October 11, 2025 1:37 PM

views 20

আকাশবাণী গুৱাহাটীৰ আজিৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী, কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী

আকাশবাণীৰ সৈতে সম্পৰ্ক আৰু আকাশবাণীৰ বৰ্তমানৰ অনুষ্ঠানসমূহৰ মান সম্পৰ্কত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আগবঢ়োৱা মতামতে আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব এটা বিশেষ দৃষ্টিপাত। এই অনুষ্ঠানত ভাগ ল’ব বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী,  অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ধ...

October 11, 2025 1:36 PM

views 30

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ইণ্ডোনেছিয়া-চীন

কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ইণ্ডোনেছিয়া চীনৰ মুখামুখি হ'ব। কালি অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ইণ্ডোনেছিয়াই ভাৰতক পৰাস্ত কৰে। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত চীনে জাপানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে ছেমি ফাইনেলত ...

October 11, 2025 1:35 PM

views 28

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ ২৫ জানুৱাৰীত ভাৰত-নিউজিলেণ্ডৰ টি-টুৱেণ্টি মেচ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ এখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ ২৫ জানুৱাৰীত অনুষ্ঠিত হ'ব। শৃংখলাৰ তৃতীয়খন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি অসম ক্রিকেট সংস্থাই কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ভাৰত ভ্ৰমণসূচীত নিউজিলেণ্ডে তিনি...

October 11, 2025 12:39 PM

views 22

ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত সোৱণশিৰি হাট নামৰ বিপনন কেন্দ্ৰ মুকলি

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত সোৱণশিৰি হাট নামৰ এটা বিপনন কেন্দ্ৰ উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ সহযোগত এই বিপনন কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। আত্মসহায়ক গোট ...

October 11, 2025 12:36 PM

views 37

বৰাক উপত্যকাৰ পথ প্ৰকল্পসমূহ অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী কৌশিক ৰায়ৰ সংশ্লিষ্ট বিভাগলৈ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ খাদ্য, গ্রাহক পৰিক্ৰমা, খনিজ আৰু বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে কালি কাছাৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীৰায়ে অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথ প্রকল্পসমূহ অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগ...

October 11, 2025 12:33 PM

views 24

চিৰাং জিলাত অনুষ্ঠিত আদি কর্মযোগী অভিযানৰ কৰ্মশালাৰ সামৰণি

কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহ পিছপৰা অঞ্চল তথা জনজাতীয়লোকে বাস কৰা এলেকাত সঠিকভাৱে ৰূপায়ণ কৰাৰ লক্ষ্যৰে চিৰাং জিলাত যোৱা ৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা বিষয়াসকলৰ কৰ্মশালাৰ কালি সামৰণি পৰে। জনজাতীয় লোকসকলে যাতে চৰকাৰৰ বিকাশমুখী আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জনজাতীয় পৰি...

October 11, 2025 12:15 PM

views 28

চৰকাৰী চাকৰিত দুই লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ দিশে ৰাজ্য চৰকাৰ অগ্ৰসৰ হৈছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত দুই লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে কালি ৭ হাজাৰ ৬৫০ টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰ...

October 11, 2025 12:13 PM

views 10

ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীক গৱেষণা আৰু নীতি সংক্ৰান্তীয় বিষয়ৰ গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ তৃতীয় সমাৱৰ্তনত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনক গৱেষণা আৰু নীতি সংক্ৰান্তীয় বিষয়ত গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। ড০ শর্মাই স্নাতক ডিগ্রী লাভ কৰা শিক্ষার্থীসকলক অভিনন্দন জনাই কয়, যে...

October 11, 2025 12:01 PM

views 39

নতুন দিল্লীত আজি কৃষি আৰু অন্যান্য অনুষংগিক খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এটা বিশেষ কৃষি কাৰ্যসূচীত কৃষি আৰু অন্যান্য অনুষংগিক খণ্ডৰ ৪২ হাজাৰৰো অধিক টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব। কৃষিখণ্ডত শ্রীমোদীয়ে প্রধানমন্ত্ৰী ধন ধান্য যোজনা আৰু দাইল ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি কৰিব। এই...

October 10, 2025 8:49 PM

views 37

নতুন দিল্লীত আজি ড° জয়শংকৰ আৰু আমিৰ খান মুট্টাকীৰ মাজত আলোচনা

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী ড০ এছ জয়শংকৰে যোৱা ২২ এপ্রিলত পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ আফগানিস্তানৰ শলাগ লৈছে। নতুন দিল্লীত আজি ড০ জয়শংকৰ আৰু আফগানিস্তানৰ মৌলবী আমিৰ খান মুট্টাকীৰ মাজত হোৱা আলোচনাত অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত এই কথা প্রকাশ কৰা হয়। দুয়োপক্ষই লগতে অঞ্চল...