ৰাষ্ট্ৰীয়

December 13, 2024 5:26 PM

views 30

লাডাখত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ’চিয়েছনৰ দলসহ পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ স্কী-ঢাল পৰিদৰ্শন

লাডাখত শীতকালীন পর্যটন আৰু ক্ৰীড়াৰ প্ৰসাৰৰ দিশত এটা পদক্ষেপ হিচাপে জ্যেষ্ঠ স্কী প্রশিক্ষক চৈয়দ চামচুদ্দিনৰ নেতৃত্বত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ'চিয়েছনৰ দলটোৱে পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ সৈতে নামছুৰুত স্কী-ঢাল পৰিদৰ্শন কৰে। দলটোৱে এই ঢালটোক স্কী কাৰ্যকলাপৰ বাবে উপযোগী বুলি বিবেচনা ক...

December 13, 2024 5:21 PM

views 32

ভাৰতীয় সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশঃ ৰাজনাথ সিং

লোকসভাত আজি ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ এটা বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত আগভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশকে স্পৰ্শ কৰি জাতি গঠনৰ প্ৰক্ৰিয়াৰ প্ৰশস্ত কৰি তুলিছে। তেওঁ কয়, যে এই সংবিধান...

December 13, 2024 5:18 PM

views 32

বাংলাদেশে সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী

বাংলাদেশে নিজ দেশত সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী। লোকসভাত পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বাংলাদেশত সংখ্যালঘূসকলৰ ওপৰত হোৱা একাধিক আক্রমণ চিন্তাৰ বিষয় হৈ পৰিছে আৰু এই কথা ভাৰতে বাংলাদেশৰ কৰ্তৃপক্ষৰ দৃষ্...

December 13, 2024 5:15 PM

views 29

২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুমুৱে সুৰক্ষা কৰ্মীসকলৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ কথা স্মৰণ কৰি কয়, য...

December 13, 2024 5:13 PM

views 35

সংসদৰ দুয়োখন সদনতত ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাত নিহত ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সংসদৰ দুয়োখন সদনতে আজি ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাত নিহত ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুয়োখন সদনৰ সদস্যসকলে সাহসী নিৰাপত্তাৰক্ষীসকলৰ স্মৃতিৰ প্ৰতি সন্মান জনাই মৌনতা অৱলম্বন কৰে। লোকসভাৰ কাৰ্যক্ৰমণিকাৰ বাবে সদন মিলিত হোৱাৰ সময়তে অধ্যক্ষ ওম বিৰলাই কয়, যে ২০০১ চনৰ এই দিনটোতেই সংসদৰ সজা...

December 13, 2024 10:18 AM

views 26

লোকসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত

লোকসভাত কালি দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত হয়। এই বিধেয়কখনে দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ সংশোধন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এন ডি এম এ আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এছ ডি এম এৰ কাম-কাজসমূহ অধিক সূচল কৰি তুলিব। এই বিধেয়কখনে ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিত...

December 13, 2024 10:10 AM

views 17

সামুদ্ৰিক আৰু জাহাজ নির্মাণ ক্ষেত্ৰত ভাৰতক বিশ্বত আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে সামুদ্ৰিক আৰু জাহাজ নির্মাণ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত কালি ভাৰতীয় সামুদ্রিক ঐতিহ্য সন্মিলনৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীসোণোৱালে বন্দৰৰ কাম-কাজৰ পৰা আৰম্ভ কৰি ...

December 13, 2024 10:07 AM

views 23

নতুন দিল্লীত ভাৰত আৰু ইউ এ ইৰ যুটীয়া আয়োগৰ পঞ্চদশ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্র- ইউ এ ইৰ বিদেশ মন্ত্ৰী শ্বেইখ আব্দুলা বিন জায়েদ বিন চুলতান অল নাহয়ানে আজি নতুন দিল্লীত দেশ দুখনৰ যুটীয়া আয়োগৰ পঞ্চদশ বৈঠকত সহ অধ্যক্ষতা কৰিব। দুয়োগৰাকী নেতাই কালি নতুন দিল্লীত উভয় দেশৰ চতুৰ্থ কৌশলগত আলোচনাত সহ অধ্যক্ষতা কৰে। ...

December 13, 2024 10:00 AM

views 10

মহাকুম্ভ মেলাৰ পূৰ্বে প্ৰয়াগৰাজত প্ৰধানমন্ত্ৰীৰ ৭০০০ কোটি টকাৰ প্রকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫ বৰ্ষৰ মহাকুম্ভ মেলাৰ পূৰ্বে প্ৰয়াগৰাজৰ আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে ৭ হাজাৰ কোটি টকাৰ ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ভালেমান উন্নয়নমূলক প্রকল্প মুকলি কৰিব। এই প্রকল্পসমূহৰ ভিতৰত ১০ খন নতুন উৰন সেঁতু, নদী ঘাট, নদীৰ দাঁতিৰ পথ আদি সামৰি লোৱা হৈছে। এই প্রকল্পসমূহে ...

December 12, 2024 8:21 PM

views 10

ছত্তিশগড়ৰ দক্ষিণ আবুজমাৰ অঞ্চলত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত ৭ মাওবাদী নিহত

ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ দক্ষিণ আবুজমাৰ অঞ্চলত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত সাতজন মাওবাদী উগ্রপন্থী নিহত হয়। চৰকাৰী সূত্ৰই ৰায়পুৰত প্ৰকাশ কৰা অনুসৰি গোপন সূত্ৰৰ পম খেদি বিশেষ টাক্স ফোৰ্চ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যুটীয়া দলে আজি পুৱা অঞ্চলটোত অভিযান চলায়। এই অভিযানৰ সময...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।