September 14, 2025 6:58 PM

views 22

দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা

দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলদৈৰ এখন জনসভাত আজি ঘোষণা কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয় যে অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনৰ পৰা দেশৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা হ'ব। অনুপ্ৰৱেশকাৰীৰ পৃষ্ঠপোষকসকলক সকিয়াই দি প্রধানমন্ত্রীয়ে লগতে কয়, যে অন...

September 14, 2025 12:51 PM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ১৮,৫৩০ কোটি টকা ব্যয়সাপেক্ষে অসমৰ আন্তঃগাঁথনি আৰু ঔদ্যোগীক বিকাশৰ সৈতে জড়িত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮,৫৩০ কোটি টকা ব্যয়সাপেক্ষে অসমৰ প্ৰধান আন্তঃগাঁথনি আৰু ঔদ্যোগীক বিকাশৰ সৈতে জড়িত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰথমে তেওঁ অঞ্চলটোৰ চিকিৎসা-শিক্ষা আৰু স্বাস্থ্যৰ যতন শক্তিশালী কৰাৰ উদ্দেশ্যে মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবল...

September 14, 2025 12:28 PM

views 42

মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত চীনৰ মুখামুখি

চীনৰ হাংজৌত হ'বলগীয়া মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত আজি চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময়মতে সন্ধিয়া চাৰে পাঁচ বজাত অনুষ্ঠিত হ'ব। কালি চুপাৰ ফ'ৰ পৰ্য্যায়ত ভাৰত আৰু জাপানৰ মাজৰ খেলখন ড্র' হয়। ভাৰতৰ বিউটি ডুং ডুঙে ভাৰতৰ হৈ স্ক'ৰ সংগ্ৰহ কৰিলেও, চতুথাৰ্ধত জাপ...

September 14, 2025 12:24 PM

views 56

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি হিমালয়ৰ পাদদেশীয় অঞ্চলত প্ৰৱল বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতে ছিক্কিম, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশীয় অঞ্চল, বিহাৰ আৰু গোৱাৰ কোনো কোনো এলেকাত প্ৰৱল বৰষুণৰ আগজাননী দিছে। বিভাগে লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, উত্তৰাখণ্ড, হিমাচল প্রদেশ, চত্তিশগড়, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ,...

September 14, 2025 12:21 PM

views 20

প্ৰতিকূল বতৰৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰা বন্ধ থাকিব

জম্মু-কাশ্মীৰত তীর্থযাত্ৰীৰ বাবে বিগত কেইবাদিনো ধৰি বন্ধ হৈ থকা শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰা আজি পুনৰ মুকলি কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত এই যাত্রা বন্ধ থাকিব। উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ ৰেইচি জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শ্ৰীমাতা বৈষ্ণোদেৱী সমিতিয়ে ক...

September 14, 2025 12:18 PM

views 100

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ দ্বাৰা AIIMS Disha এপ’ মুকলি

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কালি AIIMS Disha নামৰ এটা কৃত্রিম বুদ্ধিমত্তা আৰু আই অ' টি সমর্থিত আভ্যন্তৰীন দিক্ নিৰ্দেশনা এপ' মুকলি কৰে। এই এপৰ জৰিয়তে চিকিৎ‍সালয়সমূহত ৰোগী, দৰ্শনাৰ্থী আৰু চিকিৎসাকর্মীসকলে স্মার্ট ফোনৰ সহায়েৰে চিকিৎসালয়ৰ আভ্যন্তৰীন দিক্ নিৰ্দেশনা লাভ কৰিব। ইয়াৰ ফলত...

September 14, 2025 12:13 PM

views 23

সমগ্র দেশতে হিন্দী দিৱস উদযাপন

আজি সমগ্র দেশতে হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দীক দেশৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। বৰ্তমান হিন্দী হৈছে বিশ্বৰ সৰ্বাধিক ব্যৱহৃত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিকৈও অধিক মানুহে ব্যৱহাৰ কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গ...

September 14, 2025 12:07 PM

views 33

মণিপুৰৰ ৰাইজক ৰাজ্যখনত শান্তি স্থাপনৰ বাবে আগবাঢ়ি অহাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইম্ফলত এখন ৰাজহুৱা সভাত ভাষণ দি মণিপুৰৰ ৰাইজক ৰাজ্যখনত শান্তি স্থাপনৰ বাবে আগবাঢ়ি অহাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনায়। মণিপুৰ ভ্ৰমণ কালত প্ৰধানমন্ত্ৰীয়ে ৭,৩০০ কোটি টকাতকৈও অধিক টকা ব্যয় সাপেক্ষ ১৪ টা ভিন ভিন প্ৰকল্পৰ আধাৰশিল...

September 14, 2025 11:55 AM

views 34

বিটিচি নিৰ্বাচন উপলক্ষে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ

বিটিচি নিৰ্বাচনৰ ভোটগ্রহণলৈ মাজত এসপ্তাহ বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কালি পৰ্বতঝৰা পৰিষদীয় সমষ্টিত দলীয় প্রার্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি চিৰাং জি...

September 14, 2025 11:48 AM

views 27

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ পৰা প্ৰতি বছৰে ৫০ হাজাৰ টন ইথানল, ১৮ হাজাৰ টন ফার্ফিউৰেল আৰু ১১ হাজাৰ টন এচিটিক এচিড উৎপাদন কৰা হ'ব। অৱশি...