September 29, 2025 10:52 AM

views 32

ভাৰতৰ নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয়

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে তিলক বার্মাৰ আকর্ষণীয় বেটিঙৰ সহায়ত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয় কৰে। ভাৰতে ১৪৭ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ ৪টা বলত ৫ উইকেটৰ বিনিময়ত ১৫০ ৰান...

September 29, 2025 10:49 AM

views 51

ৰেলৱে সুৰক্ষা বাহিনীৰ যোৱা ১৮-২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যোৱা ১৮ৰ পৰা ২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ কৰিছে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰে প্ৰকাশ কৰা মতে ১৮-১৯ ছেপ্তেম্বৰত আলিপুৰদুৱাৰ আৰু চাপৰমুখৰ পৰা তিনিটি নাবালকক উদ্ধাৰ কৰাৰ লগতে বাৰচৈ, নিউ...

September 29, 2025 10:45 AM

views 43

৫ অক্টোবৰত কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ শপতগ্রহণ

বিটিচি নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে কালি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে ...

September 29, 2025 10:39 AM

views 81

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি মন কি বাতত অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ অকাল বিয়োগতো গভীৰ শোক প্রকাশ কৰে। নিজৰ প্ৰতিভাৰে সমগ্ৰ দেশতে পৰিচিত হৈ পৰা জুবিন গাৰ্গৰ অসমৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, য...

September 29, 2025 10:32 AM

views 68

আজি শাৰদীয় অকালবোধনৰ মহাসপ্তমী পূজা

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত স্তিমিত উৎসাহ-উদ্দীপনাৰে শাৰদীয় দুর্গোৎসৱৰ আয়োজন কৰা হৈছে। আজি শাৰদীয় অকালবোধনৰ মহাসপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি-নীতিৰে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হয়। এইবাৰ দেৱী দ...

September 29, 2025 10:28 AM

views 28

স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিম কাৰ্বি আংলঙ জিলাৰ হামৰেণত নতুন জিলা চিকিৎসালয় উদ্বোধন

পশ্চিম কাৰ্বি আংলঙ জিলাত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে এই জিনা চিকিৎসালয়খন নিৰ্মাণ ক...

September 29, 2025 10:23 AM

views 31

জনসাধাৰণৰ বাবে ৰাণী ৰচমনি এগৰাকী স্বপ্নদর্শী আৰু পৰোপকাৰী নেত্ৰী হিচাপে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোঁৱৰণ

ৰাণী ৰচমনিৰ আজি জন্মদিন উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে তেওঁ সাহস, সহানুভূতি আৰু প্রত্যয়ৰ এটা নাম। প্রধানমন্ত্রীয়ে কয়, যে জনসাধাৰণে ৰাণী ৰচমনিক এগৰাকী স্বপ্নদর্শী আৰু পৰোপকাৰী নেত্ৰী হিচাপে সোঁৱৰণ কৰে। প্রধানমন্ত্রী শ...

September 29, 2025 10:16 AM

views 67

পৰৱর্তী প্রজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে কেতবোৰ খাদ্য সামগ্ৰীৰ কৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ দিয়াৰ প্ৰয়াস চৰকাৰৰ

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থা সৰলীকৰণৰ দিশত গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। যোৱা ২২ ছেপ্তেম্বৰত এই নতুন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে আৰু জনসাধাৰণে বর্তমান জি এছ টি সংস্কাৰৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই নতুন ব্যৱস্থাৰ অধীনত জি এছ টি পৰিষদে পূর্বৰ ৫ শতাংশ, ১২ শতাংশ, ১৮...

September 28, 2025 8:55 PM

views 41

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি দলৰ শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰে গঠন কৰা বিশেষ তদন্তকাৰী দল – এছ আই টিয়ে আজি শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰে। শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ লগতে পৰিয়ালৰ সদস্যই কালি চি আই ডিক এই ঘটনাৰ তদন্...

September 28, 2025 8:53 PM

views 93

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্রযোজক তিম’থী দাস হাঞ্চেৰ দেহাৱসান

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্রযোজক তিম’থী দাস হাঞ্চেৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। অসমীয়া চলচ্চিত্ৰ পলে পলে উৰে মন আৰু জীৱন বাটৰ লগৰীৰ পৰিচালক তথা প্রযোজক হাঞ্চেই জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে’ শীৰ্ষক জনপ্ৰি...