ৰাষ্ট্ৰীয়

October 31, 2024 12:05 PM

views 13

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত  কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বোটাডৰ চালাংপুৰত অৱস্থিত কষ্টভঞ্জন হনুমানজী মন্দিৰৰ শ্ৰীগোপালানন্দ স্বামী যাত্রী ভবন উদ্বোধন কৰিব। কাইলৈ তেওঁ আহমেদাবাদৰ পিড়ানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰিব।

October 31, 2024 11:36 AM

views 27

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন; ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন নেতাৰ জনসাধাৰণলৈ শুভেচ্ছা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে। ইয়াকে লৈ ৰাজ্যৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ ...

October 31, 2024 11:32 AM

views 15

ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নিৰন্তৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টাৰ বাবেই ভাৰত আৰু চীন প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলত পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সহমতত উপনীত হৈছে। তেজপুৰৰ বড়াখানাত কালি নিশা সৈনিকসকলক সম্বোধন কৰি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে সদায় ...

October 31, 2024 11:26 AM

views 27

আজি ৰাষ্ট্ৰীয় একতা দিৱস

আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ স্বাধীনতা সংগ্ৰামত অগ্রণী ভূমিকা গ্ৰহণ কৰা আৰু দেশৰ প্ৰথম উপ প্রধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৩১ অক্টোবৰত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱসে দেশীয় ৰাজ্যসমূহক একত্ৰিত কৰি এখন ৰাষ্ট্ৰ গঢ়ি তোলাৰ লগতে দেশৰ ...

October 30, 2024 8:20 PM

views 19

গুজৰাটত কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি গুজৰাটৰ একতা নগৰত কেইবাটাও আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পৰ্যটকৰ সুবিধা আৰু যাত্ৰা সুগম কৰি তোলাৰ লগতে এলেকাটোত বহনক্ষমতা প্ৰচেষ্টাৰ প্ৰতি সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। শ্রীমোদীয়ে সম্প্ৰতি আ...

October 30, 2024 8:19 PM

views 25

কংগ্ৰেছে সাংবিধানিক প্রতিষ্ঠানসমূহক অৱমাননা আৰু অপমান কৰাৰ প্ৰয়াস চলাই আহিছেঃ বিজেপিৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদী

বিজেপিয়ে কৈছে যে নিৰ্বাচন আয়োগে যিধৰণে কংগ্ৰেছ দলৰ ভিত্তিহীন অভিযোগৰ উত্তৰ দিছে তাৰ পৰা দলটোৱে যে ক্ষমতাৰ লালসাৰ বাবে অবিৰতভাৱে অভিযান চলাই আহিছে সেই কথা স্পষ্ট হৈ পৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কয় যে, কংগ্ৰেছে সাংবিধানিক প্রতিষ্ঠানসমূহক ...

October 30, 2024 8:17 PM

views 17

উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়ঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শ্রীমোদীয়ে গীটহাবৰ মুখ্য কাৰ্যবাহী বিষয়া থমাছ দোমকেৰ সামাজিক মাধ্যমৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টত সমগ্ৰ বিশ্বত ভাৰতৰ সবাতোকৈ দ্রুত বিকাশশীল কম্পিউটাৰ প্ৰগ্ৰেম বিকাশকক ভূয়স...

October 30, 2024 8:16 PM

views 11

দীপাৱলী-ষট পূজাৰ সময়ত হাজাৰৰো অধিক বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেই দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাত্ৰীৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো হাজাৰৰো অধিক বিশেষ ৰে'লগাড়ী চলাচল কৰোৱাইছে। ৰে'লৱেই যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ২ হাজাৰ ৫০০ৰো অধিক অতিৰিক্ত ৰে'লগাড়ীৰ চলাচল কৰোৱাইছে। অলপতে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্...

October 30, 2024 12:19 PM

views 22

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰথম দীপাৱলী উৎসৱৰ আয়োজন, ২৮ লাখ বন্তি প্ৰজ্বলনৰ প্ৰস্তুতি

ৰাম জনমভূমি মন্দিৰত প্ৰথম দীপাৱলী উৎসৱৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অযোধ্যাত ২৮ লাখ বন্তি প্ৰজ্বলনেৰে নতুন বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতিও সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। ৰাম মন্দিৰ চৌহদত এইবাৰ উদযাপন কৰিবলগীয়া দীপাৱলী উৎসৱ বিশেষভাৱে ব্যতিক্রম হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য ক...

October 30, 2024 12:05 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। তেওঁ একতা নগৰত ২৮০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। পৰ্যটকৰ সুবিধা আৰু যাত্ৰা সুগম কৰি তোলাৰ লগতে এলেকাটোত বহনক্ষমতা প্ৰচেষ্টাৰ প্ৰতি সহায় আগবঢ়োৱাই এই প্ৰকল্পৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।