October 12, 2025 9:01 PM

views 44

যদিহে পাকিস্তানে সু-সম্পর্ক আৰু শান্তি নিবিচাৰে, তেন্তে আফগানিস্তানৰো অন্য বিকল্প আছে বুলি আফগানিস্তানৰ বিদেশ মন্ত্রীৰ সকীয়নী

আফগানিস্তানৰ বিদেশ মন্ত্রী আমীৰ খান মুক্তাকিয়ে এইবুলি সঁকিয়াই দিছে যে, যদিহে পাকিস্তানে সু-সম্পর্ক আৰু শান্তি নিবিচাৰে, তেন্তে আফগানিস্তানৰো অন্য বিকল্প আছে। দিল্লীত আজি আফগানিস্তান আৰু পাকিস্তানৰ মাজত চলি থকা সংঘর্ষ সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, যে দে...

October 12, 2025 8:54 PM

views 18

মহিলাসকল নিশা ঘৰৰ বাহিৰলৈ ওলাব নালাগে বুলি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ মন্তব্যক লৈ ৰাজনৈতিক প্রতিক্ৰিয়াৰ সৃষ্টি

মহিলাসকল নিশা ঘৰৰ বাহিৰলৈ ওলাব নালাগে বুলি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে দিয়া মন্তব্যক লৈ ৰাজনৈতিক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুর্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্রী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি উঠা অভিযোগ সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা ...

October 12, 2025 8:49 PM

views 101

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে বুধবাৰে বিহাৰৰ বুথ পৰ্য্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময়

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰে বিহাৰৰ বুথ পৰ্য্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমযোগে দলৰ কৰ্মীসকলক মেৰা বুথ সবসে মজবুত অভিযানত অংশগ্রহণ কৰিবলৈ আৰু দিহা-পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে লগতে তেওঁ কেইগৰাকীমান বচা বচ...

October 12, 2025 8:46 PM

views 83

এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে

এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাবড়েই আজি সামাজিক মাধ্যমযোগে কয়, যে বিজেপি আৰু জে ডি ইউ-এ এশ এখনকৈ আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। লোক জনশক্তি পাৰ্টীৰ ৰাম বিলাস গোটে ২৯ খন আৰু ৰাষ্ট্ৰীয় লোকমর্চা তথা হিন্দাস্তানী আৱাম মর্...

October 12, 2025 8:39 PM

views 21

ভাৰতীয় সেনাৰ উদ্যোগত ১৪ অক্টোবৰৰ পৰা নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সামৰিক অভিযানত সহযোগী দেশসমূহৰ সেনাবাহিনীৰ মুৰব্বীসকলৰ সন্মিলন

ভাৰতীয় সেনাই অহা ১৪ অক্টোবৰৰ পৰা নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সামৰিক অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনাবাহিনীৰ মুৰব্বীসকলৰ সন্মিলন অনুষ্ঠিত কৰিব। তিনিদিনীয়াকৈ হ'বলগা এই সন্মিলনত সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী অভিযানৰ সৈতে জড়িত দেশসমূহৰ সেনাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ...

October 12, 2025 8:32 PM

views 37

কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দৰ তিনিদিনীয়া ভাৰত ভ্রমণসূচী

কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দ তিনিদিনীয়া ভ্রমণসূচীৰে আজি নতুন দিল্লী পাবহি। তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমাৰ মন্ত্রী ড০ এছ জয়শংকৰৰ সৈতে আলোচনাত বহিব। বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিয়ছ গোৱেলকো কাইলৈ তেওঁ সাক্ষাৎ কৰিব। এই আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য বৈচিত্র্য, শক্তি ৰূপান্তৰ আৰু নিৰাপত্তাৰ দৰে বিষয়...

October 12, 2025 8:28 PM

views 82

ভাৰত আৰু অস্ট্রেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন সোমবাৰে অস্ট্রেলিয়াৰ পাৰ্থত আৰম্ভ হ’ব

ভাৰত আৰু অস্ট্রেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অস্ত্রাহিন্দ ২০২৫ৰ চতুৰ্থ সংস্কৰণ কাইলে অস্ট্রেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্র্যালয়ে এটা বিবৃতিযোগে কৈছে, যে ২৬ অক্টোবৰত সামৰণি পৰিবলগীয়া এই বার্ষিক অনুশীলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতীয় সেনা বাহিনীৰ এটা ১২৫ জনীয়া দল কালি ৰাওনা হয়। গোর্খা ৰাইফল...

October 12, 2025 8:01 PM

views 33

শুৱালকুছিৰ বুদৰাম মাধৱৰ সত্ৰাধিকাৰ মহাবিদ্যালয়ত সদৌ অসম আন্তঃ মহাবিদ্যালয় তর্ক প্রতিযোগিতা সম্পন্ন

শুৱালকুছিৰ বুদৰাম মাধৱৰ সত্ৰাধিকাৰ মহাবিদ্যালয়ত কালি ৰঞ্জিত চৌধুৰী সোঁৱৰণি সদৌ অসম আন্তঃ মহাবিদ্যালয় তর্ক প্রতিযোগিতা সম্পন্ন হয়। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ গণতান্ত্রিক ব্যৱস্থাৰ পতনে ভাৰতীয় গণতন্ত্ৰৰ প্রতি নৱ প্রজন্মক আস্থাহীন কৰি তুলিব শীর্ষক বিষয়ত এই প্রতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত কে চি দাস কমা...

October 12, 2025 7:58 PM

views 24

ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত ছহিদ মহেন্দ্ৰ লস্কৰৰ শেষকৃত্য সামৰিক মৰ্যদাৰে সম্পন্ন

ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত ছহিদ হোৱা নগাওঁ জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাওঁৰ মহেন্দ্ৰ লস্কৰৰ নশ্বৰ দেহ আজি তেওঁৰ বাসগৃহলৈ অনা হয়। কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱানসকলে সমদল কৰি আনি জোৱানজনলৈ শেষ শ্রদ্ধা জনায়। নগাওঁ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠন আৰু পৰিয়ালৰ লোকসকলে ছহিদ জোৱানজনৰ ...

October 12, 2025 7:51 PM

views 32

বিপন্নপ্রায় প্রজাতিৰ শগুন সংৰক্ষণৰ বাবে ধুবুৰী জিলাৰ মহামায়াৰ ৰাজাপাৰা সংমণ্ডলত বিশেষ পর্যবেক্ষণ

বিপন্নপ্রায় প্রজাতিৰ শগুন সংৰক্ষণৰ বাবে অৰণ্য সুৰক্ষা সমিতি অসমে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি ধুবুৰী জিলাৰ মহামায়াৰ ৰাজাপাৰা সংমণ্ডলত বিশেষ পর্যবেক্ষণ চলোৱা হয়। সংগঠনটোৰ অসমৰ সচিব প্রধান ড° হৰিচৰণ দাসে প্ৰকাশ কৰা মতে, শৰৎ ঋতুত শগুনে বাঁহ সাজে আৰু কণী পাৰিবলৈ প্রয়োজনীয় পৰিবেশৰ সূচনা কৰে। সেয়েহে ...