September 26, 2025 12:40 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত এছ আই টিৰ অভিযান

শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট - এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়।...

September 26, 2025 12:47 PM

views 51

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনাত ২১খন আসনত বি পি এফৰ অগ্রগতি লাভ

■ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। শেহতীয়া তথ্য মতে এই পর্যন্ত ২১খন আসনত বি পি এফে অগ্রগতি লাভ কৰিছে। ইউ পি পি এলে ৮খন, বিজেপিয়ে ৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। প্রথমে পোষ্টেল বেলট...

September 26, 2025 12:51 PM

views 38

জোনাইত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

■ জোনাই থানাৰ অন্তৰ্গত বেৰাচাপৰিৰ তাৰি নেপালী বস্তিত কালি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱায়। স্থানীয় লোকৰ উদ্ধৃতিৰে আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে মহেন্দ্ৰ দাস নামৰ ৬৫ বছৰ বয়সীয়া লোকজন পুৱা প্ৰায় ৪ বজাত বিলত মাছ ধৰিবলৈ যোৱা অৱস্থাত পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ...

September 26, 2025 12:09 PM

views 50

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ...

September 26, 2025 12:05 PM

views 35

এছিয়া কাপ টি-২০ ক্রিকেটত বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত পাকিস্তানৰ

■ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদত অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, সপ্তদশবাৰৰ বাবে অনুষ্ঠিত ...

September 26, 2025 11:47 AM

views 64

শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত আৰক্ষীৰ অভিযান

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট - এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায...

September 26, 2025 12:01 PM

views 38

আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

● বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আজি পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুর্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি...

September 26, 2025 11:57 AM

views 54

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ

●বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'ব। আবেলিৰ ভিতৰত আটাইকেইটা সমষ্টিৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ...

September 26, 2025 11:52 AM

views 90

জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুতৰ বাবে অসম সাহিত্য সভাৰ বিশেষ পদক্ষেপ

■ অসম সাহিত্য সভাই শিল্পী জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে। এই ৰচনাৱলী ২০২৬ বৰ্ষত প্ৰকাশ কৰা হ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি সভাপতিগৰাকীয়ে কয়, যে শিল্পীগৰাক...

September 25, 2025 9:59 PM

views 33

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে পণ্ডিত দীনদয়াল উপাধ্যায়ে অত্যন্ত সৰল আৰু গভীৰ চিন্তাৰে জীৱন অতিবাহিত কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ জেপত মাত্র পাঁচ টকাহে আছিল। তেওঁ...