম্ভ

ৰাজস্থানৰ বিকানীৰৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আজি পুৱাৰে পৰা আৰম্ভ হৈছে। অনুশীলনৰ পূৰ্বে পেৰেড সমাৰোহ অনুষ্ঠিত কৰা হয়। এই যুদ্ধ অনুশীলনত ভাৰতীয় সেনাবাহিনীৰ দক্ষিণ পশ্চিম কামাণ্ডৰ সেনা আৰু আমেৰিকাৰ মুঠ এহেজাৰ ২০০ গৰাকী সেনাই অংশগ্ৰহণ কৰিছে। দুয়োখন দেশ...

September 9, 2024 5:38 PM September 9, 2024 5:38 PM

views 8

অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰ...

September 9, 2024 11:46 AM September 9, 2024 11:46 AM

views 3

নতুন দিল্লীত আজি আবুধাৱিৰ ৰাজকুমাৰৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত আবুধাৱিৰ ৰাজকুমাৰ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত আৰু সংযুক্ত আৰৱ আমিৰীৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ ব্যাপক ক্ষেত্ৰসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। আবুধাৱিৰ ৰাজকুমাৰগৰাকী কালি তিনিদিনীয়...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।