September 27, 2025 8:22 PM

views 35

আকাশবাণীত কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২৬সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৬ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব...

September 27, 2025 8:21 PM

views 36

বিহাৰত অমিত শ্বাহৰ দলীয় নেতা-কৰ্মীৰ সৈতে বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজনৈতিক কার্যকলাপ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ বিহাৰ ভ্ৰমণৰ দ্বিতীয় দিনা দলীয় নেতা আৰু কৰ্মকৰ্তাসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। সমষ্টিপুৰৰ নেতা আৰু কৰ্মীসকলৰ সৈতেও তেওঁ নির্বাচনী কৌশ...

September 27, 2025 8:19 PM

views 21

দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত দুটা সোণসহ ভাৰতৰ সাতটা পদক অৰ্জন

দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত আজি অন্তিম দিনা ব্যক্তিগত কম্পাউণ্ড শাখাত ভাৰতে দুটা সোণৰ পদক অৰ্জনেৰে প্ৰতিযোগিতাত মুঠ সাতটা পদক লাভ কৰিছে। ব্যক্তিগত কম্পাউণ্ড শাখাত দুয়োখন হাত নথকা ভাৰতৰ ১৮ বছৰীয়া সীতল দেৱীয়ে সোণৰ পদক অর্জনেৰে ইতিহাস ৰছে। তেওঁ তুৰস্কৰ বিশ্বৰ এক নম্বৰ...

September 27, 2025 8:17 PM

views 29

নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলৰ সোণৰ পদক

নতুন দিল্লীৰ ড০ কনি সিং ৰেঞ্জত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত আজি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলে সোণৰ পদক অৰ্জন কৰে। তেওঁলোকে প্রতিযোগিতাৰ ফাইলেনত বংশীকা চৌধাৰী আৰু এণ্টনি জনাথন গেভিনক ১৬-১০ ব্যৱধানত পৰাস্ত কৰে। এই শাখাত স্পেইনৰ যুটিটোৱে ব্ৰঞ...

September 27, 2025 8:03 PM

views 27

গুৱাহাটীত আজি পাণবজাৰৰ উৰণ সেতু আৰু পানীখাইতিৰ উৰণ সেতু আনুষ্ঠানিক ভাৱে উদ্বোধন

 ৰাজ্যৰ যাতায়াত ব্যৱস্থাক নতুন মাত্রা দি আজি গুৱাহাটীত দুখন উৰণ সেতু উদ্বোধন কৰা হয়। ৪৭ কোটি টকা ব্যয় সাপেক্ষে আজি পাণবজাৰৰ ৬০ বছৰ পুৰণি উৰণ সেতুৰ ঠাইত ২৯০ মিটাৰ দৈৰ্ঘ্যৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰা হয়। এই উৰণ সেতুৱে পাণবজাৰ অঞ্চলত যানজটৰ সমস্যা হ্ৰাস কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম...

September 27, 2025 7:58 PM

views 47

ৰাজ্যত কাইলৈ ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

শাৰদীয় দুর্গা পূজাৰ কাইলৈ ষষ্ঠী। বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে কাইলৈ এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যখনত শাৰদীয় পূৰ্বৰ ...

September 27, 2025 7:54 PM

views 28

ৰাজ্যত খালী হৈ থকা ভালেসংখ্যক বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অহা অক্টোবৰ মাহৰ ভিতৰত ঘোষণা

ৰাজ্যত খালী হৈ থকা ভালেসংখ্যক শিক্ষক, স্বাস্থ্য বিভাগৰ কাৰিকৰী, অ-কাৰিকাৰী পদকে ধৰি বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অহা অক্টোবৰ মাহৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ৯ অক্টোবৰৰ ভিতৰত চৰকাৰে এই প...

September 27, 2025 7:49 PM

views 129

কাছাৰ জিলাৰ অতিৰিক্ত ছেচন ন্যায়াধীশৰ আদালতৰ আজি নাবালিকা ধৰ্ষণৰ অপৰাধত এজন যুৱকক ২৫ বছৰৰ কাৰাদণ্ড

কাছাৰ জিলাৰ অতিৰিক্ত ছেচন ন্যায়াধীশৰ আদালতে আজি জিলাখনৰ এজন যুৱকক নাবালিকা ধৰ্ষণৰ অপৰাধত ২৫ বছৰৰ কাৰাদণ্ড বিহে। উদাৰবন্দৰ ৰাজদীপ দাস নামৰ এই অপৰাধীজনক ৫০ হাজাৰ টকাৰ জৰিমণা ও বিহা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে যোৱা বছৰৰ ১১ অক্টোবৰত এই লোকজনে ১৬ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল। অভিযুক্তৰ ব...

September 27, 2025 7:46 PM

views 14

আকাশবাণীত আজি জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ’ব সেই বিষয়ে এটা ক্ষেত্রভিত্তিক বিশ্লেষণ প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে এটা ক্ষেত্রভিত্তিক বিশ্লেষণ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ঔষধ আৰু ঔষধজাতীয় সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী, দুচকীয়া বাহন আৰু গাড়ীৰ ক্ষেত্ৰত মূল্যৰ পৰিৱৰ্তন সম্পৰ্কত সংশ্লি...

September 27, 2025 7:07 PM

views 38

নতুন দিল্লীত আজিৰে পৰা দ্বাদশ বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপ অনুষ্ঠিত

নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত আজিৰে পৰা দ্বাদশ বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। এই ৯ দিনীয়া প্রতিযোগিতাখনত বিভিন্ন শাখাত বিজয়ীসকলক মুঠ ১৮৬ টা পদক প্ৰদান কৰা হ'ব। ইয়াৰে পুৰুষৰ বাবে ১০১টা, মহিলাৰ বাবে ৮৪টা আৰু মিক্সড শাখাৰ বাবে এটা পদক থাকিব। প্ৰতিযোগিতাখনৰ ৫ অক্টোবৰত সামৰণি পৰ...