ৰাষ্ট্ৰীয়

December 31, 2024 1:16 PM

views 10

ম্যানমাৰৰ বিদ্ৰোহী আৰাকান সেনাবাহিনীৰ সৈতে বাংলাদেশ চৰকাৰ যোগাযোগত আছে বুলি মহম্মদ ইউনুছৰ প্ৰকাশ

অধ্যাপক মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে, বাংলাদেশ ম্যানমাৰ সীমান্তৰ ২৭১ কিলোমিটাৰ ভূমিৰ ওপৰত নিয়ন্ত্ৰণ দখল কৰা ম্যানমাৰ চৰকাৰ আৰু ম্যানমাৰৰ বিদ্ৰোহী আৰাকান সেনাবাহিনীৰ সৈতে বাংলাদেশ চৰকাৰ যোগাযোগত আছে। ম্যানমাৰৰ সীমান্তৱৰ্তী দক্ষিণ-পূব অঞ্চল টেকনাফ ভ্ৰমণৰ সময়ত বাংলা...

December 31, 2024 1:12 PM

views 18

বাংলাদেশী সন্ত্রাসবাদীক জহিদুল ইছলামক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা বেংগালুৰুৰ এখন বিশেষ আদালতৰ

বেংগালুৰুৰ এখন বিশেষ আদালতে এটা বাংলাদেশী সন্ত্রাসবাদীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰিছে। জহিদুল ইছলাম ওৰফে কৌচাৰ নামৰ অভিযুক্তজনক ৫৭ হাজাৰ টকাৰ জৰিমনাও বিহা হৈছে। বাংলাদেশী সন্ত্রাসবাদীটোক কেইবাটাও কূটঘাতমূলক ষড়যন্ত্ৰ, ডকাইতিৰ ঘটনা, পুঁজি সংগ্ৰহ তথা বিস্ফোৰক সামগ্রী ক্রয় আদি ঘটনা সৈতে জড়িত আছিল...

December 31, 2024 1:08 PM

views 10

চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ তদন্ত

চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে সম্পূর্ণ তদন্ত চলাই আছে বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি বিশ্ববিদ্যালয়ত হোৱা এই ঘটনাৰ সবিশেষ তথ্য লাভ কৰাৰ পাছত ইয়াৰ তদন্তৰ বাবে অধিক তথ্য প্রমাণ আহৰণৰ উদ্দেশ্যে এখন সমিতি চেন্নাইলৈ প্ৰেৰণ ক...

December 31, 2024 1:06 PM

views 19

নেপালত সূর্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত-নেপাল সামৰিক অনুশীলন আৰম্ভ

নেপালৰ ৰূপানদেহীৰ চলঝণ্ডীত আজি সূর্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত-নেপাল সামৰিক অনুশীলন আৰম্ভ হ'ব। এই যুটীয়া সামৰিক অনুশীলনে অৰণ্যত যুদ্ধ কঠিন ভৌগোলিক অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয় সাহায্য প্ৰদানৰ লগতে অন্যান্য বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। দুসপ্তাহজো...

December 31, 2024 1:04 PM

views 37

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীক অস্থায়ী মুখ্যমন্ত্রী বুলি কৰা মন্তব্যক সমালোচনা বিনয় কুমাৰ চাক্সেনাৰ

দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীক অস্থায়ী মুখ্যমন্ত্রী বুলি কৰা মন্তব্যক সমালোচনা কৰিছে। উপ- ৰাজ্যপালগৰাকীয়ে শ্ৰীকেজৰিৱালৰ এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। শ্ৰীচাক্সেনাই শ্ৰীমতী আতিশীলৈ লিখা এখন পত্ৰ ...

December 31, 2024 1:03 PM

views 12

ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ’ব বুলি প্ৰকাশ পোৱা বাতৰিক ভিত্তিহীন আখ্যা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ'ব বুলি একাংশ সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰিক ভিত্তীহীন আখ্যা দিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এটা সূত্ৰই স্পষ্ট কৰি দিছে যে ডিজি যাত্ৰা সন্দৰ্ভত সম্প্ৰচাৰিত এনে প্ৰতিবেদন ভুৱা আৰু ভিত্তিহীন। মন্ত্ৰালয়ে লগতে আয়কৰ বি...

December 31, 2024 12:58 PM

views 46

শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা স্পেডেক্স অভিযানৰ দুটা কৃত্রিম উপগ্রহ সফল উৎক্ষেপন

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰোৱে কালি নিশা স্পেডেক্স অভিযানৰ অধীনত সফলভাৱে দুটা কৃত্রিম উপগ্রহ উৎক্ষেপন কৰিছে। কালি নিশা ৯ বাজি ৫৮ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ উৎক্ষেপন স্থলীৰ পৰা উপগ্রহ দুটা মহাকাশলৈ প্ৰেৰণ কৰা হয়। পি এছ এল ভি C- 60 যানখনে Chaser অর্থাৎ SDX-01 আৰু TARGE...

December 30, 2024 8:39 PM

views 27

শ্ৰীমদ ৰাজচন্দ্ৰ অভিযানৰ বাৰ্ষিক উৎসৱৰ সামৰণি অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰাজ্যখনৰ বালচাড় জিলাৰ ধৰ্মপুৰত শ্ৰীমদ ৰাজচন্দ্ৰ অভিযানৰ বাৰ্ষিক উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত গুজৰাটৰ বিত্ত আৰু শক্তিমন্ত্ৰী কানুভাই দেশাই আৰু গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী হৰ্ষ সংঘৱি উপস্থিত থাকে।

December 30, 2024 8:38 PM

views 24

পুৰোহিতসকলক জলপানি ঘোষণা কৰা সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক প্রশ্ন উত্থাপন বিজেপিৰ

বিজেপিয়ে আজি আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক মন্দিৰ আৰু গুৰুদ্ধাৰৰ পুৰোহিতসকলক মাহিলী ১৮ হাজাৰকৈ জলপানি ঘোষণা কৰা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। বিজেপি নেতা প্ৰেম শুক্লাই আজি সংবাদ মাধ্যমৰ আগত আপে ইয়াৰ পূৰ্বে পুৰোহিতসকলক কিয় এনে সুবিধা প্ৰদান কৰা নাছিল বুলি প্ৰশ্ন কৰে। আপে বিগ...

December 30, 2024 8:34 PM

views 26

পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা

অসমত ৰাজ্যিক নির্বাচন আয়োগে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে পঞ্চায়ত নির্বাচন ব্যৱস্থাপনা সমিতি,...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।