September 20, 2025 9:31 PM

views 21

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত আজি প্ৰচাৰ অভিযান স্তব্ধ হৈ পৰে। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই সকলো ৰাজনৈতিক দল প্ৰচাৰ অভিযানৰ পৰা বিৰত থাকে। ২২ ছেপ্তেম্বৰত বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব।

September 20, 2025 9:29 PM

views 26

জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ স্থগিত ঘোষণা

জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে কাইলৈ আৰু পৰহিলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। আয়োগে প্রকাশ কৰা মতে, কাইলৈ হ'বলগীয়া মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষা স্থগিত ৰখা হৈছে। একেদৰে, পৰহিলৈ হ'বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া ২...

September 20, 2025 9:27 PM

views 25

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিশদ অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৰঙ...

September 20, 2025 9:24 PM

views 50

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত শোকস্তব্ধ সমগ্ৰ ৰাজ্য

জনতাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰিছে। কালি এই পীড়াদায়ক বাতৰি পোৱাৰ পাছৰে পৰা অগণন লোক স্বতঃস্ফূর্তভাৱে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথসমূহত সমবেত হয়। ম্রিয়মান জনতাই শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ কণ্ঠত আওঁৰাই তেওঁৰ প্ৰতি আজিও ৰাজ্যৰ ...

September 20, 2025 9:25 PM

views 15

জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ

জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ৰাখিবলগীয়া ষ্টেডিয়ামখনৰ সামগ্ৰিক ব্যৱস্থাপনা আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, মন্ত্রী বিমল বৰাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছে। এই ঘটনা সন্দৰ...

September 20, 2025 9:14 PM

views 6

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানার্থে আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

সমগ্ৰ অসমজুৰি হাহাকাৰ আৰু শূন্যতা। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অভাৱনীয় আৰু আকস্মিক বিয়োগৰ যন্ত্ৰণাত ৰাজ্যত যেন চকুলোৰ নৈ বৈছে। চৌদিশে কেৱল হুমুনিয়াহ আৰু বিষাদ। অসমৰ সংগীত জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানার্থে আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শ...

September 20, 2025 1:16 PM

views 13

প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন

আজি প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ ওপজা দিন। সুললিত কণ্ঠৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙনি আগবঢ়াই যোৱা শিল্পীগৰাকীৰ ওপজা দিনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কয়, যে সুৰ বাহিনীৰ স্ৰষ্টা, গণশিল্পী জয়ন্ত হাজৰিকাৰ...

September 20, 2025 1:13 PM

views 43

জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত প্ৰভাৱ

অসমবাসীৰ হিয়াৰ আমঠু, জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানতো প্ৰভাৱ পেলাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত কালি বিয়লিৰ পৰা হঠাৎ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান স্তব্ধ হৈ পৰে। জুবিনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পাছতে বিজেপি আৰু কংগ্ৰেছে বাকী থকা নিৰ্বাচনী প্ৰচা...

September 20, 2025 1:09 PM

views 22

জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিয়োগl ৰাজ্যৰ চুকে কোণে শোকৰ লহৰ

জনপ্রিয় কণ্ঠশিল্পী, বাদ্যশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতা, চলচিত্ৰ পৰিচালক, চিত্র নাট্যকাৰ জুবিন গাৰ্গৰ কালি বিয়োগৰ বাতৰিয়ে ৰাজ্যৰ চুকে কোণে শোকৰ লহৰ তুলিছে। যোৰহাটত শিল্পীগৰাকীৰ মৃত্যুত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলাখনৰ বৰুৱা চাৰিআলিৰ ...

September 20, 2025 1:00 PM

views 37

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত ওমান ২১ ৰাণত পৰাজিত

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ- এৰ অন্তিমখন খেলত ভাৰতে ওমানক ২১ ৰানত পৰাজিত কৰে। ওমানে ১৮৯ ৰানৰ বিজয় লক্ষ্যৰে খেলা আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৬৭ ৰান কৰে। হার্ডিক পাণ্ডিয়া, অর্শ্বদ্বীপ সিং, হৰ্ষিত ৰাণা আৰু কুলদীপ যাদ...