November 11, 2025 6:57 PM

views 36

বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ’বঃ প্ৰধানমন্ত্ৰী মোদী

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অর্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে৷ এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ ...

November 11, 2025 6:54 PM

views 33

অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্রী

অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয়, যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ-উল্লাস কৰি সন্ত্ৰাসবাদক সমর্থন জনাইছে বুলি তেওঁ কয়। এই...

November 11, 2025 6:52 PM

views 46

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক কৰা হৈছে। নজৰুল ইছলাম বৰভূঞা নামৰ লোকজনে সামাজিক মাধ্যমত বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাছাৰ আৰক্ষীৰ এটা দলে লোকজনক আটক কৰে। ইপিনে বিস্ফোৰণৰ ঘটনাৰ পাছতে কাছাৰ জ...

November 11, 2025 6:47 PM

views 38

ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ’ব

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱলৈ অহা ভকত-বৈষ্ণৱক আদৰিবলৈ সত্ৰখন সাজু হৈ উঠিছে। সত্ৰখনৰ নামঘৰৰ লগতে বৈষ্ণৱসকলৰ বহা আটকধুনীয়াকৈ সজাই তোলা হৈছে। এই মহোৎসৱৰ বাবে মাজুলীলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে।

November 11, 2025 6:44 PM

views 38

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এই পদযাত্ৰা কৰা হয়। পুৱা ৯ বজাত গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাঙ্গন...

November 11, 2025 6:28 PM

views 45

ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ

ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজা পর্যন্ত সমষ্টিটোত ৩২ দশমিক ৫ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩৫৮ টা ভোটকেন্দ্ৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সন্ধিয়া ৭ বজাত এই প্ৰক্...

November 11, 2025 6:25 PM

views 48

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সমষ্টিটোত ১৭ দশমিক ৩ ৩ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩০০ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। উপ-নির্বাচনত ২ লাখ ৫৫ হাজাৰৰো অধিক ভোটদাতাই ভোট...

November 11, 2025 6:23 PM

views 41

দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব আৰু কঠোৰ শাস্তি বিহা হ’বঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰী সিঙে কয়, যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয়, যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ...

November 11, 2025 6:21 PM

views 40

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বঃ সৌৰভ গাংগুলী

ভাৰতৰ জাতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ কয়, যে ভাৰতীয় বাতাবৰণত খেলাটো ইমান সহজসাধ্য নহয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰৰ পৰা ক’লকা...

November 11, 2025 6:18 PM

views 38

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে। এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পার্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ ...