ৰাষ্ট্ৰীয়

December 7, 2024 12:33 PM

views 7

হাৰিয়ানাৰ পঞ্চকুলাত আজি ১০০ দিনীয়া যক্ষ্মা নির্মূলকৰণ অভিযান আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী জি পি নাড্ডাই

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই যক্ষ্মা ৰোগ আৰু ইয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ উদ্দেশ্যে আজি হাৰিয়ানাৰ পঞ্চকুলাৰ পৰা ১০০ দিনীয়া যক্ষ্মা নির্মূলকৰণ অভিযান আৰম্ভ কৰিব। হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়ব সিং আৰু স্বাস্থ্যমন্ত্ৰী আৰতি সিং ৰাও এই অনুষ্ঠানত উপস্থিত থাকিব। দেশৰ ৩...

December 7, 2024 12:32 PM

views 17

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি কাটাৰত দোহা মঞ্চত ভাগ ল’ব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ দোহা মঞ্চত ভাগ লোৱাৰ উদ্দেশ্যে আজি কাটাৰলৈ যাব। দোহা মঞ্চৰ ২২ সংখ্যক সংস্কৰণৰ বিষয়বস্তু হৈছে উদ্ভাৱন অনিবার্য। বিদেশমন্ত্ৰীগৰাকীয়ে কাইলৈ বাহৰেইনত হ'বলগীয়া চতুৰ্থ ভাৰত-বাহৰেইন উচ্চ যুটীয়া আয়োগৰ বৈঠকত দেশখনৰ বিদেশমন্ত্ৰী ড° আব্দুল্লা টিফ বিন ৰচিদ অল জয়ানীৰ সৈ...

December 7, 2024 12:29 PM

views 7

তামিলনাডুত ঘূর্ণীবতাহ ফেনজেলৰ দ্বাৰা প্ৰভাৱিত লোকৰ সহায়ৰ বাবে ৯৪৪.৮০ কোটি টকা মুকলিৰ প্ৰস্তাৱত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদন

কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে ঘূর্ণীবতাহ ফেনজেলৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা তামিলনাডুলৈ ৯৪৪ কোটি ৮০ লাখ টকা মুকলি কৰি দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্রালয়ে প্ৰকাশ কৰা মতে আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় দলৰ মূল্যায়ন প্রতিবেদন লাভ কৰাৰ পিছতে ফেনজেল প্...

December 7, 2024 12:30 PM

views 13

ছিৰিয়াৰ হিংসাত্মক পৰিস্থিতিৰ বাবে ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰখনলৈ ভ্ৰমণ নকৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শ

ছিৰিয়াত শেহতীয়াকৈ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে ভাৰতীয় নাগৰিকসকলক ৰাষ্ট্ৰখনলৈ সকলো ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ দিছে। মন্ত্ৰালয়ে লগতে বৰ্তমান ছিৰিয়াত থকা ভাৰতীয়সকলক ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব...

December 6, 2024 9:13 PM

views 13

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু সৰ্বানন্দ সোণোৱালক এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভাণ্টেজ আছাম ২০২৫ ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্রীয় বিত্তমন্ত্রী শ্রীমতী সীতাৰমণক আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ম...

December 6, 2024 9:00 PM

views 10

দ্বিতীয় ক্রিকেট টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ ১৮০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ ৮৬ ৰান সংগ্ৰহ

এডেলেইডত অনুষ্ঠিত দ্বিতীয় ক্রিকেট টেষ্টৰ আজি প্ৰথম দিনা ভাৰতৰ প্ৰথম ইনিংছৰ ১৮০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই দিনান্তত এক উইকেটৰ বিনিময়ত ৮৬ ৰান সংগ্ৰহ কৰিছে। আজি ভাৰতৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় যদিও মিছেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙৰ সমুখত দ্রুত গতিত উইকেট ...

December 6, 2024 8:51 PM

views 10

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয়, যে দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনা আছে। একবিংশ শতিকা-ভাৰতসহ পূব এছিয়াৰ দেশসমূহৰ বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৱাহাটী, আ...

December 6, 2024 8:49 PM

views 5

বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। নগদ ধনৰ বিবাদক লৈ শাসকীয় পক্ষৰ সদস্যসকলে সৃষ্টি কৰা উত্তাল পৰিৱেশৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। ইপিনে, বিজেপি সাংসদ নিশিকান্ত ডুবে, বিৰোধী পক্ষৰ নেতা ৰাহু...

December 6, 2024 8:48 PM

views 19

ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ ৬৮ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে মহাপৰিনিৰ্বান দিৱস পালন

ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ ৬৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি মহাপৰিনিৰ্বান দিৱস পালন কৰা হয়। মহাপৰিনিৰ্বান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰৰ অৱদানৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। উপ ৰাষ্ট্ৰপতি জগদী...

December 6, 2024 8:47 PM

views 9

প্ৰসাৰ ভাৰতীয়ে নেটৱৰ্কৰ ডিজিটেলকৰণ, শেহতীয়া আহিলাপাতি ব্যৱহাৰেৰে আকাশবাণী-দূৰদৰ্শনৰ নেটৱৰ্ক উন্নত কৰি আহিছেঃ এল মুৰগন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সময়ে সময়ে যথোচিত নিৰ্দেশনা জাৰি কৰি সম্প্ৰচাৰ ক্ষেত্ৰত নিত্য-নতুন প্রযুক্তি আকোঁৱালি লোৱাৰ বাবে সহায় সমৰ্থন আগবঢ়াই আহিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰযোগে এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰগনে কয় যে প্ৰসাৰ ভাৰতীয়ে নেটৱৰ্কৰ ডিজিটেলকৰণ আৰু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।