October 4, 2025 1:02 PM

views 43

বি টি চিৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰীৰ কাইলৈ শপতগ্রহণ

বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কার্যবাহী সদস্যৰূপে শপতগ্রহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই শপতগ্রহণ অনুষ্ঠ...

October 4, 2025 1:00 PM

views 36

গোৱালপাৰাত জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধর্ম প্রার্থনা সভাৰ আয়োজন

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি গোৱালপাৰা চহৰৰ সংগম নাট্যগোষ্ঠীৰ প্ৰাংগণত জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধর্ম প্রার্থনা সভাৰ আয়োজন কৰা হৈছে। পুৱা প্রভাত ফেৰীৰে এই কাৰ্যসূচী আৰম্ভ হয়। দিনৰ ভাগৱত, কোৰাণ আৰু বাইবেল পাঠৰ লগতে নাম-প্ৰসংগ কৰা হ'ব। সন...

October 4, 2025 12:58 PM

views 54

চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়া শ্রীলংকাৰ মুখামুখি

চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গ্রুপ পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়া শ্রীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব। কাইলৈ প্রতিযোগিতাৰ আন এখন খেলত ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। উল্লেখযোগ্য যে, ভাৰতে ইতিমধ্যে প্রথমখন খেলত ডি এল এছ পদ্ধতিৰে ৫৯ ৰানত বিজয়ী হ...

October 4, 2025 12:56 PM

views 32

সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণীৰ আজি বিশেষ দৃষ্টিপাত অনুষ্ঠান

সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটি বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। সমাজকর্মী অৰ্চনা বৰঠাকুৰ আৰু অধিবক্তা নন্দিতা তালুকদাৰে এই অনুষ্ঠানত অংশ ল'ব। অনুষ্ঠানটোৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

October 4, 2025 12:43 PM

views 22

আহমেদাবাদ টেষ্টত শক্তিশালী স্থিতিত ভাৰত

আহমেবাদত চলিত প্রথমখন টেষ্ট মেছত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে আজি প্রথম ইনিংছত পাঁচটা উইকেটৰ বিনিময়ত কালিলৈকে সংগ্ৰহ কৰা ৪৪৮ ৰাণৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব। বর্তমান ক্রিজত বাশ্বিংটন সুন্দৰ ৯ ৰান আৰু ৰবীন্দ্ৰ জাদেজাই ১০৪ ৰান কৰি অপৰাজিত হৈ আছে। ভাৰতৰ হৈ কে এল ৰাহুলে ১০০ আৰু ধ্ৰুৱ জুৰেলে ১২৫ ৰান ...

October 4, 2025 12:41 PM

views 17

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৫ত মীৰাবাঈ চানুৰ ৰূপৰ পদক অর্জন

ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৱে নৰৱেত চলি থকা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৫ত ৰূপৰ পদক অর্জন কৰিছে। ৪৮ কিলোগ্রাম ওজন শাখাত অংশগ্ৰহণ কৰা চানুৱে মুঠ ১৯৯ কিলোগ্রাম ভাৰউত্তোলন কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে। উত্তৰ কোৰিয়াৰ ৰী চং গামে এই শাখাত তিনিটা সোণৰ পদক অর্জন কৰি প্রতিযোগিতাখনত আধিপত্য ব...

October 4, 2025 12:39 PM

views 31

২০২৫-২৬ বৰ্ষৰ বাবে মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ১৪ কোটি ৪০ লাখ টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি

 কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধীনত ১৪ কোটি ৪০ লাখ টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি কৰিছে। পঞ্চায়তীৰাজ মন্ত্রালয়ে জনোৱা মতে, এই অনুদানৰ জৰিয়তে ৰাজ্যখনৰ ৮০৮ খন যোগ্য গাঁও পৰিষদৰ সকলো উপকৃত হ'ব। এই অনুদানসমূহ ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা...

October 4, 2025 12:37 PM

views 16

অমৰপ্ৰীত সিঙৰ কৃত্রিম বুদ্ধিমত্তা সম্বলিত বহুল প্রচাৰিত এটা ভিডিঅ ভুৱা বুলি চৰকাৰৰ দাবী

বায়ুসেনাৰ মুৰববী অমৰপ্ৰীত সিঙৰ কৃত্রিম বুদ্ধিমত্তা সম্বলিত বহুল প্রচাৰিত এটা ভিডিঅ ভুৱা বুলি চৰকাৰে দাবী কৰিছে। প্ৰেছ ইনফ'ৰমেছন ব্যুৰ'ৰ সত্য পৰীক্ষণ গোটে কয়, যে বায়ুসেনাৰ মুৰবৰীগৰাকীৰ নামত ওলোৱা ভিডিঅটো ভুৱা আৰু এয়া প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত কৰা হৈছে। বায়ুসেনাৰ মুৰবৰীগৰাকীয়ে ভিডিঅ'টোত প্রকাশ পোৱা...

October 4, 2025 12:34 PM

views 78

হামাছে ইজৰাইলৰ বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত

হামাছে ইজৰাইলৰ বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত হৈছে। তথাপিও তেওঁলোকে আমেৰিকাৰ শান্তি প্ৰস্তাৱত উল্লেখ কৰা কেইবাটাও বিষয়ৰ ওপৰত অধিক আলোচনা হোৱাটো বিচাৰিছে। সংগঠনটোৱে এটা বিবৃতিত কয়, যে যদিহে সকলো বোৰ চৰ্ত পূৰণ হয় তেন্তে ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰস্তাৱত থকা বিনিময় সূত্র অনুসৰি জীৱিত বা মৃত সকল...

October 4, 2025 12:31 PM

views 48

শিৱৰাজ সিং চৌহানৰ আজি পাটনা ভ্রমণ

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে আজি বিহাৰৰ পাটনা ভ্রমণ কৰিব। এই ভ্রমণ কালত মন্ত্ৰী চৌহানে বিহাৰৰ ৰাজধানী চহৰখনত অনুষ্ঠিত মাখনা মহোৎসৱত ভাগ লোৱাৰ লগতে ৰবি কৰ্মশালা তথা কৃষি পৰামৰ্শ আলোচনাত অংশগ্রহণ কৰিব। এই অনুষ্ঠানসমূহত কৃষক আৰু বিভিন্ন কৃষি সংস্থাৰ উপস্থিতিও দেখা পোৱা যাব।