October 10, 2025 8:47 PM

views 40

কাইলৈ নতুন দিল্লীত প্রধানমন্ত্রী ধন ধান্য যোজনা আৰু দাইল আত্মনির্ভৰশীলতা অভিযান মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত প্রধানমন্ত্রী ধন ধান্য যোজনা আৰু দাইল আত্মনির্ভৰশীলতা অভিযান মুকলি কৰিব। কৃষি মন্ত্রালয়ে প্রকাশ কৰা মতে প্রধানমন্ত্রী ধন-ধান্য কৃষি যোজনাৰ অধীনত সমগ্ৰ দেশৰ কম উৎপাদন হোৱা ১০০খন জিলাত ব্যাপক কৃষি বিকাশৰ আৰু কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিৰ ...

October 10, 2025 8:44 PM

views 74

বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নতুন দিল্লীত কেইবাটাও নতুন উদ্যম মুকলি

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নতুন দিল্লীত ৰাষ্ট্ৰীয় দূৰসংযোগ মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বাবে টেলি মানস এপকে ধৰি কেইবাটাও নতুন উদ্যম মুকলি কৰে। ন-ৰূপত সজাই তোলা টেলিমানস এপত জৰুৰী পৰিস্থিতিত দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে জৰুৰীকালীন...

October 10, 2025 8:43 PM

views 54

সমাগত বিধানসভা নির্বাচনৰ বাবে নির্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

বিহাৰৰ লগতে অন্যান্য ৰাজ্যসমূহৰ সমাগত বিধানসভা নির্বাচনৰ বাবে নির্বাচন আয়োগে নির্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্রশিক্ষণত অনলাইন মূল্যাংকন আৰু মনোনয়ন প্ৰক্ৰিয়াৰ সময়ত বিভিন্ন বিষয়ত উত্থাপন হোৱা সন্দেহ নিষ্পত্তি সন্দর্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। কালিৰে পৰা অনুষ্ঠিত এই প্রশিক্ষণ ...

October 10, 2025 8:41 PM

views 26

ইণ্ডো-জার্মান যুৱ নেতা মঞ্চত অর্জুন ৰাম মেঘৱালৰ অংশগ্রহণ

কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীত অনুষ্ঠিত ইণ্ডো-জার্মান যুৱ নেতা মঞ্চত অংশগ্রহণ কৰি ভাৰতক সুস্থিৰ গণতন্ত্ৰ হিচাপে গঢ়ি তোলা শেহতীয়া আইন সন্দর্ভত জনসাধাৰণক উদ্দেশ্যি ভাষণ প্রদান কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমেঘৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ...

October 10, 2025 8:27 PM

views 27

৪০ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্রতিযোগিতাত প্ৰিয়ানুজ বৰুৱাৰ ব্ৰঞ্জৰ পদক অৰ্জন

৪০ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্রতিযোগিতাত অসমৰ প্ৰিয়ানুজ বৰুৱাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ১৪ বছৰ অনুৰ্ধৰ লৰাৰ টাইথলম ইভেন্টত প্রিয়ানুজে এই সফলতা লাভ কৰিছে। ভুৱনেশ্বৰৰ কলিংগ স্টেডিয়ামত আজি ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্রতিযোগিতা আৰম্ভ হৈছে। প্রিয়ানুজ বৰুৱাৰ ঘৰ শিৱসাগৰত।

October 10, 2025 8:25 PM

views 34

বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত প্রথম ইনিংছত ভাৰত শক্তিশালী স্থিতিত উপনীত

বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই ভাৰতে প্রথম ইনিংছত শক্তিশালী স্থিতিত উপনীত হৈছে। অপেনাৰ যশস্বী জয়চোৱালৰ অপৰাজিত ১৭৩ ৰাণৰ সহায়ত ভাৰতে দিনান্তত ২ উইকেট হেৰুৱাই ৩১৮ ৰাণ সংগ্ৰহ কৰিছে। দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। যশস্বী...

October 10, 2025 8:23 PM

views 22

মেঘালয় সীমান্তৰ টাপু আৰু খান্দুলি অঞ্চলত কালি মেঘালয়ৰ দুর্বৃত্তৰ আক্ৰমণত এজন গাঁওবাসী নিহত

পশ্চিম কাৰ্বি আংলং জিলাৰ মেঘালয় সীমান্তৰ টাপু আৰু খান্দুলি অঞ্চলত কালি মেঘালয়ৰ দুর্বৃত্তৰ আক্ৰমণত অসমৰ এজন গাঁওবাসী নিহত হোৱাৰ পাছত অঞ্চলটোলৈ নিৰাপত্তা বাহিনীৰ লোকক প্ৰেৰণ কৰা হৈছে। দুয়ো ৰাজ্যৰ সীমাৰ খান্দুলি গেটেৰে আজি যান-বাহনৰ চলাচল বন্ধ থাকে। কালিৰ সংঘৰ্ষৰ পাছত আজি অঞ্চলটোত সকলো দোকান-বজাৰ বন্ধ ...

October 10, 2025 8:21 PM

views 81

মাৰিয়া কোৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ নৱেল বঁটা

ভেনিজুবেলাৰ আইৰণ লেডী মাৰিয়া কোৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ নৱেল বঁটা আগবঢ়োৱা হৈছে। গণতন্ত্ৰ ৰক্ষাৰ বাবে কেইবা দশক ধৰি স্বৈৰাচাৰিতাৰ বিৰুদ্ধে নির্ভিকতাৰে চলাই যোৱা সংগ্ৰামৰ বাবে ভেনিজুৱেলাৰ বৰ্তমাৰ বিৰোধী নেতৃ মাৰিয়া কোৰিনা মাচাডোলৈ শান্তিৰ নবেল বঁটা আগবঢ়োৱা হৈছে। মাৰিয়া কোৰিনা মাচাডোয়ে বিগত ২...

October 10, 2025 8:20 PM

views 36

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে। সভাখনত মাজুলীৰ ৭০ খন ৰাস মঞ্চৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আটচবাজি পৰিহাৰ কৰা মা...

October 10, 2025 8:02 PM

views 24

শিৱসাগৰত সংহত শিশু উন্নয়ন আঁচনিৰ সোণালী জয়ন্তী কাৰ্যসূচী উদযাপন

শিৱসাগৰ নগৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সংহত শিশু উন্নয়ন আঁচনিৰ সোণালী জয়ন্তী কাৰ্যসূচী আজি দৌল প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি তর্পণ, সম্বর্ধনা অনুষ্ঠান আদিৰে আৰম্ভণি হোৱা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ সন্দৰ্ভত আলোচনাৰো আয়োজন কৰা হয়...