ৰাষ্ট্ৰীয়

November 21, 2024 12:12 PM

views 14

অহা বছৰ ১৫ ফেব্ৰুৱাৰীত CBSEয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- CBSEয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাসমূহ অহা বছৰ ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। দশম শ্ৰেণীৰ পৰীক্ষা ১৮ মাৰ্চত আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৪ এপ্ৰিলত সামৰণি পৰিব।

November 21, 2024 12:09 PM

views 28

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন শান্তিপূর্ণভাৱে সম্পন্ন

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে, মহাৰাষ্ট্ৰত ৬৫ দশমিক ১-১ আৰু ঝাৰখণ্ডত ৬৮ দশমিক ৪-৫ শতাংশ ভোটদান হয়। দুয়োখন ৰাজ্যতে ২০১৯ চনৰ বিধানসভা নিৰ্বাচনতকৈ অধিক ভোটদান হোৱা বুলি আয়োগে ঘোষণা কৰিছে। ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্...

November 21, 2024 12:07 PM

views 14

ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজৱেল্ট স্কেটিক সাক্ষাৎ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা দ্বিতীয় ভাৰত-কেৰীকম শীৰ্ষ সন্মিলনৰ সুযোগতে ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজৱেল্ট স্কেটিক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে তেওঁলৈ দেশখনৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ বাবে প্রধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই জলবায়ু স্থিতিস্থাপকতা, স্বাস্থ্য সেৱা, ক্ষমতা বিক...

November 21, 2024 11:58 AM

views 24

ভাৰত সদায় কেৰীকম সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

ভাৰত কোভিড অথবা প্রাকৃতিক বিপর্যয়েই হওক বা উন্নয়নমূলক বিষয়েই হওক সদায় কেৰীকম সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গায়ানাৰ জৰ্জটাউনত যোৱানিশা দ্বিতীয় ভাৰত-কেৰীকম শীর্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে, এই সন্মিলন ৫ বছ...

November 21, 2024 11:56 AM

views 23

ভাৰত আৰু গায়ানাৰ মাজত তিনিখন চুক্তি স্বাক্ষৰ

ভাৰত আৰু গায়ানাই স্বাস্থ্য, হাইড্ৰ'কাৰ্বন, কৃষি আৰু আনুসংগিক খণ্ডসমূহত সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে তিনিখন চুক্তি স্বাক্ষৰ কৰিছে। দুয়োখন দেশে চিকিৎসা সামগ্রী, জন ঔষধী আঁচনি, সাংস্কৃতিক বিনিময় কাৰ্যসূচী গায়ানাত ইউ পি আই প্ৰণালী আৰম্ভ কৰা আৰু প্ৰসাৰ ভাৰতী তথা গায়ানাৰ ৰাষ্ট্ৰীয় যোগাযোগ নেটৱৰ্কৰ...

November 20, 2024 9:14 PM

views 13

অনিয়ন্ত্রিত খণ্ড আৰু কয়লা আধাৰিত ঘৰুৱা তাপ বিদ্যুৎ প্ৰকল্পত মিশ্ৰণৰ বাবে আমদানি কৰা কয়লাৰ পৰিমাণ হ্ৰাস

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ অনিয়ন্ত্রিত খণ্ড আৰু কয়লা আধাৰিত ঘৰুৱা তাপ বিদ্যুৎ প্ৰকল্পত মিশ্ৰণৰ বাবে আমদানি কৰা কয়লাৰ পৰিমাণ হ্ৰাস পাইছে। কয়লা মন্ত্রালয়ে আজি প্ৰকাশ কৰা মতে, অনিয়ন্ত্রিত খণ্ডৰ বাবে কয়লাৰ আমদানি ৯.৮৩ শতাংশ হ্রাস পাই ৬ কোটি ৩২ লাখ ৪০ হাজাৰ টন হৈছে। যোৱা বছৰ এই স...

November 20, 2024 9:11 PM

views 33

পাকিস্তানত নিৰাপত্তা চকীক লক্ষ্য কৰি আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত

পাকিস্তানৰ খাইবাৰ পাখটুনখৱা প্ৰদেশৰ বান্নু জিলাৰ মালিখেলৰ এটা নিৰাপত্তা চকীক লক্ষ্য কৰি যোৱা নিশা চলোৱা এটা আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত হয় আৰু অন্য ১০ জন গুৰুতৰভাৱে আহত হয়। পাকিস্তানৰ সামৰিক বাহিনীৰ সংবাদ শাখা আই এছ পি আৰে প্ৰকাশ কৰা মতে, আক্ৰমণকাৰীসকলে বিস্ফোৰক সামগ্ৰী...

November 20, 2024 9:08 PM

views 27

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত সর্বদলীয় বৈঠক

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকাল...

November 20, 2024 9:06 PM

views 26

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ হায়দাবাদত কোটি দীপোৎসৱম-২০২৪ অনুষ্ঠানত অংশ ল'ব। পৰহিলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে হায়দাবাদত আয়োজিত লোক মন্থন-২০২৪ অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰিব।

November 20, 2024 9:04 PM

views 46

ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্রহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।