ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ প্রতিনিধি দলৰ নিৰ্বাচন আয়োগক সাক্ষাৎ

◊ কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ অন্য দলসমূহে ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ তুলি বিজেপিয়ে নির্বাচন আয়োগৰ কাষ চাপিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ এটা প্রতিনিধি দলে কালি বিষয়টো লৈ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীত্ৰিৱেদীয়ে কয় যে দলে এনে ধৰণৰ ঘটনাৰ ১৫টা উদাহৰণ দাঙি ধৰিছে আৰু এই উদাহৰণসমূহ সাধাৰণ নহয়, বৰং কংগ্ৰেছে পৰিকল্পিতভাৱে এই তথ্যসমূহ প্ৰচাৰ কৰিছে। কংগ্ৰেছ আৰু মিত্ৰদলৰ নেতাসকলে অবিৰতভাৱে কৰা বিবৃতিক নিৰপেক্ষ আৰু নিকা নিৰ্বাচনৰ পৰিপন্থী বুলি অভিহিত কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে আয়োগক অনুৰোধ জনাইছে।