October 3, 2025 12:53 PM

views 60

ৰাজ্যৰ ভিন্ন স্থানত আজি পুৱাৰ পৰাও দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হয়। ৰাজ্যৰ ভিন্ন স্থানত আজি পুৱাৰ পৰাও দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীৰ পাণ্ডু ঘাটত কালি নিশা ১০ বজাৰ পাছত প্ৰতিমা বিসর্জন কাৰ্যসূচী বন্ধ ৰখা হয়। আজি পুৱাৰে পৰা ঘাটটোত পুনৰ প্ৰত...

October 3, 2025 12:48 PM

views 39

ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ৯১ সংখ্যক জন্ম বার্ষিকী পালন

গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৯১ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন স্থানত সুকীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। ১৯৩৪ চনৰ আজিৰ দিনটোত কলকাতাত জন্মলাভ কৰা মহান শিল্পীগৰাকীয়ে সমৃদ্ধিশালী অসমীয়া সংস্কৃতিৰ এই বিশেষ ধাৰাটোক ৰাজ্যৰ পৰিসীমা অতিক্ৰম কৰাই সমগ্ৰ বিশ্বতে প্ৰত...

October 3, 2025 12:46 PM

views 27

মস্কোত ৱেষ্ট অব্ ইণ্ডিয়া- ভাৰতীয় বস্ত্ৰ আৰু সাজ পোছাক মেলা উদ্বোধন পৱিত্ৰ মাৰ্ঘেৰিটাৰ

ৰাছিয়া ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি মস্কোত ৱেষ্ট অব্ ইণ্ডিয়া- ভাৰতীয় বস্ত্ৰ আৰু সাজ পোছাক মেলা উদ্বোধন কৰে। এই মেলাত ভাৰতৰ শতাধিক বস্ত্ৰ উদ্যোগীয়ে উৎপাদন কৰা বস্ত্ৰ ৰাছিয়াৰ ১০ সহস্ৰাধিক বস্ত্ৰ ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰে। এই মেলাত কেইবাখনো বাণিজ্যিক চুক্তি...

October 3, 2025 12:44 PM

views 22

তিনিচুকীয়া জিলাৰ ৪৩ খন জনজাতীয় বসতিপ্রধান গাঁৱত বিশেষ গাঁও সভা অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ আদি কৰ্মযোগী অভিযানৰ অধীনত কালি তিনিচুকীয়া জিলাৰ ৪৩ খন জনজাতীয় বসতিপ্রধান গাঁৱত বিশেষ গাঁও সভা অনুষ্ঠিত হয়। অভিযানৰ অধীনত গাঁৱৰ বিকাশৰ বাবে যুগুতোৱা বিভিন্ন আঁচনিত এই সভাত অনুমোদন জনোৱা হয়। গান্ধী জয়ন্তী উপলক্ষে কালি দেশজুৰি এক লাখ জনজাতীয় গাঁৱত এনে গাঁওসভা অনুষ্ঠিত হয়। ইয়া...

October 3, 2025 12:40 PM

views 25

কোচ ৰজাৰ হাউলীত ঐতিহাসিক দৰ পূজা অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈৰ কোচ ৰজাৰ হাউলীত বিজয়া দশমীৰ মাংগলিক পৰ্বৰ অন্তত ঐতিহাসিক দৰ পূজা অনুষ্ঠিত হয়। কোচ ৰজাৰ ৩ খন হাউলীৰ ভিতৰত একমাত্র মোহনপুৰ হাউলীত ৪০০তকৈও অধিক বছৰীয়া পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে এইবাৰো এই পূজা পালন কৰা হয়। এই পূজাত যুদ্ধত ব্যৱহাৰ হোৱা ধাতুৰে নিৰ্মিত অস্ত্ৰ- শস্ত্ৰসমূহৰ লগতে ৰা...

October 3, 2025 12:33 PM

views 35

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ১৩ জন নাগৰিকক উদ্ধাৰ

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ১৩ জন নাগৰিকক কালি ভাৰতীয় সেনাই উদ্ধাৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র লেফটেনেণ্ট কর্ণেল মহেন্দ্ৰ ৰাৱাটে কয়, যে টাৱাং জিলাৰ বৈশাখীৰ সমীপৰ গজৰাজ কৰ্পছৰ জোৱানে ততপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ১৩ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয়। সেনা জোৱানসকলে ...

October 3, 2025 12:30 PM

views 27

এয়াৰবাছ আৰু ইণ্ডিগ’ৰ শীৰ্ষ কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড° এছ জয়শংকৰ আৰু ৰাম মোহন নাইডুৰ বৈঠক

 বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জৰাপু কালি নতুন দিল্লীত এয়াৰবাছ আৰু ইণ্ডিগ'ৰ শীৰ্ষ কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়। ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ড শক্তিশালী কৰাৰ লগতে ভাৰত আৰু ইউৰোপৰ মাজত অর্থনৈতিক সম্পর্ক সুদঢ...

October 3, 2025 12:35 PM

views 32

২০২৫-২৬ খাৰিফ কপাহ বৰ্ষৰ বাবে নুন্যতম সমর্থন মূল্য কাৰ্যকৰী কৰাৰ প্ৰস্তুতি বস্ত্ৰ মন্ত্ৰালয়ৰ

বস্ত্ৰ মন্ত্ৰালয়ে ২০২৫-২৬ খাৰিফ কপাহ বৰ্ষৰ বাবে নুন্যতম সমর্থন মূল্য কাৰ্যকৰী কৰাৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। বস্ত্ৰ মন্ত্ৰ্যালয়ৰ সচিবগৰাকীয়ে কালি ২০২৫-২৬ খাৰিফ কপাহ বৰ্ষৰ বাবে নুন্যতম সমর্থন মূল্য সম্পৰ্কীয় প্ৰস্তুতিৰ বিশদ পর্যালোচনা কৰে। বস্ত্ৰ মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত এই বুলি কোৱা হৈছে যে...

October 3, 2025 12:22 PM

views 22

নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা অনুষ্ঠিত

নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত কালি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত...

October 3, 2025 12:20 PM

views 38

প্রবীণ গান্ধীবাদী নেতা জি জি পাৰিখৰ দেহাৱসান

প্রবীণ গান্ধীবাদী, সমাজবাদী নেতা তথা স্বাধীনতা সংগ্রামী জি জি পাৰিখৰ কালি মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। স্বাধীনতা সংগ্ৰামীগৰাকীক তেওঁৰ জীৱন কালত দুবাৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল ৷ প্ৰথমটো ১৯৪২ চনত ভাৰত ত্যাগ অন্দোলনৰ সময়ত আৰু পাছত জৰুৰী অৱস্থাৰ সময়ত । এই জটিলতাৰ প...