May 31, 2024 6:51 PM

views 38

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ গৰাকীতকৈ অধিক লোক ৰোগাক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ঔৰংগাবাদ জিলাৰ তাপমাত্রা ৪৮ ডিগ্ৰী ছেলছিয়াছ অতিক্রম কৰাৰ লগতে জিলাখনত ১২ গৰাকী লোকৰ মৃত্যু হয়। ইপিনে, ভোজপুৰ জিলাত ছগৰাকী তথা ৰোহতাছ আৰু জেহানাবাদ জি...

May 31, 2024 6:46 PM

views 32

আজিৰ পৰা মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পঞ্জাৱৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাবলৈ আৰম্ভ কৰিব বুলি বিভাগটোৱে সদৰি কৰিছে। অহা চা...

May 31, 2024 6:44 PM

views 38

কৰ্ণাটকৰ হাছানৰ জে ডি এছৰ সাংসদ প্ৰজ্বল ৰেৱান্নাক যৌন আতিশায্যৰ অভিযোগত গ্ৰেপ্তাৰ

কৰ্ণাটকৰ হাছানৰ জে ডি এছৰ সাংসদ প্ৰজ্বল ৰেৱান্নাক যৌন আতিশায্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মিউনিকৰ পৰা কালি নিশা বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷ বিশেষ অনুসন্ধানকাৰী গোটে প্ৰজ্বল ৰেৱান্নাক নিজৰ জিম্মাত লোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁক আদালতত হাজি...

May 31, 2024 6:41 PM

views 35

পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন কৰে। তিৰুমালা তিৰুপতি দেৱস্থানমৰ কাৰ্যবাহী বিষয়া ধৰ্ম ৰেড্ডী, মুখ্য পুৰোহিত তথা আন বিষয়াসকলে তেওঁলোকক আদৰণি জনায়। শ্রী শ্বাহে মন্দিৰ দৰ্শন কৰি ভগৱান শ্ৰী ৱেংকটেশ্বৰৰ আশীৰ্বাদ লয়।

May 31, 2024 6:34 PM

views 33

লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বৰ্তমানলৈ আয়কৰ বিভাগে ১,১০০ কোটি টকা নগদ ধন আৰু আ-অলংকাৰ জব্দ কৰিছে

আয়কৰ বিভাগে সাম্প্রতিক লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বৰ্তমানলৈ অভিলেখ পৰিমাণৰ নগদ ধন ১,১০০ কোটি টকা আৰু আ-অলংকাৰ জব্দ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ৰ তুলনাত এই পৰিমাণ ১৮২ শতাংশ অধিক। বিভাগীয় তথ্য অনুসৰি পূৰ্বৰ নিৰ্বাচনটোৰ সময়ত জব্দ কৰা নগদ ধনৰ পৰিমাণ আছিল ৩৯০ কোটি...

May 31, 2024 8:40 PM

views 30

৪ জুনত হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

File Photo Akashvani GHY ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত স্থাপিত ৫২ টা ভোটগণনা কেন্দ্ৰত অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ...

May 31, 2024 6:06 PM

views 27

কাইলৈ সপ্তম তথা অন্তিম পর্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্রহণ

অষ্টাদশ লোকসভা নির্বাচনৰ কাইলৈ সপ্তম তথা অন্তিম পর্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত মুঠ ৯০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদে...

May 31, 2024 6:03 PM

views 35

সমগ্ৰ দেশৰ লগতে অসমতো বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমতো আজি বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পলন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি বিদ্যালয়ে বিদ্যালয়ে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহত সজাগত...

May 31, 2024 5:58 PM

views 36

ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ১৬ জুনৰ পৰা হ’বলগীয়া ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা চেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জিয়ৰী উমা চেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ ...

May 31, 2024 12:36 PM

views 33

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ্জৰিত আবেদন দাখিল কৰা হৈছে। ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু ৩৪ খন জিলাৰ আয়ুক্তলৈ জাননী জাৰি কৰিছে। ডেৰ মাহৰ ভিতৰত এই সন্দৰ্ভত সংশ্লিষ্ট কেউটা পক্ষই শপতনামা দাখ...