September 26, 2025 1:32 PM

views 27

মিজোৰামৰ ‘Book Nest Initiative’ ৰ অধীনত এতিয়ালৈকে ৬০০০ৰো অধিক গ্ৰন্থ সংগ্ৰহ

মিজোৰামৰ লুংলেই চহৰত চলি থকা 'Book Nest Initiative' ৰ অধীনত এতিয়ালৈকে ছহেজাৰৰো অধিক গ্ৰন্থ সংগ্ৰহ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ লুংলেইৰ উপায়ুক্তই শুভাৰম্ভ কৰা এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ অংশগ্রহণেৰে বিভিন্ন গ্ৰন্থ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। যোৱা ৮ ছেপ্তেম্বৰত এই অভিযান মুকলি কৰা হৈছে। ই...

September 26, 2025 1:29 PM

views 32

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা আজি পুৱাৰে পৰা আৰম্ভ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। শেহতীয়া তথ্য মতে এই পর্যন্ত ২১খন আসনত বি পি এফে অগ্রগতি লাভ কৰিছে। ইউ পি পি এলে ৮খন, বিজেপিয়ে ৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। প্রথমে পোষ্টেল বেলটৰ ...

September 26, 2025 1:35 PM

views 28

ৰাষ্ট্ৰপতি ভৱন আজি সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান কৰে। ৰাষ্ট্রীয় ভূ-বিজ্ঞান বঁটা দেশৰ পুৰণি আৰু সন্মানীয় বঁটাসমূহৰ ভিতৰত অন্যতম। ভূ-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব আৰু অৱদান আগবঢ...

September 26, 2025 1:15 PM

views 33

গোলকীয় বিনিয়োগকাৰী সকলে ভাৰতলৈ আশাৰে চাইছে বুলি প্রধানমন্ত্ৰীৰ প্ৰকাশ

গোলকীয় বিনিয়োগকাৰী বিশেষকৈ খাদ্য খণ্ডৰ বিনিয়োগকাৰীসকলে ভাৰতলৈ আশাৰে চাইছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি বিশ্ব খাদ্য ভাৰত ২০২৫ শীর্ষক কার্যসূচীত অংশগ্রহণ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে শক্তিশালী ঘৰুৱা চাহিদাই ভাৰতক বিনিয়োগকাৰীসকলৰ বাবে পছন্দৰ ঠাই হিচাপে গঢ...

September 26, 2025 1:08 PM

views 36

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত বাংলাদেশক ১১ ৰানত হৰুৱাই পাকিস্তান ফাইনেলত প্ৰৱেশ

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদত অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, সপ্তদশবাৰৰ বাবে অনুষ্ঠিত এ...

September 26, 2025 1:06 PM

views 35

ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত শাৰদীয় দুর্গা পূজাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো এদিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত পূজাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। ৰাজ্যবাসীয়ে বেদীত দুৰ্গাৰ প্ৰতিমূৰ্তি স্থাপন কৰি পূজা-অৰ্চনাৰ বাবে সাজু হৈছে যদিও জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্রিয়মান হৈ থকাৰ বাবে পূজাৰ উছাহ ম্লান পৰিছে। শিল্প...

September 26, 2025 1:03 PM

views 20

আজিৰেপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি

 বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আজি পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুর্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি ...

September 26, 2025 12:57 PM

views 32

লোকসেৱা ভৱনত সোণোৱাল কছাৰী সমাজৰ প্ৰতিনিধিসকলৰ সৈতে কালি মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সোণোৱাল কছাৰী সমাজৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মূলতঃ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰ তথা সামগ্ৰিক বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয় ৷ ড° শৰ্মাই ইয়াৰ পূৰ্বে সদৌ মৰাণ...

September 26, 2025 12:50 PM

views 31

জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ বাবে অসম সাহিত্য সভাৰ বিশেষ পদক্ষেপ গ্ৰহণ

অসম সাহিত্য সভাই শিল্পী জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে। এই ৰচনাৱলী ২০২৬ বৰ্ষত প্ৰকাশ কৰা হ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি সভাপতিগৰাকীয়ে কয়, যে শিল্পীগৰাকীৰ...

September 26, 2025 12:46 PM

views 19

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কালি আছাম পাব্লিক ৱৰ্কছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠন দুটাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে। জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰিবলগীয়া এই আবেদনখনৰ অহা ১০ নৱেম্...