ৰাষ্ট্ৰীয়

January 19, 2025 12:11 PM

views 11

ভাৰতৰ অংকিতা ৰাঈনা আৰু ব্ৰিটেইনৰ নাইকথা বেইনছৰ ITF W50 প্রতিযোগিতাৰ খিতাপ দখল

ভাৰতৰ টেনিছ তাৰকা অংকিতা ৰাঈনা আৰু ব্ৰিটেইনৰ নাইকথা বেইনছে ITF W50 প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ফাইনেল খেলখনত যুটিটোৱে আমেৰিকাৰ চতুৰ্থ বাছনিৰ জেছি এনে আৰু জেছিকা ফাইল্লাক ৬-৪, ৩-৬, ১০-৮ ছেটত পৰাস্ত কৰে। এয়া হৈছে অংকিতাৰ প্ৰথমটো ডাবলছৰ খিতাপ৷

January 19, 2025 12:10 PM

views 11

আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ বাবে ১৫জনীয়া দল ঘোষণা কৰিছে। এদিনীয়া দললৈ কুলদীপ যাদৱ আৰু মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন ঘটিছে। যশপ্রীত বুমৰাকো চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ বাবে দলত অন্তর্ভুক্ত কৰা হৈছে। ৰোহিত...

January 18, 2025 8:28 PM

views 20

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰায়ক দোষী সাব্যস্ত

পশ্চিম বংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত ৰাজ্যখনৰ শিয়ালদহ আদালতে সঞ্জয় ৰায় নামৰ অভিযুক্তজনক দোষী সাব্যস্ত কৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২০ জানুৱাৰীত গ্ৰহণ কৰা হ'ব। সেইদিনা আদালতে শাস্তিৰ পৰিমাণ সন্দৰ্ভত ঘোষণা কৰাৰ সম্ভাৱনা আছে। অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে দাখিল...

January 18, 2025 7:09 PM

views 19

তিনিদিনীয়া কাৰ্যসূচীৰে পীয়ুছ গোৱেলৰ ব্ৰুছেলছ ভ্ৰমণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুছ গোৱেলে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ব্ৰুছেলছ ভ্ৰমণ কৰিব। এই ভ্রমণ কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়োগৰ অধ্যক্ষ মাৰ্কোচ চেফকোভিকৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। এই বৈঠকত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিক...

January 18, 2025 7:04 PM

views 21

অহা ৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

সংসদৰ বাজেট অধিৱেশন অহা ৩১ জানুৱাৰীত আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰিব। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ...

January 18, 2025 6:56 PM

views 24

কাইলৈ আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্...

January 18, 2025 6:48 PM

views 20

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ১,৫২১ খন মনোনয়ন পত্ৰ দাখিল

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৫২১ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৬৮০খন মনোনয়ন পত্র দাখিল কৰা হৈছে । নির্বাচন আয়োগে জনোৱা অনুসৰি নতুন দিল্লী বিধানসভা সমষ্টিৰ আসনখনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ ৪০খন মনোনয়ন পত্র...

January 18, 2025 8:25 PM

views 21

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৬৫ লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীসকলৰ মাজত স্বামীত্ব আঁচনিৰ অধীনত প্রায় ৬৫ লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটোক গ্ৰাম্য অৰ্থব্...

January 17, 2025 8:32 PM

views 12

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত কেন্দ্ৰৰ তীক্ষ্ণ দৃষ্টি

কেন্দ্ৰীয় চৰকাৰে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এগৰাকী মুখপাত্রই নতুন দিল্লীত এই বিষয়ে প্রকাশ কৰি কয়, যে গ্রাহকসকললৈ উচিত মূল্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মন্ত্ৰালয়ে কেতবোৰ...

January 17, 2025 8:29 PM

views 12

আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১,৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন

অর্থনৈতিক বিষয়ক কেন্দ্রীয় মন্ত্রীসভা সমিতিয়ে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড চমুকৈ আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১ হাজাৰ ৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্রীয় মন্ত্রীসভাই কালি অনুমোদন দিয়া আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ এই সাহায্যৰ বিষয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।