October 4, 2025 8:23 PM

views 42

গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিবলৈ জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা ৰথ যাত্ৰা

গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিবলৈ জিলা সমাজ কল্যাণ বিভাগে আজি সজাগতা ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা উলিওৱা সজাগতা ৰথ যাত্ৰাৰ পতাকা জোকাৰি জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই মুকলি কৰে। এই কাৰ্য্যসূচীৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্ত...

October 4, 2025 6:59 PM

views 30

ছিপাঝাৰত ৭১সংখ্যক বন্য প্রাণী সপ্তাহ উপলক্ষে সজাগতা সভা

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ উদ্যোগত আৰু ছিপাঝাৰৰ পশ্চিম চুবা ন-যুৱক সংঘৰ উদ্যোগত আজি দৰং জিলাৰ ছিপাঝাৰত ৭১ সংখ্যক বন্য প্রাণী সপ্তাহ উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। সভাত মানুহ আৰু বন্য প্ৰাণীৰ সহাৱস্থান সন্দৰ্ভত আলোচনা কৰা হয় ।

October 4, 2025 6:47 PM

views 30

গোৱালপাৰাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ সদ্‌গতি কামনাৰে সর্বধর্ম প্রার্থনা

জুবিন গাৰ্গ স্মৃতি সমিতি গোৱালপাৰাৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ সদ্‌গতি কামনাৰে আজি গোৱালপাৰা চহৰৰ সংগম নাট্যগোষ্ঠী প্ৰাংগনত সর্বধর্ম প্রার্থনা সভা অনুষ্ঠিত হয়। পুৱা প্ৰভাত ফেৰীৰ পাছত জিলা আয়ুক্ত প্রদীপ টিমুঙে শ্রদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই জুবিন গ...

October 4, 2025 6:37 PM

views 20

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিব

বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিব। শপতগ্রহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই শপত গ্রহণ অনুষ্ঠানত অংশ লোৱ...

October 4, 2025 6:28 PM

views 35

জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্রহণ এছ আই টিৰ

এছ আই টিয়ে আজি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্রহণ কৰে। তদন্তকাৰী বিষয়া মৰমী দাসে তেওঁলোকৰ ভাষ্য গ্রহণ কৰে। এই ঘটনা সন্দৰ্ভত আজি এছ আই টিয়ে জুবিন গাৰ্গৰ সহশিল্পী ছুইটি দাস আৰু সাংবাদিক প্ৰণয় বৰদলৈৰো ভাষ্য গ্রহণ কৰে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰ জ্যোতি গোস...

October 4, 2025 6:23 PM

views 23

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথৰ ৩৮ হাজাৰ হিতাধিকাৰিক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ ৩৮ হাজাৰ হিতাধিকাৰিলৈ ১০ হাজাৰ টকাকৈ চেকযোগে বিতৰণ কৰে। বিশ্বনাথ সমষ্টিৰ প্ৰায় ৩৫ হাজাৰ গৰাকী আৰু বিহালী সমষ্টিৰ ৩ হাজাৰ গৰাকী গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ হিতাধিকাৰীক এই চেক বিতৰণ কৰা হয়। ৰাজ্য চৰক...

October 4, 2025 6:13 PM

views 25

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ অধ্যক্ষতাত ন্যায়িক আয়োগ গঠন

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰে। ৰাজ্য চৰকাৰে এখন অধিসূচনা যোগে যোৱা নিশা এই বিষয়ে সদৰি কৰিছিল। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ক...

October 4, 2025 6:10 PM

views 16

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালতত দাখিল; গৰিমা গাৰ্গে আৰক্ষীক ওভতাই দিলে প্ৰতিবেদন

জি এম চি এইচত কৰা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি আদালতত দাখিল কৰাৰ লগতে শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গক অৰ্পণ কৰা হৈছিল যদিও শ্ৰীমতী গাৰ্গে সেয়া আৰক্ষীক ওভতাই দিয়ে। তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত এই প্ৰতিবেদন আৰক্ষী আৰু আদালতৰ ওচৰত থকা উচিত বুলি তেওঁ অনুভৱ কৰাৰ কথা...

October 4, 2025 1:07 PM

views 57

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ন্যায়িক আয়োগ গঠনৰ সিদ্ধান্ত

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰিছে। এখন অধিসূচনা যোগে কালি নিশা ৰাজ্য চৰকাৰে এই বিষয়ে সদৰি কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আ...

October 4, 2025 1:04 PM

views 38

ৰাজ্যত শীঘ্ৰেই ৩৫ হাজাৰ প্ৰাৰ্থীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্ত্যব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ প্রথমে মহিলা উদ্যমিতা আঁচনিৰ অধীনত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত প্রায় ৩৮ হাজাৰ গৰাকী মহিলাক প্ৰথম বছৰৰ কিস্তিৰ ধন প্ৰদান কৰিব। ইয়াৰ পিছত তেওঁ জিলাখনৰ পাভৈত পঞ্চম অসম বেটেলিয়নৰ শুভাৰম্ভ কৰিব। কালি সামাজিক...