May 3, 2024 12:20 PM

views 30

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ প্রতিনিধি দলৰ নিৰ্বাচন আয়োগক সাক্ষাৎ

◊ কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ অন্য দলসমূহে ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ তুলি বিজেপিয়ে নির্বাচন আয়োগৰ কাষ চাপিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ এটা প্রতিনিধি দলে কালি বিষয়টো লৈ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীত্ৰিৱেদীয়ে কয় যে দলে এনে ধৰণৰ ঘটনাৰ ১৫টা উদাহৰণ দাঙি ধৰিছে আৰু এই উদাহৰণসমূহ সাধাৰণ নহয়, বৰং কংগ্ৰেছে পৰিকল্পিতভাৱে এই তথ্যসমূহ প্ৰচাৰ কৰিছে। কংগ্ৰেছ আৰু মিত্ৰদলৰ নেতাসকলে অবিৰতভাৱে কৰা বিবৃতিক ...

April 17, 2024 10:47 AM

views 23

অন্ধ্রপ্রদেশ চৰকাৰৰ বিৰুদ্ধে নির্বাচন আয়োগক অভিযোগ দাখিল বিজেপিৰ

বিজেপিৰ এটা প্ৰতিনিধি দলে কালি নির্বাচন আয়োগক সাক্ষাৎ কৰি এন ডি এ কৰ্মীক অপব্যৱহাৰ কৰাৰ বাবে জগন মোহন ৰেড্ডী নেতৃত্বাধীন অন্ধ্রপ্রদেশ চৰকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিং, ওম পাঠক, তেলেগু দেশম পাৰ্টিৰ সদস্য কে ৰবীন্দ্ৰ কুমাৰ, জনসেনা পাৰ্টিৰ অধ্যক্ষ এন মনোহৰ তথা অন্যান্য সদস্যৰে গঠিত প্রতিনিধি দলটোৱে নতুন দিল্লীত এই সন্দৰ্ভত আয়োগক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অৰুণ সিঙে কয় যে শাসকীয় ৰাজ্য চৰকাৰৰ সপক্ষে কাম কৰিবলৈ ৰাজ্যিক শাসন ব্যৱস্থাই...