November 4, 2025 10:51 AM

views 69

■ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে

● চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ আজি কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে। বিমানবন্দৰত বাঁহী বাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনায়৷ ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ লৈ অহা হৈছে। বাসগৃহত আত্মীয়-স্...

November 4, 2025 10:48 AM

views 78

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন

● ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধ...

November 4, 2025 10:44 AM

views 39

■ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতৰ ২গৰাকী অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

◆ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্‌ছ' আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুর্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচ...

November 4, 2025 10:41 AM

views 35

■ দমদমা মহাবিদ্যালয়ত কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত

● দমদমা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত দমদমা মহাবিদ্যালয়ত কালি কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত সমল ব্যক্তি হিচাপে বিশিষ্ট আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱণী বৰা আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্রজিৎ দাস উপস্থিত থাকে। দমদমা মহাবিদ্যালয়ৰ অধ...

November 4, 2025 10:38 AM

views 41

বতৰৰ বতৰা-● অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থাকিব

● অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থাকিব স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী ছেলছ...

November 4, 2025 3:14 PM

views 30

দোহাত সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব গ্ৰহণ

● কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী মনসুখ মন্দাভিয়াই কাটাৰৰ দোহাত আজিৰে পৰা পৰহিলৈকে হ’বলগীয়া সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব গ্ৰহণ কৰিব। এই সন্মিলনৰ সময়ছোৱাত শ্ৰীমন্দাভিয়াই সামাজিক ন্যায়ৰ ক্ষেত্ৰত গোলকীয়া সহযোগিতাৰ বাবে সামগ্ৰিক আৰু সমবিকাশ সন্দৰ্...

November 4, 2025 2:54 PM

views 47

ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC-2025 মুকলি

■ প্ৰযুক্তিৰ ক্ষেত্ৰত বিকাশ ক্ৰমাৎ ঊর্ধগামী হোৱা ভাৰতত সম্প্ৰতি বিশ্বৰ ভিতৰতে সবাতোকৈ সফল ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC-2025 মুকলি কৰি দিয়া ভাষণত তেও...

November 3, 2025 9:51 PM

views 41

শোণিতপুৰৰ জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত নদুৱাৰ বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ পকামূৰা পথাৰত আয়োজিত জনসভাত সমষ্টিটোৰ ৩১ হাজাৰ ৪৫ গৰাকী আত্মসহায়ক গোটৰ সদ...

November 3, 2025 9:49 PM

views 57

জাগীৰোডত নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৮০ শতাংশ কাম সম্পূৰ্ণঃ জিলা আয়ুক্ত

জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে আজি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছিল । আজি ...

November 3, 2025 9:47 PM

views 36

ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, ...