November 11, 2025 8:00 PM

views 46

ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত সংঘটিত আত্মঘাটি বিস্ফোৰণত কমেও ১২ জন লোকৰ মৃত্যু, আহত ২১ জন লোক

পাকিস্তানৰ ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত আজি সংঘটিত এটা আত্মঘাটি বিস্ফোৰণত কমেও ১২ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন ২১ জন লোক আহত হয়। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি ন্যায়ালয়ৰ বাহিৰত ৰখাই থোৱা এখন বাহনত বোমাটো বিস্ফোৰণ হয়। পাকিস্তানে যোৱা কেইবছৰমান ধৰি বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত ...

November 11, 2025 7:56 PM

views 17

জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিতঃ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰ

জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিত বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱত দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতত বাস কৰা জনজাতীয় লোকসকলৰ এটা বৈচিত্ৰ...

November 11, 2025 7:52 PM

views 28

দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত

দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত হৈছে। ৬ টা দল ভাৰত, শ্রীলংকা, আমেৰিকা, নেপল, অষ্ট্ৰেলিয়া আৰু পাকিস্তানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ অহা ২৩ অক্টোবৰত অন্ত পৰিব। শ্ৰীলংকাৰ কলম্বো ত ফাইনেল মেচ...

November 11, 2025 7:50 PM

views 43

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ’ব

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অহা ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্রিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে মন্তব্য কৰিছে। বেংগল ক্রিকেট...

November 11, 2025 7:43 PM

views 33

ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি পৰিছে। আজি খেলখনৰ চতুৰ্থ তথা অন্তিম দিনা অসমে দ্বিতীয় ইনিছংত ৭ উইকেটৰ বিনিময়ত ৩৬৭ ৰাণ সংগ্ৰহ কৰা অৱস্থাত খেলখনৰ সামৰণি পৰে। খেলখনৰ পৰা অসমে ১ পইণ্ট সংগ্ৰহ কৰে। অসমৰ হৈ ডেনি...

November 11, 2025 7:41 PM

views 36

আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত ৫ দিনীয়া জিকিৰ আৰু জাৰি ৰাজ্যৰ ৭টা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত

আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অর্থাৎ আবিলেকৰ উদ্যোগত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা পাঁচদিনীয়া জিকিৰ আৰু জাৰি ৰাজ্যৰ সাতোটা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আবিলেকৰ সঞ্চালক ড০ সুদেষ্ণা ভট্টাচাৰ্যৰ সঞ্চালনাত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাত বিশ্ব...

November 11, 2025 7:39 PM

views 37

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকীল সন্থাৰ আদালত বর্জন কার্যসূচী

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতাৰে আজি গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলে আদালত বর্জন কার্যসূচী অনুষ্ঠিত কৰে। সেই অনুসৰি অধিবক্তাসকল আজি আদালতৰ কাম-কাজৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে। উল্লেখযোগ্য যে ...

November 11, 2025 7:37 PM

views 38

ডিব্ৰুগড় জিলাৰ ১১টা স্থানক আফ্রিকান ছোৱাইন ফিভাৰ মহামাৰীৰ কেন্দ্ৰ হিচাপে চিনাক্ত

ৰাজ্যৰ বিভিন্ন জিলাত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ নিৰ্মূলকৰণৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ ১১টা স্থানক মহামাৰী কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হোৱা শতাধিক গাহৰি বিভাগীয় কৰ্তৃপক্ষই নিধন কৰাৰ লগতে আক্ৰ...

November 11, 2025 7:34 PM

views 69

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজালৈ ৬৭.১৪ শতাংশ ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পুৰ্ণিয়াত সৰ্বাধিক ৭০ শতাংশ ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে । কিষাণগঞ্জ সমষ্টিত বিয়লি ৫ ব...

November 11, 2025 7:25 PM

views 37

ৰহা বিধানসভা সমষ্টিৰ মহিলাসক উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ মহিলাসকলৰ সৰ্বাঙ্গীন কল্যাণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ কৰে। এই উপলক্ষে ৰহা ক্রীড়া সন্থা খেলপথাৰত আয়োজিত জনসভাত দিয়া বাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানৰ পাছতে মুখ...